জল শক্তি মন্ত্ৰালয়

গৱেষণা আৰু বিকাশত গুৰুত্ব জল জীৱন অভিযানৰ

Posted On: 03 SEP 2020 12:27PM by PIB Guwahati

২০২৪ চনৰ ভিতৰত গাঁৱে গাঁৱে পানীৰ নলৰ সংযোগ ব্যৱস্থা প্ৰদান কৰাৰ বাবে ৰাজ্যসমূহৰ সহযোগিতাত কেন্দ্ৰীয় চৰকাৰে জন জীৱন অভিযানৰ সূচনা কৰিছে৷ এই অভিযানৰ দ্বাৰা গ্ৰামাঞ্চলৰ ঘৰসমূহত নিয়মীয়াকৈ তথা দীৰ্ঘকালীন সময়ৰ বাবে পানী যোগানৰ নিশ্চিতিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷

জল জীৱন অভিযানৰ প্ৰথম বৰ্ষ সমাপ্তিৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে ১৫ আগষ্ট ২০২০ তাৰিখে লালকিল্লাৰ দূৰ্গৰ পৰা ঘোষণা কৰিছিল৷  এই সময়ছোৱাত প্ৰায় ২ কোটি লোকক পানীৰ নলৰ সংযোগৰ সুবিধা প্ৰদান কৰা হৈছে৷ ১ লাখত কৈও অধিক পৰিয়ালে দৈনিক পানী যোগানৰ সুবিধা লাভ কৰিছে৷

ৰাষ্ট্ৰীয় জল জীৱন অভিযানত যুৱ উদ্ভাৱক, গৱেষণাকাৰী, শিক্ষাবিদ, উদ্যমী, ষ্টাৰ্ট-আপসকলৰ পৰা ব্যয় সংকোচনী সমাধানৰ প্ৰস্তাৱ আহ্বান কৰা হৈছে৷ জল জীৱন অভিযানৰ অধীনত এই গৱেষণা আৰু বিকাশ প্ৰকল্পই বিজ্ঞানী তথা গৱেষণা আৰু বিকাশ প্ৰতিষ্ঠান, উদ্ভাৱক, উদ্যমীসকলক সামৰ্থ নিৰ্মাণত সহযোগিতা প্ৰদান কৰিব৷

গৱেষণা আৰু বিকাশৰ নিৰ্দেশনাৱলী বিভাগৰ প’ৰ্টেল https://jalshakti-ddws.gov.in ত উপলব্ধ হৈছে৷ আগ্ৰহী ব্যক্তি/সংস্থা/প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ প্ৰস্তাৱ দাখিল কৰিব পাৰে৷

 

***

APS/SG/MG/MANN



(Release ID: 1651061) Visitor Counter : 212