ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

এমএছএমই সমূহক সময় মতে অৰ্থ প্ৰদান সুনিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ঐতিহাসিক হস্তক্ষেপ

এমএছএমই সমূহক তেওঁলোকৰ প্ৰাপ্য লাভৰ বাবে এমএছএমই মন্ত্ৰালয়ে নেতৃত্ব লৈছে

TReDS মেকানিজিমত এমএছএমই সমূহৰ অন-বোৰ্ডিং বিনামূলীয়া কৰা হৈছে

পঞ্জীয়নৰ নামত ভুৱা ৱেবছাইটে ধন বিচৰাক লৈ সাৱধান হোৱাৰ বাবে এমএছএমই সমূহক সতৰ্কতা অৱলম্বনৰ আহ্বান এমএছএমই মন্ত্ৰালয়ৰ; আৰু দোহাৰে যে কেৱল চৰকাৰী ৱেবছাইটতহে হ’ব পঞ্জীয়ন

Posted On: 02 SEP 2020 3:52PM by PIB Guwahati

এই দীৰ্ঘদিনীয়া সমস্যাৰ সময়ত এমএছএমইসমূহক সহায়ৰ উদ্দেশ্যে ভাৰত চৰকাৰে শেহতীয়াভাৱে কিছুসংখ্যক পদক্ষেপ গ্ৰহণ কৰিছে। আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অংশস্বৰূপে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰিছে যে ৪৫ দিনৰ ভিতৰতে চৰকাৰী সংস্থাসমূহে এনে ধন প্ৰদান কৰিব লাগিব।

 

এমএছএমই মন্ত্ৰালয়ে এই ঘোষণা গুৰুত্বসহকাৰে পালন কৰিছে আৰু কেন্দ্ৰীয় মন্ত্ৰালয় আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ(চিপিএছই)আৰু ৰাজ্য চৰকাৰৰ সন্মুখত বিষয়টো উথ্থাপন কৰিছে। বিশেষভাৱে কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ প্ৰধানসকলৰ সৈতে অধিক সক্ৰিয় অনুসৰণ কৰা হৈছে।

 

আৰু কিছু উল্লেখযোগ্য হস্তক্ষেপঃ

 

প্ৰতিবেদনখন সহজ, নিয়মিত আৰু উজু কৰাৰ বাবে মাহিলী অৰ্থ প্ৰদান আৰু মাহিলী অস্থিৰ অৱস্থাৰ প্ৰতিবেদন কৰাৰ বাবে এক অনলাইন প্ৰতিবেদনৰ ফৰমেট তৈয়াৰ কৰা হৈছে। তথ্য মতে, মন্ত্ৰালয়সমূহে আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে যোৱা ৩মাহত অকলে ৬৮০০কোটিতকৈ অধিক টকা পৰিশোধ কৰিছে। প্ৰকাশ হৈছে যে একেখিনি সময়ত মাহিলী দিবলগীয়া ধনৰ প্ৰায় তিনি চতুৰ্থাংশ কেন্দ্ৰীয় মন্ত্ৰালয় আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে প্ৰদান কৰিছে। বাকী ৰোৱা ধনৰাশি ব্যৱসায়ৰ সাধাৰণ দিন আৰু ৪৫ দিনৰ ভিতৰত হব বুলি আশা কৰা হৈছে।

 

অৰ্থ প্ৰদান আৰু নিয়মিত প্ৰতিবেদনৰ বাবে ৰাজ্য চৰকাৰসমূহৰ সৈতে সক্ৰিয় অনুসৰণ কৰা হৈছে। অনুৰূপ ধৰণে অনলাইন ৰিপৰ্টিং ছিষ্টেম তৈয়াৰ কৰা হৈছে আৰু ৰাজ্যসমূহৰ প্ৰতিবেদনৰ বাবে ইয়াক স্থাপন কৰা হৈছে।

 

আৰু এটি হস্তক্ষেপ হৈছে ব্যয় বিভাগে এই পৰিমাণৰ এক অ এম জাৰি কৰিছে যাতে ক্ৰয় সংগঠনসমূহক এনে অৰ্থ প্ৰদানৰ তাৰিখলৈকে নিৰ্ধাৰিত সময়ৰ আগেয়ে বিলম্বিত অৰ্থ প্ৰদানৰ বাবে প্ৰতি মাহে ১ শতাংশ জৰিমণা ভৰিব লগা হয়।

 

আৰু এক যুগান্তকাৰী হস্তক্ষেপৰ ৰূপত এমএছএমই মন্ত্ৰালয়ৰ অনুৰোধত বিত্ত মন্ত্ৰালয়ত চৰকাৰে TReDS মঞ্চত অন-বোৰ্ডিঙৰ ভাৰা ৰেহাই দিয়ে। এই মঞ্চখন এনে যোগানৰ বিপৰীতে এমএছএমইসমূহক বিল ৰেহাইৰ বাবে তৈয়াৰ কৰা হৈছে যত অৰ্থৰ বাবে অপেক্ষা কৰিবলগীয়া হয়। উল্লেখ্য যে ইয়াৰ পূৰ্বে এমএছএমইসমূহৰ অন-বোৰ্ডিং ভাৰাৰ বাবে ১০,০০০ টকা দিব লাগিছিল। চৰকাৰে এতিয়া ২০২১ চনৰ মাৰ্চলৈকে এমএছএমইসমূহৰ অন-বোৰ্ডিং ভাৰা ৰেহাই দিছে। অধিকাংশ এমএছএমই আৰু অনেক ব্যক্তিগত কোম্পানী পূৰ্বৰে পৰা TReDS কৌশলত অন-বোৰ্ড হৈ আছে। এমএছএমই মন্ত্ৰালয়ে এনে কৰিবলৈ অনুৰোধ জনাইছিল।

 

***

RCJ/IA/KG



(Release ID: 1650822) Visitor Counter : 208