প্ৰতিৰক্ষা মন্ত্ৰালয়

উত্তৰ ছিকিমৰ পৰা চীনা নাগৰিকক উদ্ধাৰ ভাৰতীয় সেনাৰ

प्रविष्टि तिथि: 05 SEP 2020 2:00PM by PIB Guwahati

ভাৰতীয় সেনা বাহিনীয়ে আজি উত্তৰ চিকিমৰ পৰা একাধিক চীনা নাগৰিকক উদ্ধাৰ কৰিছে। ৩ চেপ্টেম্বৰত উত্তৰ চিকিমত ১৭,৫০০ ফুট উচ্চতাত চীনৰ ৩ নাগৰিকৰ বাবে সাহায্যৰ হাত আগবঢ়ায় ভাৰতীয় সেনা বাহিনীয়ে। চীনা নাগৰিকসকলে উত্তৰ চিকিমৰ উপত্যকাত পথ হেৰুৱাই পেলাইছিল।

এইসকলৰ ভিতৰত ২ জন পুৰুষ আৰু ১ গৰাকী মহিলা। এই তিনিগৰাকী লোকৰ প্ৰাণৰ সংশয় বুজি পাই ভাৰতীয় সেনা বাহিনীয়ে তেওঁলোকৰ কাষ চাপে। উচ্চতম স্থানত অত্যন্ত প্ৰতিকূল পৰিস্থিতিত ভাৰতীয় সেনা বাহিনীয়ে তেওঁলোকক অক্সিজেন, খাদ্য আৰু গৰম পোচাক দিয়ে সহায় কৰে।

ইয়াৰ পিছত সেনা বাহিনীৰ সদস্যসকলে চীনৰ এই নাগৰিকসকলক গন্তব্য স্থানত উপস্থিত হোৱাৰ ক্ষেত্ৰত সহায় কৰে। বিপদত পৰা এই তিনি নাগৰিকে, ভাৰত আৰু ভাৰতীয় সেনা বাহিনীৰ ক্ষীপ্ৰ তৎপৰতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

AA/BSC/KC/RD


(रिलीज़ आईडी: 1651719) आगंतुक पटल : 197
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Odia , Tamil