ৰেল মন্ত্ৰালয়

ৰেলৱে’ তথা বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পিয়ুষ গোৱেলে ডিএফচিচিআইএলৰ প্ৰগতি পৰ্যবেক্ষণ কৰে

ডিএফচিচিআইএলে নিৰ্ধাৰিত সময়ৰ ভিতৰত অথবা তাৰ পূৰ্বে নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ ইচ্ছুক ঠিকাদাৰক ইনচেণ্টিভ আগবঢ়োৱাৰ সম্ভাৱনা সন্দৰ্ভত সিদ্ধান্ত ল’ব

কিলোমিটাৰৰ পৰা কিলোমিটাৰলৈ ৰিয়েল টাইম প্ৰকল্প নিৰীক্ষণ আৰু ফল’ আপৰ বাবে ডিএফচিচিআইএলৰদ্বাৰা ডেশ্ববৰ্ড সৃষ্টি

ডেশ্ববৰ্ডৰ জৰিয়তে অভাৱ-অভিযোগ নিষ্পত্তিৰ ব্যৱস্থা

ৰাজ্যৰ সৈতে সমন্বয় বৰ্তাই ৰাখি মিছন মুডত সকলো সমস্যা দূৰ কৰা প্ৰকল্পৰ সাপ্তাহিক প্ৰগতিৰ নিয়মীয়া নিৰীক্ষণ

Posted On: 01 SEP 2020 1:18PM by PIB Guwahati

লৱে তথা বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পিয়ুষ গোৱেলে উৎসৰ্গিত মালবাহী কৰিডৰ কৰ্পৰেচন ইণ্ডিয়া লিমিটেড(ডিএফচিচিআইএল)ৰ প্ৰগতিৰ বুজ লয়। অনুষ্ঠানত ৰেলৱেৰ্ড, ডিএফচিচিআইএলৰ শীৰ্ষ বিষয়ববীয়াসকল আৰু অস্থায়ী এজেন্সীসমূহ উপস্থিত থাকে।

বৈঠকৰ সময়ত জেষ্ঠ বিষয়াসকলে প্ৰকল্পৰ বৰ্তমানৰ স্থিতি প্ৰদৰ্শন কৰে।

শ্ৰী গোৱেলে ডিএফএফচিআইএলৰ মেনেজমেণ্ট দল আৰু কন্ট্ৰেক্টৰক কামৰ গতি তীব্ৰ কৰিবলৈ যথাসম্ভৱ প্ৰয়াস চলাবলৈ নিৰ্দেশ দিয়ে। পৰ্যালোচনা বৈঠকত প্ৰত্যেকটো বিভাগৰ প্ৰস্তুতি বিস্তৃতভাৱে আলোচনা কৰা হয়।

প্ৰকল্পৰ গতি দ্ৰুত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিম্নোক্ত পৰামৰ্শসমূহ আগবঢ়ায়ঃ

) সকলো কন্ট্ৰেক্টৰ, ব্যৱসায় আৰু যোগানকাৰীৰ সৈতে নিয়মীয়াকৈ সাপ্তাহিক বৈঠকৰ আয়োজন।

) নিৰ্ধাৰিত সময়ৰ ভিতৰত অথবা তাৰ পূৰ্বে নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ ইচ্ছুক ঠিকাদাৰক ইনচেণ্টিভ আগবঢ়োৱা।

) কিলোমিটাৰৰ পৰা কিলোমিটাৰলৈ ৰিয়েল টাইম প্ৰকল্প নিৰীক্ষণ আৰু ফল’ আপৰ বাবে ডিএফচিচিআইএলৰদ্বাৰা ডেশ্ববৰ্ড সৃষ্টি।

উৎসৰ্গিত মালবাহী কৰিড (ডিএফচি)হল ভাৰত চৰকাৰে ৰূপায়ন কৰা এটা অন্যতম বৃহৎ ৰেল আন্তঃগাথনিমূলক প্ৰকল্প(মুঠ দৈৰ্ঘ ৩৩৬০কিলোমিটাৰ)। ইয়াৰ বাবে মুঠ ব্যয় ধাৰ্য কৰা হৈছে ৮১,৪৫৯ কোটি।

*****

DJN/MKV/MS



(Release ID: 1650494) Visitor Counter : 106