গৃহ মন্ত্ৰালয়

‘মিছন কৰ্মযোগী’-ৰাষ্ট্ৰীয় অসামৰিক সেৱাৰ সামৰ্থ্য বৰ্দ্ধন কাৰ্যক্ৰম(এনপিচিএছচিবি)লৈ কেবিনেটৰ অনুমোদনক আদৰণী কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ দূৰদৃষ্টি সম্পন্ন সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন

‘অসামৰিক সেৱালৈ ৰুপান্তৰ সম্ভৱকাৰী পৰিৱৰ্তন অনাৰ লক্ষ্য মিছন কৰ্মযোগী’ৰ

‘প্ৰতিষ্ঠানিক সামৰ্থ্য বৰ্দ্ধনৰ লগতে ব্যক্তিগত সামৰ্থ্য বৰ্দ্ধনৰ লক্ষ্যৰে বিস্তৃত আৰু কল্যাণকাৰী আঁচনি’

‘বাধা-বিঘিনিৰ মাজেৰ কাম কৰাৰ পৰম্পৰাৰ অন্ত পেলাই এক নতুন কৰ্ম সংস্কৃতি গঢ়াৰ দিশত ২১শতিকাত এয়া এক ঐতিহাসিক সংস্কাৰ’

‘লক্ষ্য নিৰ্দ্ধাৰিত আৰু ধাৰাবাহিক প্ৰশিক্ষণে প্ৰশাসনীয় ব্যৱস্থাটোত দায়বদ্ধতা আৰু স্বচ্ছতা নিশ্চিত কৰাৰ ক্ষেত্ৰত অসামৰিক সেৱাৰ পদাধিকাৰীসকলক শক্তি প্ৰদান কৰাৰ লগতে সচেতন কৰি তুলিব’

‘এই সংস্কাৰে চৰকাৰী বিষয়া-বৰ্গক তেওঁলোকৰ নিজৰ পাৰদৰ্শীতাৰ উত্তৰণৰ সুযোগেই কেৱল প্ৰদান নকৰে, বৰঞ্চ নতুন ভাৰতত আশা-আকাংক্ষা পূৰণৰে জীৱন অতিবাহিত কৰাৰ সামৰ্থ্যও প্ৰদান কৰিব’

‘ভৱিষ্যতৰ বাবে সষ্টম এক অসামৰিক সেৱা ব্যৱস্থা গঢ়ি তোলাৰ লগতে নতুন ভাৰতৰ বাবে যোগ্য অসামৰিক সেৱা ব্যৱস্থাপনা গঢ়ি তোলাৰ বাবে মোডী চৰকাৰ সম্পূৰ্ণ ভাবে প্ৰতিশ্ৰুতিবদ্ধ’

Posted On: 02 SEP 2020 7:31PM by PIB Guwahati

কেন্দ্ৰীয় কেবিনেটে আজিমিছন কৰ্মযোগী-ৰাষ্ট্ৰীয় অসামৰিক সেৱাৰ সামৰ্থ্য বৰ্দ্ধন কাৰ্যক্ৰম(এনপিচিএছচিবি)লৈ  অনুমোদন জনোৱা কথাক  আদৰণী জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। এই প্ৰসংগত মন্তব্য কৰি শ্ৰী শ্বাহে এই পদক্ষেপে দেশৰ অসামৰিক সেৱা ব্যৱস্থাটোলৈ ৰূপান্তৰকাৰী পৰিৱৰ্তনৰ ধাৰা প্ৰবাহিত কৰিব বুলি উল্লেখ কৰে।

গৃহ মন্ত্ৰীগৰাকীয়ে এই দূৰদৃষ্টি সম্পন্ন সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, এয়া প্ৰতিষ্ঠানিক সামৰ্থ্য বৰ্দ্ধনৰ লগতে ব্যক্তিগত  সামৰ্থ্য বৰ্দ্ধনৰ বাবে প্ৰস্তুত কৰা এক বিস্তৃত আৰু কল্যাণকাৰী আঁচনি

বাধা-বিঘিনিৰ মাজেৰ কাম কৰাৰ পৰম্পৰাৰ অন্ত পেলাই এক নতুন কৰ্ম সংস্কৃতি গঢ়াৰ দিশত ২১শতিকাত এয়া এক ঐতিহাসিক সংস্কাৰ বুলিও অভিমত ব্যক্ত কৰে গৃহ মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, লক্ষ্য নিৰ্দ্ধাৰিত আৰু ধাৰাবাহিক প্ৰশিক্ষণে প্ৰশাসনীয় ব্যৱস্থাটোত দায়বদ্ধতা আৰু স্বচ্ছতা নিশ্চিত কৰাৰ ক্ষেত্ৰত  অসামৰিক সেৱাৰ পদাধিকাৰীসকলক শক্তি প্ৰদান কৰাৰ লগতে সচেতন কৰি তুলিব

ইফালে, এই সংস্কাৰে চৰকাৰী বিষয়া-বৰ্গক তেওঁলোকৰ নিজৰ পাৰদৰ্শীতাৰ উত্তৰণৰ সুযোগেই কেৱল প্ৰদান নকৰে, বৰঞ্চ নতুন ভাৰতত আশা-আকাংক্ষা পূৰণৰে জীৱন অতিবাহিত কৰাৰ সামৰ্থ্যও প্ৰদান কৰিববুলি মন্তব্য কৰে শ্ৰী শ্বাহে।

ভৱিষ্যতৰ বাবে সষ্টম এক অসামৰিক সেৱা ব্যৱস্থা গঢ়ি তোলাৰ লগতে নতুন ভাৰতৰ বাবে যোগ্য অসামৰিক সেৱা ব্যৱস্থাপনা গঢ়ি তোলাৰ বাবে মোডী চৰকাৰ সম্পূৰ্ণ ভাবে প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ উল্লেখ কৰে।

প্ৰণিধান যোগ্য যে, দেশৰ অসামৰিক সেৱাৰ বিষয়াসকলক বিশ্ব মানৰ প্ৰতিষ্ঠানসমূহৰ পৰা উত্তম শিক্ষা আহৰণ কৰাৰ লগতে পৃথিৱীৰ যিকোনো স্থানতে কাম কৰিব পৰাকৈ দক্ষ কৰি তোলাৰ লগতে ভাৰতীয় সংস্কৃতিৰ প্ৰমূল্যসমূহক হৃদয়ংগম কৰি মূলৰ সৈতে সংপৃক্ত থাকিব পৰাকৈ সামৰ্থ্য বৰ্দ্ধনৰ বাবে বুনিয়াদ গঢ়াৰ উদ্দেশ্যে অতি সচেতনতাৰে   এনপিচিএছচিবিৰ আৰ্হি প্ৰস্তুত কৰা হৈছে।

 

*****

NW/RK/AD/SS/DDD/KB



(Release ID: 1650875) Visitor Counter : 202