বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

‘২০১৯বৰ্ষৰ ব্যৱসায়ীক সংস্কাৰ কৰ্ম পৰিকল্পনা’ৰ ৰূপায়ণত দেখুওৱা পাৰদৰ্শিতাৰ আধাৰত যুগুত কৰা ৰাজ্যসমূহৰ স্থান তালিকা ঘোষণা

‘ৰাজ্যিক সংস্কাৰ কৰ্ম পৰিকল্পনা ২০১৯’ৰ ৰূপায়ণত শীৰ্ষত অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু তেলেংগাণা

ৰাজ্যিক স্থানাংকই বিনিয়োগ আকৰ্ষিত কৰা, সুস্থ প্ৰতিযোগিতাক উত্সাহিত কৰাৰ লগতে প্ৰতিখন ৰাজ্যত স্বাচ্ছন্দ্যৰে ব্যৱসায় কৰাৰ সুবিধা প্ৰদান কৰিব

Posted On: 05 SEP 2020 5:53PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত তথা কৰ্পোৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি চতুৰ্থ সংখ্যক ব্যৱসায়ীক সংস্কাৰ কৰ্ম পৰিকল্পনা(বিআৰএপি)ৰ ৰূপায়ণত দেখুউৱা পাৰদৰ্শিতাৰ ভিত্তিত যুগুত কৰা তালিকাখন প্ৰকাশ কৰে।

এই অনুষ্ঠানত ৰেল আৰু বাণিজ্য তথা উদ্যোগ বিভাগৰ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল, বাণিজ্য তথা উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা গৃহ নিৰ্মাণ আৰু চহৰ পৰিক্ৰমা তথা অসামৰিক বিমান পৰিবহণ বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী, বাণিজ্য তথা উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সোম প্ৰকাশ, উত্তৰাখণ্ড আৰু ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীদ্বয়, জম্মু আৰু কাশ্মীৰ আৰু লাডাখৰ উপ ৰাজ্যপালদ্বয়, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উদ্যোগ মন্ত্ৰীসকল আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

ব্যৱসায়ীক সংস্কাৰ কৰ্ম পৰিকল্পনাৰ ৰূপায়ণ ভিত্তিক পাৰদৰ্শিতাত ৰাজ্যসমূহৰ স্থান নিৰ্ণয়ৰ পৰম্পৰা ২০১৫ চনৰ পৰা আৰম্ভ হৈছিল। এই পৰ্যন্ত ২০১৫, ২০১৬ আৰু ২০১৭-১৮ বৰ্ষৰ তালিকা ঘোষণা কৰা হৈছিল। ২০১৮-১৯ বৰ্ষৰ ব্যৱসায়ীক সংস্কাৰ পৰিকল্পনাত ১২খন ব্যৱসায়ীক নিয়ামককে ধৰি তথ্য অৱগতকৰণ, ছিংগল উইণ্ড পদ্ধতি, শ্ৰম, পাৰিপাৰ্শ্বিকতাৰ দৰে ১৮০টা প্ৰসংগত সংস্কাৰ অন্তৰ্ভুক্ত কৰা হৈছিল। ৰাজ্যিক স্থানাংকই বিনিয়োগ আকৰ্ষিত কৰা, সুস্থ প্ৰতিযোগিতাক উত্সাহিত কৰাৰ লগতে প্ৰতিখন ৰাজ্যত স্বাচ্ছন্দ্যৰে ব্যৱসায় কৰাৰ সুবিধা প্ৰদান কৰিব।

ভাৰতে যে সংস্কাৰৰ প্ৰসংগক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে সেই কথা কভিড-১৯ মহামাৰীৰ সময়তো, আনকি কঠোৰতম লকডাউন-ৰ মাজতো ভাৰতলৈ বোৱা বিদেশী প্ৰত্যক্ষ বিনিয়োগৰ হাৰ বৃদ্ধিৰ তথ্যই প্ৰতিপন্ন কৰিছে। কেতবোৰ ৰাজ্যই কৰ্ম পৰিকল্পনাৰ প্ৰস্তুতিৰ লগতে ৰূপায়ণৰ ক্ষেত্ৰতো বিশেষ তত্পৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। দৰাচলতে ৰাজ্যসমূহে ৰাজ্যিক ব্যৱসায়ীক সংস্কাৰ কৰ্ম পৰিকল্পনাৰ অন্তৰ্নিহিত উদ্দেশ্যক বাৰুকৈয়ে হৃদয়ংগম কৰিছে বুলি তেওঁৰ বক্তব্যত অভিমত ব্যক্ত কৰে শ্ৰীমতী সীতাৰমণে।

স্বাচ্ছন্দ্যৰে ব্যৱসায়ৰ সুবিধা প্ৰদানত দেখুউৱা পাৰদৰ্শিতাৰ ভিত্তিত ৰাজ্যসমূহৰ স্থান নিৰ্ণায়ক তালিকা প্ৰকাশ কৰা কথাই ৰাজ্যসমূহৰ প্ৰয়াসকে প্ৰতিফলিত কৰিছে। এই তালিকাৰ স্থানংক প্ৰতিযোগিতামূলক। ৰাজ্যভিত্তিক স্থান-নিৰ্ণয় কৰা পৃথিৱীৰ নামমাত্ৰ কেইখন মান দেশৰ মাজত ভাৰতো আছে। ইয়ে সামগ্ৰিক ভাবে ৰাষ্ট্ৰৰ স্থান উন্নত কৰাত সহযোগিতা আগবঢ়াব বুলি অভিমত ব্যক্ত কৰে শ্ৰী পীয়ুষ গোৱেলে।

ৰাজ্যিক সংস্কাৰ কৰ্ম পৰিকল্পনা ৰূপায়ণত পাৰদৰ্শিতা প্ৰদৰ্শনত শীৰ্ষৰ ১০খন ৰাজ্য:

  1. অন্ধ্ৰ প্ৰদেশ
  2. উত্তৰ প্ৰদেশ
  3. তেলেংগাণা
  4. মধ্য প্ৰদেশ
  5. ঝাৰখণ্ড
  6. চত্তিশগড়
  7. হিমাচল প্ৰদেশ
  8. ৰাজস্থান
  9. পশ্চিম বংগ
  10. গুজৰাট

 

ৰাজ্যৰ স্থান-ৰাজ্য বিআৰএপি ২০১৯

প্ৰদৰ্শক : ৰাজ্য বিআৰএপি ২০১৯

******

 

YB/AP/KB



(Release ID: 1651720) Visitor Counter : 248