ভাৰতীয় প্ৰতিযোগিতা আয়োগ

ক্লেৰিয়েণ্ট এজিৰ অধীনত ছেবিক ইণ্টাৰনেচনেল হ’ল্ডিং বি.ভি.(ছেবিক বিভি)ৰ দ্বাৰা বৰ্ধিত অধিগ্ৰহণত অনুমোদন চিচিআইৰ

Posted On: 03 SEP 2020 5:12PM by PIB Guwahati

ভাৰতৰ প্ৰতিযোগিতা আয়োগে(চিচিআই) ২ ছেপ্টম্বৰ, ২০২০ত প্ৰতিযোগিতা আইন, ২০২০ৰ ৩১(১)নং ধাৰাৰ অধীনত ক্লেৰিয়েণ্ট এজিৰ অধীনত ছেবিক ইণ্টাৰনেচনেল হ’ল্ডিং বি.ভি.(ছেবিক বিভি)ৰ দ্বাৰা বৰ্ধিত অধিগ্ৰহণত অনুমোদন জনাইছে৷

এই প্ৰস্তাৱিত অনুমোদন অনুসৰি ছেবিক বি ভিৰ দ্বাৰা ক্লেৰিয়েণ্ট এজিৰ শ্বেয়াৰ অধিগ্ৰহণৰ পৰিমাণ ৬.৫১% বৃদ্ধি কৰিব৷ ছেবিক হৈছে ছোদি আৰৱ সাম্ৰাজ্যৰ ৰাজকীয় পৃষ্ঠপোষকতাত প্ৰতিষ্ঠিত এক তালিকাভূক্ত যৌথ ষ্টক কোম্পানী৷ ছেবিক ছৌদি ষ্টক এক্সচেঞ্জত তালিকাভূক্ত হোৱাৰ লগতে ৫০খনতকৈ অধিক দেশত ইয়াৰ কাম-কাজ পৰিচালনা হয়৷ ই বিশেষকৈ চাৰিটা শাখাত বিনিয়োগ কৰে, সেইবোৰ হৈছে-পেট্ৰ’কেমিকেলছ, এগ্ৰি-নিউট্ৰিয়েণ্ট, ধাতু আৰু বিশেষ সামগ্ৰী৷

ইফালে, ক্লেৰিয়েণ্ট এজি হৈছে ছুইজাৰলেণ্ডৰ কেমিকেল কোম্পানী, যিটো দেশখনৰ ষ্টক এক্সচেঞ্জত তালিকাভূক্ত৷ ইয়াৰ মুখ্য কাৰ্যালয় মুট্টেঞ্জত অৱস্থিত৷ ই সমগ্ৰ বিশ্বজুৰি কেমিকেল জাতীয় সামগ্ৰী বিতৰণ কৰে৷ এই কোম্পানীটোৱে ব্যক্তিগত ব্যৱহাৰ্য সামগ্ৰী, তেল আৰু খনি, শস্য তথা উদ্যোগত ব্যৱহূত সামগ্ৰী উপাদন কৰে৷

চিচিআইৰ প্ৰতি জনোৱা অনুমোদনে আইনখনৰ ৪৩(ক) ধাৰাৰ কোনো ক্ষতি নকৰে৷ পৰৱৰ্তী সময়ত এই চিচিআইৰ অনুমোদনৰ সবিশেষ প্ৰকাশ কৰা হ’ব৷

****

RM/KMN/DB



(Release ID: 1651155) Visitor Counter : 152