সংযুক্ত লোকসেৱা আয়োগ
২০১৯ বৰ্ষৰ সংযুক্ত প্ৰতিৰক্ষা সেৱা পৰীক্ষাৰ(II)ৰ চূড়ান্ত ফলাফল ঘোষণা
Posted On:
01 SEP 2020 4:48PM by PIB Guwahati
কেন্দ্ৰীয় লোকসেৱা আয়োগ(ইউপিএছচি)২০১৯ৰ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিৰক্ষা সেৱা পৰীক্ষা(II)ত ১৯৬গৰাকী(১০৬+৭৬+১৪) প্রার্থী উত্তীৰ্ণ হৈছে৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সেৱা বাছনি পৰিষদে(এছএছবি) ডেৰাদুনৰ ইণ্ডিয়ান মিলিটেৰী একাডেমী, কেৰালাৰ এঝিমালাস্থিত ইণ্ডিয়ান নেভেল একাডেমী আৰু হায়দৰাবাদৰ এয়াৰফ’ৰ্ছ একাডেমীত প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে এই প্রার্থীসকলক বাছনি কৰা হৈছে৷
ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ ১০০টা ভিতৰত ১৩টা পদ, কেৰালাৰ এঝিমালাৰ ইণ্ডিয়ান নেভেল একাডেমীৰ ৪৫টা পদৰ ভিতৰত ছটা পদ আৰু হায়দৰাবাদৰ এয়াৰফ’ৰ্ছ একাডেমীৰ ৩২টা পদৰ ভিতৰত তিনিটা এনচিচিৰ 'চি' প্ৰমাণ পত্ৰ লাভ কৰাৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। আয়োগে লিখিত পৰীক্ষাত মিলিটেৰী একাডেমীৰ বাবে ২,৬৯৯, নেভেল একাডেমীৰ বাবে ১,৫৯২ আৰু এয়াৰফ’ৰ্ছ একাডেমীৰ বাবে ৬১১ জনক যোগ্য হিচাপে ঘোষণা কৰিছিল। এছএছবিয়ে প্ৰতিৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয়ে অনুষ্ঠিত কৰা বাছনিৰ পাছত এওঁলোকৰ পৰীক্ষা পাতে৷ তাৰ ওপৰত ভিত্তি কৰি চূড়ান্ত ফলাফল প্ৰকাশ কৰা হৈছে। প্রার্থীসকলৰ স্বাস্থ্য পৰীক্ষা বৰ্তমানেও সম্পূর্ণ হোৱা নাই৷ তদুপৰি, সেনাবাহিনীৰ মুখ্য কাৰ্যালয়ত এওঁলোকৰ জন্ম আৰু শিক্ষাগত যোগ্যতাৰ পৰীক্ষণ প্ৰক্রিয়া এতিয়াও চলি আছে। সেয়েহে, এই বাছনি পর্বক সাময়িক বুলি বিবেচনা কৰা হ’ব৷ প্রার্থীসকলে তেওঁলোকৰ জন্ম, শিক্ষাগত যোগ্যতাকে ধৰি যাৱতীয় নথিৰ মুল আৰু প্ৰত্যায়িত কপি লৈ সেনাবাহিনী, নৌ সেনা বাহিনী আৰু বায়ু সেনা বাহিনীৰ মুখ্য কাৰ্যালয়ত যোগাযোগ কৰিব লাগিব৷
যদি কোনো প্রার্থীৰ ঠিকনা সলনি হয়, তেতিয়াহ’লে তেওঁ তাৎক্ষণিকভাৱে সেনাবাহিনী, নৌ সেনা বাহিনী বা বায়ু সেনা বাহিনীৰ মুখ্য কাৰ্যালয়ত জনাব লাগিব৷ ইউপিএছচিৰ ৱেবছাইটhttp://www.upsc.gov.inত চূড়ান্ত ফলাফল উপলব্ধ হ’ব৷ তাত প্রার্থীসকল কোনে কিমান নম্বৰ পাইছে, সেই বিষয়টো বিষয়া প্ৰশিক্ষণ একাডেমীৰ চূড়ান্ত ফলাফল প্ৰকাশৰ পাছত ৱেবছাইটত প্ৰকাশিত হ’ব৷ এই বিষয়ত যিকোনো তথ্য জানিবলৈ প্রার্থীসলে আয়োগৰ কাৰ্যালয়ৰ 'চি' প্ৰৱেশদ্বাৰত যোগাযোগ কৰিব পাৰে৷ তেওঁলোকে সোঁ-শৰীৰে নগৈ ০১১-২৩৩৮৫২৭১/১১২৫ আৰু ০১১-২৩০৯ ৮৫৪৩ নম্বৰত কাৰ্যালয় খোলা দিনা পুৱা ১০বজাৰ পৰা বিয়লি ৫বজাৰ ভিতৰত ফোন কৰিও জানিব পাৰে৷
চূড়ান্ত ফলাফল চাবলৈ এই লিংকত ক্লিক কৰক-
https://static.pib.gov.in/WriteReadData/userfiles/CDSII_2019_FQ_PRESSNOTE.pdf
<><><><><>
SNC/DB
(Release ID: 1650531)