পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়

নীলা আকাশৰ বাবে প্ৰথম আন্তৰ্জাতিক স্বচ্ছ বায়ু দিৱসত এক ৱেবিনাৰৰ অধ্যক্ষতা কৰিব শ্ৰী প্ৰকাশ জাভাড়েকাৰে

Posted On: 06 SEP 2020 7:16PM by PIB Guwahati

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভাড়েকাৰে কাইলৈ ৭ ছেপ্টেম্বৰ,২০২০ত নীলা আকাশৰ বাবে প্ৰথম আন্তৰ্জাতিক বায়ু দিৱস উপলক্ষে অনুষ্ঠিত হবলগীয়া এক ৱেবিনাৰৰ অধ্যক্ষতা কৰিব।

 

শ্ৰী জাভাড়েকাৰে এই ৱেবিনাৰৰ সময়ত ৰাষ্ট্ৰীয় স্বচ্ছ বায়ু কাৰ্যক্ৰম(এনচিএপি)ৰ অধীনত চলি থকা বিভিন্ন কাৰ্য-কলাপৰ প্ৰগতিৰ সমীক্ষাও কৰিব। ৱেবিনাৰত লাইভ যোগদানৰ বাবে লিংক তলত উল্লেখ কৰা হল

https://youtu.be/IHDTNbaAZ2c

 

এই ৱেবিনাৰত ২৮ ৰাজ্য আৰু ৮কেন্দ্ৰীয় শাসিত অঞ্চলৰ নগৰ উন্নয়ন বিভাগ আৰু পৰিৱেশ বিভাগৰ মুখ্য সচিবসকল উপস্থিত থাকিব। এনচিএপিত চিহ্নিত কৰা ১২২ চহৰৰ আয়ুক্তসকলেও এই ৱেবিনাৰত অংশ লব।

 

লক্ষ্যণীয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই বছৰ স্বাধীনতা দিৱসত লালকিল্লাৰ প্ৰাচীৰৰ পৰা কৰা সম্বোধনত ১০০খন চহৰত বায়ুৰ গুণাগুণৰ সামগ্ৰিক উন্নয়নৰ আৱশ্যকতাৰ ওপৰত দোহাৰিছিল।

 

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯ডিচেম্বৰ,২০১৯ত ২০২০বৰ্ষৰ পৰা প্ৰতি বছৰে ৭ছেপ্টম্বৰত নীলা আকাশৰ বাবে আন্তৰ্জাতিক স্বচ্ছ বায়ু দিৱস উদযাপনৰ সংকল্প লৈছিল।

 

 ******

GK/KG



(Release ID: 1651895) Visitor Counter : 107