প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আইপিএছ লৈ নৱ-নিৰ্বাচিতসকলেৰে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 03 SEP 2020 2:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ ছেপ্টেম্বৰ, ২০২০, শুকুৰবাৰে দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে চৰ্দাৰ বল্লভভাই পেটেল নেশ্যনেল পুলিচ একাডেমী (SVP NPA)ৰ দীক্ষান্ত সমাৰোহৰ সময়ছোৱাত নতুন আইপিএছসকলেৰে মত-বিনিময় কৰিব।

২৮ মহিলা শিক্ষানৱিচকে ধৰি ১৩১ গৰাকী আইপিএছ প্ৰৱেশ্যনাৰে একাডেমীখনত I-পৰ্যায়ৰ প্ৰশিক্ষণত ৪২ সপ্তাহৰ প্ৰাথমিক পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে।

লাল বাহাদুৰ শাস্ত্ৰী নেশ্যনেল একাডেমী অৱ এডমিনিষ্ট্ৰেশ্যন, মিছৌৰী আৰু ডঃ মেৰ্ৰী চান্না ৰেড্ডী এইচআৰডি ইনষ্টিটিউট অৱ তেলেংগানা, হায়দৰাবাদত ফাউণ্ডেশ্যন ক’ৰ্ছ সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকে ২০১৮ ৰ ১৭ ডিচেম্বৰত একাডেমীখনত অন্তৰ্ভুক্ত হয়। তেওঁলোকৰ সৈতে আইএএছ, আইএফএছ আদি সেৱালৈ নিৰ্বাচিত সকলো থাকে।

এছভিপি এনপিএ ত প্ৰাথমিক পাঠ্যক্ৰমৰ প্ৰশিক্ষণৰ সময়ছোৱাত, শিক্ষানৱিচসকলে আইন, অনুসন্ধান, ফৰেনচিক, নেতৃত্ব আৰু ব্যৱস্থাপনা, অপৰাধতত্ত্ব, ৰাজহুৱা নিৰ্দেশ আৰু অভ্যন্তৰীণ সুৰক্ষা, নীতি আৰু মানৱ অধিকাৰ, আধুনিক ভাৰতীয় পুলিচিং, ক্ষেত্ৰ নৈপুণ্য আৰু কৌশল, অস্ত্ৰৰ প্ৰশিক্ষণ আৰু গুলীচালনাৰ দৰে ভিন্ন আভ্যন্তৰীণ আৰু বৰ্হিঃ বিষয়ৰ প্ৰশিক্ষণ লাভ কৰে।

********

VRRK/AKP/SB


(रिलीज़ आईडी: 1651039) आगंतुक पटल : 229
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam