মহাকাশ দপ্তৰ

চন্দ্ৰৰ ওপৰত পৃথিৱীৰ বায়ুমণ্ডলৰ সাম্ভাব্য প্ৰভাৱৰ ইংগিত বহণ কৰিছে ‘চন্দ্ৰযান-১’য়ে প্ৰেৰণ কৰা ফটোৱে

Posted On: 06 SEP 2020 6:12PM by PIB Guwahati

চন্দ্ৰৰ মেৰু অঞ্চলত সম্ভৱতঃ মামৰৰ উপস্থিতি থাকিব পাৰে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো-ৰ প্ৰথম চন্দ্ৰ অভিযানে প্ৰেৰণ কৰা ফটোৰ আঁত ধৰি এই সম্ভাৱনা প্ৰকাশ কৰিছে কেন্দ্ৰীয় উত্তৰ পূৰ্বাঞ্চল উন্নয়ণ বিভাগ(ডনাৰ)ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী তথা প্ৰধানমন্ত্ৰী কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক আৰু মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে। তেওঁ কয়, ইমান দিনে জনা তথ্য মতে চন্দ্ৰপৃষ্ঠ লো সমৃদ্ধ শিলৰে পৰিপূৰ্ণ, যদিও লোত মামৰ উত্পন্ন হোৱাৰ বাবে পানী আৰু অক্সিজেনৰ প্ৰয়োজন হয়।

এই সন্দৰ্ভত নেশ্যনেল এৰনটিক্ছ এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন(নাছা)ৰ বিজ্ঞানীসকলে সম্ভাৱনা প্ৰকট কৰি কয় যে এয়া হয়তো পৃথিৱীৰ বায়ুমণ্ডলৰ প্ৰভাৱতে সম্ভৱ হৈছে। আন কথাত, তেওঁলোকে পৃথিৱীৰ বায়ুমণ্ডলেই চন্দ্ৰকো সুৰক্ষা প্ৰদান কৰি আহিছে বুলি সম্ভাৱনা প্ৰকাশ কৰিব খুজিছে। যি কি নহওক, চন্দ্ৰযান-১য়ে প্ৰেৰণ কৰা তথ্যই চন্দ্ৰৰ মেৰু অঞ্চলত পানীৰ থকাৰ ইংগিত বহণ কৰিছে বুলিয়ে বিজ্ঞানীসকলে কব খুজিছে।

ইফালে, চন্দ্ৰযান-৩ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী ড০ সিঙে কয় যে, যানখনৰ উত্ক্ষেপণ ২০২১চনৰ প্ৰথম ভাগতে সম্ভৱ হব পাৰে। চন্দ্ৰযান-২ৰ উদ্দেশ্যকে চন্দ্ৰযান-৩য়েও সাৰোগত কৰিব। অৱশ্যে, চন্দ্ৰযান-৩লেণ্ডাৰ আৰু ভাৰ চন্দ্ৰযান-২ৰ দৰেই একে থাকিব যদিও এইখন যানত অৰ্বিটাৰ নাথাকিব।

ইয়াৰ মাজতে ভাৰতৰ প্ৰথমটো মানৱ মাহাকাশ অভিযান গগণযান-ৰ প্ৰস্তুতি পূৰ্ণগতিত অব্যাহত আছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ বাবে প্ৰয়োজন হোৱা প্ৰশিক্ষণ আৰু আনুষংগিক কাৰ্যক্ৰমসমূহো অব্যাহত আছে বুলি তেওঁ জানিবলৈ দিয়ে।

ভিড মহামাৰীৰ ফলত পৰিকল্পনা অনুযায়ী গগণযানৰ কাম-কাজ চলাই যাওতে কিছু বাধাৰ সন্মুখীন হবলগীয়া হৈছিল যদিও নিৰ্দ্ধাৰিত সময়সূচী ২০২২ৰ ভিতৰতে যানখনৰ উত্ক্ষেপণ সম্ভৱ কৰি তোলাৰ বাবে সকলো প্ৰয়াস অব্যাহত ৰখা হৈছে বুলিও তেও উল্লেখ কৰে। 

*****

SNC/KB



(Release ID: 1651889) Visitor Counter : 152