নতুন আৰু পুনঃনবীকৰণযোগ্য শক্তি মন্ত্ৰালয়

সেউজীয়া হ’ল ইণ্ডিয়ান পাৱাৰ মাৰ্কেট

কেন্দ্ৰীয় শক্তি মন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে মুকলি কৰিলে গ্ৰীণ টাৰ্ম এহেড মাৰ্কেট(জিটিএএম)

বজাৰখন হ’ল পুনৰ নবীকৰণযোগ্য শক্তি খণ্ডৰ বাবে বিশ্বৰ প্ৰথম সুকীয়া সামগ্ৰী

Posted On: 01 SEP 2020 4:43PM by PIB Guwahati

ভাৰতৰ হ্ৰস্বকালীন বিজুলীৰ বজাৰক সেউজ কৰাৰ প্ৰথমটো পদক্ষেপ হিচাপে বিদ্যুৎ আৰু নবীকৰণযোগ্য শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী আৰ.কে সিঙে ১ ছেপ্তেম্বৰ,২০২০ত নতুন দিল্লীত এক ভিডিঅ কনফাৰেন্সৰ মাধ্যমেৰে গ্ৰীণ টাৰ্ম এহেড মাৰ্কেট(জিটিএএম)মুকলি কৰে।

মুকলিৰ পাছত ভাষণ আগবঢ়াই তেওঁ কয়, জিটিএএম প্লেটফৰ্মৰ আৰম্ভণিয়ে পুনৰ নবীকৰণ শক্তিত চহকী ৰাজ্যসমূহৰ বোজা হ্ৰাস কৰিব আৰু নিজৰ সক্ষমতাৰ বাহিৰেও নবীকৰণ শক্তিৰ সামৰ্থ বৃদ্ধিৰ ক্ষেত্ৰত উদগণি যোগাব।মন্ত্ৰীগৰাকীয়ে পুনৰ উল্লেখ কৰে যে জিটিএএম প্লেটফৰ্মে পুনৰ নবীকৰণ শক্তি খণ্ডত অংশগ্ৰহণকাৰীৰ সংখ্যা বৃদ্ধি কৰিব। ইয়াৰ ফলত নবীকৰণ শক্তিৰ ক্ৰেতাক উপকৃত কৰিব। সমগ্ৰ দেশত বজাৰৰ সুবিধা প্ৰদান কৰি ই নবীকৰণ শক্তিৰ বিক্ৰেতাকো উপকৃত কৰিব।

২০২২ৰ ভিতৰত ১৭৫ গিগাৱাট পুনৰ নবীকৰণ শক্তি ক্ষমতা আহৰণ কৰিবলৈ ভাৰত চৰকাৰে লোৱা লক্ষ্যই সমগ্ৰ ভাৰতত পুনৰ নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰক এক গতি প্ৰদান কৰিছে।

***

RCJ/M/MS



(Release ID: 1650537) Visitor Counter : 187