গ্ৰামোন্নয়ণ মন্ত্ৰালয়

বেঙ্গালুৰুত গ্ৰামীণ স্বৰোজগাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বাবে ৰাষ্ট্ৰীয় প্ৰশিক্ষণ একাডেমীৰ অনলাইন আধাৰশিলা স্থাপন

RSETI সমূহ হৈছে গ্ৰামীণ দৰিদ্ৰতা নিৰ্মূলকৰণৰ এক অনন্য পদক্ষেপ – সচিব, গ্ৰামোন্নয়ণ

Posted On: 03 SEP 2020 12:04PM by PIB Guwahati

বেঙ্গালুৰুত আজি নেশ্যনেল একাডেমী অৱ আৰইউডিএছইটিআই (এনএআৰ)-ৰ নতুন প্ৰশিক্ষণ ভৱনৰ আধাৰশিলাটো অনলাইনোযোগে স্থাপন কৰা হয়। এনএআৰ-ৰ অধীনত গ্ৰামীণ স্বৰোজগাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ (আৰএছইটিআই) মাধ্যমেৰে বিভিন্ন ৰাজ্য তথা কেন্দ্ৰশাসিত অঞ্চলত গ্ৰামীণ কৰ্মসংস্থানৰ সুযোগ প্ৰদান কৰিবলৈ এই উদ্যোগ গ্ৰহণ কৰা হৈছে। এইক্ষেত্ৰত গ্ৰামোন্নয়ন মন্ত্ৰালয় আৰু বিভিন্ন বাণিজ্যিক বেংকে বিশেষ পৰামৰ্শদাতা হিচাপে কাম কৰিছে।

 

আজিৰ এই উদ্বোধনী অনুষ্ঠানত বক্তব্য ৰাখি কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ সচিব শ্ৰী নগেন্দ্ৰ নাথ সিন্হাই আৰএছইটিআই-ৰ ভূমিকাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয়, এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সংশ্লিষ্ট ৰাজ্য চৰকাৰ আৰু বাণিজ্যিক বেংকবোৰে একত্ৰিত হৈ কাম কৰিছে।

 

দেশত নিবনুৱা সমস্যা হ্ৰাসৰ বাবে আৰএছইটিআই গঠনৰ গুৰুত্বৰ কথাও উল্লেখ কৰে তেওঁ। বৰ্তমান বিভিন্ন ৰাজ্য তথা কেন্দ্ৰশাসিত অঞ্চলত একাধিক স্থান ভাড়ালৈ লৈ এই প্ৰশিক্ষণ কেন্দ্ৰটো  চলাই থকা হৈছে। বেঙ্গালুৰুত ২৫ কোটি টকা ব্যয় সাপেক্ষে এই নতুন প্ৰশিক্ষণ কেম্পাছ গঢ়ি তোলা হৈছে।

 

এতিয়া ইয়াত গ্ৰামীণ যুৱক-যুৱতীসকলৰ স্বৰোজগাৰৰ বাবে তেওঁলোকৰ দক্ষতা বৃদ্ধিৰ কাম চলোৱা হ’ব। অনুষ্ঠানত উপস্থিত আছিল পদ্মবিভূষণ পুৰস্কাৰ বিজয়ী ডঃ ডি বীৰেন্দ্ৰ হেগড়ে, কানাডা বেংকৰ কাৰ্যনিৰ্বাহক বিষয়া শ্ৰীমতী এ মনিমেখ্লাই। ডঃ বীৰেন্দ্ৰই অনুষ্ঠানত ভাষণ প্ৰদান কৰি কয়, লাখ লাখ গ্ৰামীণ নিবনুৱা যুৱক-যুৱতীৰ কৰ্মসংস্থানৰ সুযোগ সৃষ্টি হৈছে ইয়াৰ মাধ্যমেৰে। ইয়াৰ ফলত গ্ৰামীণ জীৱন যাপনৰ মান পৰিৱৰ্তন হ’ব বুলিও উল্লেখ কৰে তেওঁ।

 

 

*****

APS/SG/RD



(Release ID: 1651191) Visitor Counter : 227