বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

বৰ্তমানৰ আৰু প্ৰাক্তন ডিএছটি সচিবসকলে পৰিৱৰ্তিত ভাৰতত ডিএছটিৰ ৰোডমেপ সন্দৰ্ভত আলোচনা কৰে

পোষ্ট কৰা হৈছে: 02 SEP 2020 5:53PM by PIB Guwahati

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ প্ৰাক্তন আৰু বৰ্তমানৰ সচিবসকলে আজি বিভাগটোৰ পঞ্চাশ বৰ্ষ পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত আয়োজিত পেনেল আলোচনাত এই পৰ্যন্ত বিভাগটোৱে লাভ কৰা সফলতা তথা ভৱিষ্যতৰ ৰোডমেপ সন্দৰ্ভত আলোচনা কৰে৷ 

ডিএছটিৰ প্ৰাক্তন সচিব আৰু বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈজ্ঞানিক পৰামৰ্শদাতা বিজয় ৰাঘৱনে পেনেল আলোচনাত এইদৰে কয়, ‘‘দেশৰ প্ৰতিটো ক্ষেত্ৰত ডিএছটিৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে৷ ই বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্বাৰা ভাৰতলৈ বৃহৎ পৰিৱৰ্তন অনা এজেন্সী হিচাপে বিবেচিত হৈছে৷ ভাৰতৰ বাবে বিজ্ঞান ক্ষেত্ৰত উন্নত দেশসমূহৰ সমকক্ষ হোৱাৰ বাবে নিজৰ বৌদ্ধিক ক্ষমতাসমূহৰ প্ৰচুৰ ব্যৱহাৰ কৰিব লাগে৷ ই আমাৰ জিডিপিৰ অনুপাতত হ’ব লাগে৷ প্ৰযুক্তিৰ বিভিন্ন বিষয় পৰিলক্ষিত কৰি ভাৰতে এই বিষয়সমূহত বিনিয়োগৰ আন্তঃগাঁথনি সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিব লাগিব৷’’

ডিএছটিৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই কয় যে ডিএছটিৰ স্থাপন ভাৰত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন ক্ষেত্ৰৰ বাবে কৰা হৈছে৷ ই ভাৰতৰ এছএণ্ডটিৰ এক ব্যাপক হিতাধিকাৰীৰ সৈতে জড়িত যি বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ পৰা আৰম্ভ কৰি পিএইচডি কৰি থকা যুৱ বৈজ্ঞানিক, অনুসন্ধান তথা বিকাশ গৱেষণাগাৰ, বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়লৈ আছে৷’’

২০০৬-২০১৪ চনলৈ ডিএছটিৰ সচিব হৈ থকা অধ্যাপক টি ৰামাস্বামীয়ে কয় যে ডিএছটিয়ে ভাৰতীয় বিজ্ঞান প্ৰণালীৰ প্ৰাণবায়ু অথবা অক্সিজেনৰ ভূমিকা পালন কৰিছে৷

ডিএছটিৰ পঞ্চাশ বৰ্ষ পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত আয়োজিত কাৰ্যসূচীৰ শৃংখলাৰ অংশ হিচাপে আজিৰ এই আলোচনা ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে ৰাষ্ট্ৰীয় বিজ্ঞান তথা প্ৰযুক্তি আয়োগ-চিএছটিৰ দ্বাৰা আয়োজন কৰা হৈছিল যি ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ তথা বিজ্ঞান প্ৰসাৰৰ এক উপ শাখা৷

*****

NB/KGS/(DST Media Cell)/MANN


(ৰিলিজ আই ডি : 1650873) অতিথি কক্ষ : 167