স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ষ্টপ টিবি পাৰ্টনাৰশ্বীপৰ কাৰ্যবাহী সঞ্চালকৰে ডাঃ হৰ্ষ বৰ্ধনৰ ডিজিটেলি মত-বিনিময়

“ক’ভিডৰ সময়তো, টিবি অগ্ৰাধিকাৰৰ বিষয়। ২০২৫ ৰ ভিতৰত ভাৰতৰপৰা টিবি নিৰ্মূলকৰণে সমগ্ৰ বিশ্বলৈ আশাৰ ৰেঙণি কঢ়িয়াব”

प्रविष्टि तिथि: 02 SEP 2020 6:20PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য় আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে আজি ইয়াত ষ্টপ টিবি পাৰ্টনাৰশ্বীপৰ কাৰ্যবাহী সঞ্চালক ডাঃ লুচিকা ডিটিউৰ সৈতে ডিজিটেলি মত-বিনিময় কৰে।

কেন্দ্ৰীয় মন্ত্ৰীজনে অৱগত কৰে যে ভাৰত চৰকাৰখনৰ বাবে টিবি নিৰ্মূল অগ্ৰাধিকাৰৰ বিষয়। তেওঁ তদুপৰি কয় যে ৰেপিড মলিকুলাৰ টেষ্ট, ড্ৰাগ স্থিতিস্থাপকতা সন্দৰ্ভত তথ্য প্ৰদান আৰু উৎকৃষ্ট মানদণ্ডৰ ড্ৰাগ আৰু সু-স্বাস্থ্যবিধিসহ টিবিত আক্ৰান্ত সকলো ৰোগীলৈ বিনামূলীয়া চিকিৎসা, ৰোগীসকললৈ আৰ্থিক আৰু পুষ্টিগত সহায় আগবঢ়োৱাৰ জৰিয়তে বিনামূলীয়া ডায়েগনচিছ লাভৰ মাত্ৰা বৃদ্ধি কৰিবলৈ চৰকাৰখন প্ৰতিশ্ৰুতিবদ্ধ। ডাঃ হৰ্ষ বৰ্ধনে লগতে কয় যে ব্যক্তিগত খণ্ডৰ অন্তৰ্ভুক্তি শক্তিশালী কৰি তুলিবলৈ বেচৰকাৰী সংস্থাসমূহক সংযোগ কৰিবলৈ তথা আনুগত্য আৰু বিজ্ঞপ্তিৰ অৰ্থে ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ চৰকাৰখন বদ্ধপৰিকৰ।

ডাঃ হৰ্ষ বৰ্ধনে গুৰুত্ব প্ৰদান কৰি কয় যে যোৱা আঠটা মাহে যদিও দেশখনে ক’ভিড মহামাৰীৰ সৈতে যুঁজ দি আছে, তথাপিতো ২০২৫ ৰ ভিতৰত টিবি নিৰ্মূলৰ লক্ষ্য সন্দৰ্ভত নিৰৱচ্ছিন্নভাৱে সকলো ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু স্বাস্থ্য বিষয়াসকলক পুনৰাই সজাগ কৰি থকা হৈছে। “ক’ভিডৰ বিৰুদ্ধে যুঁজখনত যদিও আমি সন্মুখৰপৰা প্ৰচেষ্টা অব্যাহত ৰাখিছো, মাস্ক আৰু পিপিই কিটৰ ঘৰুৱা প্ৰস্তুতৰ ক্ষেত্ৰত আত্ম নিৰ্ভৰশীল হৈ উঠাৰ জৰিয়তে বিশ্বৰ আন দেশসমূহৰ বাবে আদৰ্শ হৈ উঠিবলৈ সক্ষম হৈছো।”, তেওঁ উল্লেখ কৰে।

“আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ তত্বাৱধানত ভাৰতে, ভাৰতৰপৰা ২০২৫ ৰ ভিতৰত টিউবাৰকুলচিছৰ পৰিসমাপ্তিৰ বাবে অধিক গুৰুত্ব আৰোপ কৰি আহিছে, যি হ’ব ২০৩০ ত বহনক্ষম উন্নয়ন লক্ষ্য (এছডিজি)ত উপনীত হোৱাৰ পাঁচ বছৰ পূৰ্বেই আৰু এখনি টিবি-মুক্ত বিশ্বৰ বাবে আগৰণুৱা হিচাপে পৰিগণিত হৈ পৰিব”, ডাঃ হৰ্ষবৰ্ধনে ডিজিটেল মত-বিনিময়ৰ সময়ছোৱাত কয়। শেহতীয়া বছৰকেইটাত, এখন টিবি-মুক্ত বিশ্বৰ বাবে, চিত্তাকৰ্ষক আৰু উচ্চাভিলাষী নীতি আৰু পৰিকল্পনাৰ সৈতে ভাৰতে ইতিমধ্যে গ্ৰহণ কৰা বহু গুৰুত্বপূৰ্ণ পদক্ষেপে ইয়াৰ অগ্ৰণী ভূমিকাকে প্ৰতিফলিত কৰিছে।

টিবিৰে যুঁজখনত প্ৰশংসনীয় প্ৰচেষ্টাৰ বাবে ডাঃ লুচিকাই ভাৰত চৰকাৰখনক প্ৰশংসা কৰে আৰু ধন্যবাদ জনায়।

****

MV/SJ/SB


(रिलीज़ आईडी: 1650868) आगंतुक पटल : 243
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Tamil , Telugu