মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

‘শিক্ষক দিৱস’ত ৪৭গৰাকী শিক্ষকলৈ ‘ভাৰ্ছুৱেল’ ব্যৱস্থাৰে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোৱিন্দে

Posted On: 04 SEP 2020 5:50PM by PIB Guwahati

ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোৱিন্দে কাইলৈ নতুন দিল্লীত ভাৰ্ছুৱেল ব্যৱস্থাৰে শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাসমূহ প্ৰদন কৰিব। অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পোখ্ৰিয়াল নিশাংক আৰু বিভাগটোৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় ধোত্ৰেও উপস্থিত থাকিব। শিক্ষক দিৱসত দেশৰ একাংশ শিক্ষকক তেওঁলোকে আগবঢ়োৱা উত্তম সেৱা আৰু দেশৰ বিদ্যালয় শিক্ষা ব্যৱস্থাটোৰ উত্তৰোত্তৰ উন্নতি সাধনত অৰিহণা আগবঢ়োৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনকো উজলাই তোলাৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰি অহা হৈছে।

ৰাষ্ট্ৰীয় বঁটাৰ বাবে শিক্ষকৰ নিৰ্বাচনী ব্যৱস্থাটোৰ বিধি-নিয়ম ২০১৮চনত পুনৰীক্ষণ কৰা হৈছিল। নতুন ব্যৱস্থা অনুসৰি সমগ্ৰ প্ৰক্ৰিয়াটো তিনিটা পৰ্যায়ত স্বচ্ছতাৰে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰ্বাচক মণ্ডলীৰ অন্তৰ্ভুক্তিৰে আৰু অনলাইন ব্যৱস্থাৰে পৰিচালিত কৰাৰ দিহা কৰা হৈছিল। সেই অনুসৰি-

 

  1. mhrd.gov.in-ত শিক্ষকসকলে নিজাববীয়াকৈ মনোনয়ন দাখিল কৰিব লাগে
  2. এই মনোনয়নৰ বাবে সকলো শিক্ষকেই যোগ্য বিবেচিত হয়। ইয়াৰ বাবে সেৱা আগবঢ়োৱাৰ কোনোধৰণৰ ন্যূনতম কাৰ্যকাল প্ৰয়োজন নহয়
  3. চূড়ান্ত নিৰ্বাচনৰ বেলিকা কোনো ৰাজ্য কিম্বা কেন্দ্ৰীয় শাসিত অঞ্চল অথবা সংস্থাৰ বাবে সংৰক্ষণৰ কোনো ব্যৱস্থা নাই
  4. ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল তথা সংস্থাসমূহৰ পৰা পোৱা তালিকাৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰ্বাচক মণ্ডলীয়ে চূড়ান্ত পৰ্যায়ৰ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন কৰে
  5. বঁটাৰ সংখ্যা ৪৫টা কৰা হৈছে(অৱশ্যে নিৰ্বাচকমণ্ডলীয়েবিশেষভাবে সক্ষম শ্ৰেণীৰ শিক্ষকসকলৰ মাজৰ পৰা ২গৰাকী শিক্ষকক অতিৰিক্ত ভাবে নিৰ্বাচিত কৰিব পাৰে)

 

কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষা বিভাগৰ অৱসৰী সচিবৰ নেতৃত্বত গঠিত স্বতন্ত্ৰ নিৰ্বাচক মণ্ডলীয়ে ২০২০বৰ্ষৰ শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে চূড়ান্ত তালিকা প্ৰস্তুত কৰিছে। এই বছৰ নিৰ্বাচিত কৰা শিক্ষকসকলে অনলাইন ব্যৱস্থাৰে নিৰ্বাচকমণ্ডলীৰ সন্মুখীন হয় আৰু তেওঁলোকৰ যাৱতীয় প্ৰদৰ্শন দাঙি ধৰে। এইবেলি ৪৭গৰাকী শিক্ষকক বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

 

National Awards to Teachers will be streamed live on 5th September, 2020 at 11 am on the link below:

https://webcast.gov.in/mhrd

*****

MC/AKJ/Ak/KB



(Release ID: 1651460) Visitor Counter : 145