ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙক সাক্ষাৎ লেফটেনেণ্ট গৱৰ্ণৰ আৰ কে মাথুৰৰ

Posted On: 03 SEP 2020 7:34PM by PIB Guwahati

লাডাখৰ লেফটেনেণ্ট গৱৰ্ণৰ আৰ কে মাথুৰে আজি ড’নাৰ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙক সাক্ষা কৰি কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ ব্যাপক উন্নয়ন সম্পৰ্কীয় দিশবোৰ আলোচনা কৰে৷

বিভিন্ন প্ৰকল্পৰ সন্দৰ্ভত আলোচনা কৰি ড০ জিতেন্দ্ৰ সিঙে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাডাখ আৰু সীমান্তৱৰ্তী অঞ্চলৰ উন্নয়নত সৰ্বাধিক অগ্ৰাধিকাৰ দি আহিছে৷ তেওঁ কয় যে মোদী চৰকাৰে প্ৰথমবাৰলৈ লাডাখত এখন বিশ্ববিদ্যালয়, মেজিকেল কলেজ আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰিছে৷

শ্ৰী মাথুৰে প্ৰধানমন্ত্ৰী মোদীয়ে লাডাখক কাৰ্বনমুক্ত হিচাপে গঢি তোলাৰ বাবে কৰা ঘোষণাৰ পাছত বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চলটোত গ্ৰহণ কৰা নীতি আৰু কাৰ্য পৰিকল্পনাৰ শেহতীয়া তথ্য আৰু ‘লাডাখ ভিজন ২০৫০’ৰ সন্দৰ্ভত অৱগত কৰে৷

ইফালে লাডাখৰ বাবে ৫০ কোটিৰ বিশেষ পেকেজৰ প্ৰসংগত শ্ৰী মাথুৰে কয় যে প্ৰথমবাৰলৈ দেশৰ কোনো কেন্দ্ৰীয় চৰকাৰে ইমান উদাৰভাৱে অঞ্চলটোৰ বিভিন্ন প্ৰকল্পৰ বাবে এনে অনুদান আগবঢ়াইছে৷ শ্ৰী মাথুৰে লাডাখৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অন্যান্য পদক্ষেপসমূহো অভূতপূৰ্ব বুলি উল্লেখ কৰি এই ক্ষেত্ৰত ড০ জিতেন্দ্ৰ সিঙে বিগত সময়ত বিভিন্ন মন্ত্ৰালয়ৰ সৈতে সমন্বয় ৰক্ষা কৰাত একেৰাহে আগবঢ়াই অহা সমৰ্থনৰ বাবে ধন্যবাদ জনায়৷

<><><><><>

SNC/DB



(Release ID: 1651192) Visitor Counter : 176