বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ ৰ সমাধান উলিয়াবৰ উদ্দেশ্যে যুটীয়া অভিযান চলাবলৈ ভাৰত-আমেৰিকাৰ ১১ টা দল বাচনি

Posted On: 02 SEP 2020 5:52PM by PIB Guwahati

ভাৰত আৰু আমেৰিকাৰ বৈজ্ঞানিকৰ ১১ টা দল অতি শীঘ্ৰেই ন’ৱেল প্ৰাৰম্ভিক ডায়েগ্ন’ষ্টিক পৰীক্ষা, এণ্টিভাইৰেল থেৰাপী, ড্ৰাগ ৰিপাৰ্প’জিংভেণ্টিলেটৰ গৱেষণা, নিসংক্ৰামক যন্ত্ৰপাতি আৰু ক’ভিড-১৯ ছেন্সৰ আধাৰিত লক্ষণ ট্ৰেকিংৰ পৰা আৰম্ভ কৰি ইয়াৰ সমাধান সূত্ৰ উলিওৱালৈ সকলো দিশৰ সমাধানৰ এক সংযুক্ত ৰূপত কাম আৰম্ভ কৰিব।

এই দলসমূহৰ বাচনি আমেৰিকা ভাৰত বিজ্ঞান আৰু প্ৰযুক্তি এনড’মেণ্ট পাণ্ড (USISTEF ) ৰ দ্বাৰা ২০২০ চনৰ এপ্ৰিল মাহত জাৰি কৰা ক’ভিড-১৯ পূৰ্ণাঙ্গ আৱণ্টনৰ অধীনত এক আমন্ত্ৰণৰ বাবে লাভ কৰা আবেদনৰ এক শক্তিশালী দ্বিৰাষ্ট্ৰীয় সমীক্ষা প্ৰক্ৰিয়াৰ জৰিয়তে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

USISTEF  এ ক’ভিড- ১৯ৰ প্ৰত্যাহ্বানৰ বাবে একক, নৱোন্মেষী দিশৰ প্ৰস্তাৱ উপস্তাপনেৰে ১১ টা দ্বিপাক্ষিক দল গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। USISTEF  ৰ গঠন ভাৰত চৰকাৰ (বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ জৰিয়তে) তথা আমেৰিকা যুক্তৰাষ্ট্ৰ (বৈদেশিক মন্ত্ৰালয়)ৰ জৰিয়তে যুটীয়া গতিবিধিবোৰ বৃদ্ধি কৰাৰ বাবে কৰা হৈছে, যাৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মাধ্যমেৰে নৱোন্মেষ আৰু উদ্যোগশীলতাক উদগনি যোগাব পৰা যাব।

আমেৰিকা-ভাৰত S&T আধাৰিত যুটীয়া উদ্যোগী দলসমূহে সেইবোৰ পদক্ষেপৰ ওপৰত কাম কৰিব যিয়ে তদাৰকী, ডায়েগ্ন’ছিছ, স্বাস্থ্য সুৰক্ষা, জনসম্পৰ্ক, জাননী আৰু সম্প্ৰচাৰ আদিৰ উপৰিও ক’ভিড-১৯ সংক্ৰান্তীয় প্ৰত্যাহ্বানৰ সমাধানৰ বাবে ন ন প্ৰযুক্তি, সা-সৰঞ্জাম আৰু প্ৰণালী আদিৰো সমাধানসূত্ৰ বিচাৰি উলিয়াব।

ইয়াৰ মিছন আৰু ভিজনৰ প্ৰতি লক্ষ্য ৰাখি USISTEF  এ ক’ভিড-১৯ ৰ প্ৰত্যাহ্বানৰ সমাধানৰ বাবে আমেৰিকা-ভাৰত S&T আধাৰিত উদ্যমী পদক্ষেপসমূহলৈ সহায় আগবঢ়োৱাৰ উদ্দেশ্যে ক’ভিড-১৯ পূৰ্ণাঙ্গ আৱণ্টন শ্ৰেণীৰ অধীনত সংশ্লিষ্ট প্ৰস্তাৱসমূহ ঘোষণা কৰিছে।

আমেৰিকা ভাৰত বিজ্ঞান আৰু প্ৰযুক্তি এনড’মেণ্ট ফাণ্ডৰ অভিযানে এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সহায় কৰিবলৈ আমেৰিকা আৰু ভাৰতীয় গৱেষকসকল আৰু উদ্যোগীসকলৰ মাজত এক সুসমন্বয় গঢ়ি তোলাৰ জৰিয়তে প্ৰযুক্তিৰ বাণিজ্যিকৰণৰ মাধ্যমেৰে ৰাজহুৱা হিতসাধন কৰিবলৈ সংযুক্ত অনুপ্ৰযুক্ত অনুসন্ধান আৰু বিকাশৰ ক্ষেত্ৰত সহায় কৰিব আৰু উদগনি যোগাব।

দ্বিপাক্ষিক ভাৰত-আমেৰিকা বিজ্ঞান আৰু প্ৰযুক্তি ফ’ৰাম (IUSSTF) USISTEF  প্ৰ’গ্ৰামৰ আটাইবোৰ গতিবিধিৰ তদাৰক কৰে।

স্বীকৃত প্ৰকল্পসমূহৰ বিৱৰণ www.iusstf.org ৱেবছাইটযোগে চাব পাৰিব।

 

 

*****

NB/KGS/(DST Media Cell)/RD



(Release ID: 1650900) Visitor Counter : 174