প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মাননীয় ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে কাইলৈ এনইপি-২০২০ বিষয়ত ৰাজ্যপালৰ সন্মিলনত ভাষণ প্ৰদান কৰিব

Posted On: 06 SEP 2020 8:00AM by PIB Guwahati

ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দ আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৭ ছেপ্টেম্বৰ ২০২০ তাৰিখে পুৱা ১০.৩০ বজাত ভিডিঅ’ কনফাৰেন্সযোগে ৰাষ্ট্ৰীয় শিক্ষা নীতি বিষয়ত ৰাজ্যপালৰ সন্মিলনৰ মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰিব৷

সন্মিলনখনৰ শিৰোনাম হৈছে ‘‘উচ্চ শিক্ষাৰ ৰূপান্তৰণত এনইপি-২০২০ৰ ভূমিকা’’ আৰু ইয়াৰ পৃষ্ঠপোষকতা কৰিছে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে৷

১৯৮৬ চনত ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰৱৰ্তন হোৱা ৩৪ বছৰৰ পিছত এনইপি-২০২০ৰ সূচনা কৰা হৈছে৷ এনইপি-২০২০ৰ দ্বাৰা বিদ্যালয় আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন সাধনৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ দ্বাৰা ভাৰতক এক সমমানৰ তথা অনুনাদশীল জ্ঞান সমাজৰ দিশত অগ্ৰসৰ কৰোৱাৰ প্ৰয়াস কৰা হৈছে৷ ভাৰতক বিশ্বৰ ছুপাৰপাৱাৰলৈ পৰিৱৰ্তন কৰাৰ দিশত ভাৰতকেন্দ্ৰিক শিক্ষা ব্যৱস্থাৰ অৱদানক ইয়াত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে৷

এনইপিৰ জৰিয়তে দেশৰ শিক্ষা ব্যৱস্থাত এক শৈক্ষিক জাগৰণ অনাৰ প্ৰয়াস কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰত সৃষ্টি কৰাৰ ক্ষেত্ৰত এক প্ৰাণোচ্চল শৈক্ষিক পৰিবেশতন্ত্ৰ গঢ়াৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সন্দৰ্ভত বিভিন্ন ৱেবিনাৰ, ভাৰ্চুৱেল সন্মিলনৰ আয়োজন কৰা হৈছে৷

শিক্ষা মন্ত্ৰালয় আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে ‘‘ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ অধীনত উচ্চ শিক্ষাৰ ৰূপান্তৰণশীল পৰিৱৰ্তন’’ৰ সন্মিলনৰ আয়োজন কৰিছিল আৰু ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰিছিল৷

৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যপালৰ সন্মিলনত সকলো ৰাজ্যৰ শিক্ষা মন্ত্ৰী, ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব৷

মাননীয় ৰাষ্ট্ৰপতি তথা প্ৰধানমন্ত্ৰীৰ ভাষণ ডিডি নিউজত লাইভ সম্প্ৰচাৰ কৰা হ’ব৷

*******

VRRK/SH/MANN



(Release ID: 1651715) Visitor Counter : 188