ৰেল মন্ত্ৰালয়

পঞ্চদশ বিত্ত আয়োগৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ বৈঠক কাইলৈ

ল’জিষ্টিকছ আৰু কোৰিয়াৰ এজেন্সীসমূহক বিশ্বাসযোগ্য, দ্ৰুত, ব্যয়-সাধ্য আৰু সহজে কৰিব পৰা পাৰ্চেল সেৱাৰ সুবিধা আগবঢ়াব ৰে’ল বিভাগে

কাম-কাজ সুকলমে সম্পাদনৰ লক্ষ্যৰে ৰে’ল বিভাগৰ বিষয়া আৰু উদ্যোগ খণ্ডৰ প্ৰতিনিধিৰে যুটীয়া কৰ্ম গোট গঠনৰ সিদ্ধান্ত
দুয়োপক্ষৰ বাবে লাভদায়ক ব্যৱস্থা গঢ়ি তোলা হ’ব

Posted On: 03 SEP 2020 2:38PM by PIB Guwahati

ৰেল বিভাগৰ বয়-বস্তু পৰিবহণ আৰু পাৰ্চেল সেৱাৰ সৈতে বাপ্যক অংশীদাৰিত্ব স্থাপনৰ প্ৰসংগৰে দেশৰ অগ্ৰণী কোৰিয়াৰ আৰু লজিষ্টিকছ সেৱা প্ৰতিষ্ঠানৰে ৰেল আৰু বাণিজ্য তথা উদ্যোগ বিভাগৰ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে এক আলোচনাত মিলিত হয়।

আলোচনা কালত লজিষ্টিকছ আৰু কোৰিয়াৰ এজেন্সীসমূহক বিশ্বাসযোগ্য, দ্ৰুত, ব্যয়-সাধ্য আৰু সহজে পৰিচালনা কৰিব পৰা পাৰ্চেল সেৱাৰ সুবিধা আগবঢ়াব বুলি ৰেল বিভাগৰ তৰফৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়।

ৰেল বিভাগৰ সহযোগিতাৰে ব্যক্তিগতখণ্ডৰ পাৰ্চেল সেৱা প্ৰতিষ্ঠানসমূহৰ ব্যৱসায়ীক পৰিসৰ সম্প্ৰসাৰিত কৰাৰ সম্ভাৱনীয়তাসমূহৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যেই সভাখনৰ আয়োজন কৰা হৈছিল।

এই সন্দৰ্ভত তত্কালীনভাবে উত্তম নীতি-নিৰ্দেশনা যুগুতাই উলিওৱাৰ লগতে স্বাচ্ছন্দ্যৰে বাণিজ্য কৰাৰ পৰিৱেশ  ৰচনাৰ লক্ষ্যৰে ৰেল বিভাগৰ বিষয়া আৰু উদ্যোগ খণ্ডৰ প্ৰতিনিধিৰে যুটীয়া কৰ্ম গোট গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, সকলো পক্ষৰে উন্নয়ণ সম্ভৱ কৰিব পৰাকৈ লাভদায়ক ব্যৱস্থা এটা গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আছে।

প্ৰণিধানযোগ্য যে, ২২-০৩-২০২০ৰ পৰা ০২-০৯-২০২০ৰ মাজৰ সময়চোৱাত ভাৰতীয় ৰেলে মুঠ ৫,১৩৯খন পাৰ্চেল ৰেলগাড়ী চলাচল কৰাইছিল। ইয়াৰে ৫,১৩৯খনেই সময় নিৰ্দ্ধাৰিত ৰেলগাড়ী আছিল। এইসমূহ ৰেলে এই সময়চোৱাত মুঠ ৩,১৮,৪৫৩টন পৰিমাণৰ বয়-বস্তুৰ আদান-প্ৰদান কৰিছিল আৰু ইয়াৰ বাবদ মুঠ ১১৬.১৯কোটি টকাৰ আয় কৰিছিল ৰেল বিভাগে।

প্ৰসংগতে প্ৰণিধানযোগ্য যে ২০২০ৰ আগষ্ট মাহত ভাৰতীয় ৰেলে মুঠ ৯৪.৩৩ নিযুত টন পৰিমাণৰ বয়-বস্তু সৰবৰাহ কৰিছিল। এই পৰিমাণ যোৱাটো বৰ্ষৰ আগষ্ট মাহৰ তুলনাত অধিক আছিল। ইফালে ২৫-০৩-২০২০ৰ পৰা ০১-০৯-২০২০ৰ মাজৰ সময়চোৱাত ৰেল বিভাগে মুঠ ১,৪১,০৪৯টা ৰেকৰে মুঠ ৪৫১.৩৮ নিযুত টন পৰিমাণৰ বয়-বস্তুৰ সৰবৰাহ কৰিছে।

 

*****

 

DJN/MKV/KB



(Release ID: 1651174) Visitor Counter : 179