বিত্ত মন্ত্ৰালয়

ঋণ একাউণ্টবোৰৰ ক্ষীপ্ৰ সমাধান আৰু জৰুৰীকালীন ক্ৰেডিট টলাইন গেৰাণ্টী আঁচনি (ECLGS), আংশিক ক্ৰেডিট গেৰাণ্টি আঁচনি (PCGS) ২.০ তথা ছাবঅৰ্ডিনেট ঋণ আঁচনিৰ অগ্ৰগতিৰ সমীক্ষাৰ বাবে ঋণদাঁতাসকলৰ সৈতে বিশেষ বৈঠক বিত্তমন্ত্ৰীৰ

Posted On: 03 SEP 2020 3:46PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে ক’ভিড-১৯ ৰ প্ৰভাৱৰ পৰা ৰক্ষা পাবৰ বাবে ঋণ সমাধান ব্যৱস্থা কাৰ্যকৰীকৰণৰ বাবে ঋণদাঁতাসকলৰ প্ৰস্তুতিৰ স্থিতিৰ বুজ ল’বৰ বাবে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে তালিকাভুক্ত বাণিজ্যিক বেংক আৰু NBFC ৰ প্ৰধান বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয়। এই আলোচনাতে শ্ৰীমতী সীতাৰমণে ঋণদাঁতাসকলক এই কথা বুজায় যে যেতিয়া ঋণ আদায়ৰ সময়সীমা পাৰ হৈ যাব, তেতিয়া ঋণগ্ৰহীতাক নিশ্চিতভাৱে প্ৰয়োজনীয় সহায়-সহযোগ প্ৰদান কৰিব লাগিব আৰু ক’ভিড-১৯ সংক্ৰান্তীয় সংকটৰ বাবে ঋণদাতাৰ দ্বাৰা ঋণগ্ৰহীতাৰ ঋণ লাভৰ যোগ্যতা প্ৰভাৱিত হ’ব নালাগে। বিত্তমন্ত্ৰীয়ে এই আলোচনাকালত নিম্নোল্লিখিত দিশবোৰৰ ওৰত গুৰুত্ব প্ৰদান কৰে -

  • ঋণদাতাসকলে তাৎক্ষণিক সমাধানৰ বাবে ব’ৰ্ডৰ দ্বাৰা অনুমোদিত নীতিৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰক, ঋণ গ্ৰহীতাক চিনাক্ত কৰক আৰু তেওঁৰ সৈতে যোগাযোগ কৰক।
  • প্ৰতিটো ব্যৱহাৰ্য বা লাভজনক ব্যৱসায়ৰ পুনৰুদ্ধাৰৰ বাবে ঋণদাতাই কোনো দীৰ্ঘম্যাদী সমাধান যোজনাক তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰক।
  • বিত্তমন্ত্ৰীয়ে এই কথাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰে যে ঋণদাতাসকলৰ দ্বাৰা সমাধান আঁচনিবোৰ ১৫ ছেপ্তেম্বৰ, ২০২০ তাৰিখৰ ভিতৰত আৰম্ভ কৰি দিব লাগে, আৰু ইয়াৰ পিছতেই এই সংক্ৰান্তীয় সজাগতা সৃষ্টিৰ বাবে প্ৰচাৰ অভিযান আৰম্ভ কৰিব লাগে। তেওঁ ঋণদাতাসকলক এই কথা সুনিশ্চিত কৰিবলৈও পৰামৰ্শ দিছে যে সমাধানৰ ৰূপৰেখা বা ব্যৱস্থাৰ আধাৰত নিয়মিত ৰূপত আপডেট কৰা FAQ হিন্দী, ইংৰাজী তথা আঞ্চলিক ভাষাতো তেওঁলোকৰ নিজ নিজ ৱেবছাইটত উপলব্ধ কৰাব লাগে আৰু তেওঁলোকৰ কাৰ্যালয় তথা শাখা কাৰ্যালয়সমূহলৈ প্ৰেৰণ কৰিব লাগে।

ঋণদাঁতাসকলে এই কথা নিশ্চিতি দিছে যে তেওঁলোকৰ সমাধান নীতিবোৰ সাজু আছে, ঋণ গ্ৰহীতা ব্যক্তিসকলৰ চিনাক্তকৰণ আৰু তেওঁলোকৰ কাষলৈ যোৱাৰ প্ৰক্ৰিয়াও ইতিমধ্যে আৰম্ভ কৰি দিয়া হৈছে। ঋণদাঁতাসকলে এই কথাও আশ্বাস প্ৰদান কৰিছে যে তেওঁলোকে ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI) ৰ দ্বাৰা নিৰ্ধাৰণ কৰা সময়সীমাও পালন কৰিব।

 

বিত্ত মন্ত্ৰালয়ে এই কথাও নিশ্চিত কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে আলোচনা কৰি আছে যে আৰবিআই সংক্ৰান্তীয় সমাধান প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো ঋণদাঁতাসকলে যেন প্ৰয়োজনীয় সহায় লাভ কৰিব পাৰে।

বিত্তমন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অংশ হিচাপে ঘোষণা কৰা ECLGS, PCGS 2.0 আৰু ছাবঅ’ৰ্ডিনেট ঋণ আঁচনিৰ অধীনত বিভিন্ন ঋণতদাঁতাৰ দ্বাৰা আহৰণ কৰা অগ্ৰগতিৰো খতিয়ান লয় আৰু ইয়াৰ লগতে উৎসৱৰ বতৰৰ পূৰ্বে ঋণগ্ৰহীতাসকলক যথাসম্ভৱ সৰ্বোচ্চ পৰিমাণৰ ৰেহাই বা সকাহ প্ৰদান কৰাৰ বাবে পৰামৰ্শও দিয়ে। ECLGS ৰ অধীনত ৩১ আগষ্ট, ২০২০ পৰ্যন্ত ১.৫৮ লাখ কোটি টকাৰ ঋণ মঞ্জুৰি দিয়া হৈছে, য’ত ১.১১ লাখ কোটি টকাতকৈও অধিক ধন ইতিমধ্যেই বিতৰণ কৰা হৈছে। ইফালে PCGS 2.0 ৰ অধীনত এতিয়ালৈ ৰাজহুৱা খণ্ডৰ বেংকৰ দ্বাৰা ক্ৰয় কৰিবৰ বাবে ২৫,০৫৫.৫ কোটি টকাৰ ব’ণ্ড/CP লৈ স্বীকৃতি প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ১৩,৩১৮.৫ কোটি টকা, যিখিনি প’ৰ্টফ’লিঅ’ৰ ৫৩% তকৈও অধিক, AA - তকৈ কম ৰেটিং থকা ব’ণ্ড/CP ৰ সৈতে সম্বন্ধীয়। এনেধৰণে এই আঁচনি কম ৰেটিংৰ ব’ণ্ড/CP ৰ বাবে ব্যাপক গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

বিত্তমন্ত্ৰীয়ে লকডাউনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা আৰু আত্মনিৰ্ভৰ ভাৰতৰ সৈতে সম্বন্ধীয় উপায়বোৰৰ কাৰ্যকৰী ৰূপায়ণত বেংক আৰু NBFC ৰ প্ৰয়াসক উচ্চ প্ৰসংশা কৰে। বিত্তমন্ত্ৰীয়ে কোম্পানী তথা ব্যৱসায়ীসকলৰ লগতে ব্যক্তিগত ঋণগ্ৰহীতাসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবৰ বাবে আৰু ক’ভিড-১৯ সংক্ৰান্তীয় সংকটৰ বাবে সহায়ৰ বাবে আহ্বান জনোৱা ব্যৱসায়ীসকলক পুনৰ স্থাপিত কৰাৰ প্ৰয়াসক ক্ষীপ্ৰতৰ কৰি তোলাৰ বাবেও ঋণদাঁতাসকলক আহ্বান জনায়।

 

***

RM.KMN/RD



(Release ID: 1651199) Visitor Counter : 219