ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

খাদী মাস্কৰ জনপ্ৰিয়তা বৃদ্ধি; ৰেড ক্ৰছ ছ’চাইটিৰপৰা পুনৰাই ১০.৫ লাখ ফেচ মাস্কৰ অৰ্ডাৰ লাভ কেভিআইচিৰ

Posted On: 31 AUG 2020 5:38PM by PIB Guwahati

খাদী আৰু গ্ৰামোদ্যোগ আয়োগ (কেভিআইচি)এ ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটি (আইআৰচিএছ)ৰপৰা পুনৰাই ১০.৫ লাখ উচ্চ মানদণ্ডৰ ফেচ মাস্ক যোগানৰ বাবে অৰ্ডাৰ লাভ কৰিছে যি হৈছে আয়োগে অদ্যপি লাভ কৰা মাস্ক যোগানৰ অৰ্ডাৰসমূহৰ ভিতৰত সৰ্ববৃহৎ। এই নতুন অৰ্ডাৰটো পূৰ্ববৰ্তী অৰ্ডাৰটোৰ লেন-দেন সম্পন্ন হোৱাৰ এমাহতকৈয়ো কম সময়ৰ ভিতৰতে লাভ কৰা হৈছে। উল্লেখ্যযোগ্য যে ছ’চাইটিৰ ১.৮০ লাখ ফেচ মাস্কৰ অৰ্ডাৰৰ বিপৰীতে কেভিআইচিয়ে ইতিমধ্যে ১.৬০ লাখ ফেচ মাস্ক যোগান ধৰিছে।

শেহতীয়াভাৱে ৩.৩০ কোটি টকাৰ উক্ত নতুন অৰ্ডাৰটো লাভ কৰা হৈছে আৰু এই সপ্তাহৰ পৰাই যোগান আৰম্ভ হ’ব। মাত্ৰ কেইটামান দিনৰ ভিতৰতে কেভিআইচিয়ে অৰ্ডাৰটোৰ যোগান সম্পূৰ্ণ কৰি তুলিব। এই ফেচ মাস্কৰ মানদণ্ড প্ৰথম অৰ্ডাৰ অনুসৰি যোগান ধৰা মাস্কৰ সম পৰ্যায়ৰ। কেভিআইচিৰদ্বাৰা সু মানসম্পন্ন আৰু সময়োচিত যোগানৰ ফলশ্ৰুতিতে আইআৰচিএছৰপৰা শেহতীয়াকৈয়ো অৰ্ডাৰটো আহিল।

মাস্ক-প্ৰস্তুত ক্ৰিয়াৰ জৰিয়তে দেশখনত বহনক্ষম নিয়োগ সৃষ্টিত কেভিআইচিৰ প্ৰচেষ্টাৰ শলাগ লৈছে এমএছএমই দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে। তেওঁ কয়, ফেচ মাস্ক ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে অতিশয় ফলপ্ৰসূ প্ৰতিৰোধী সামগ্ৰী হৈ পৰাতে; ইয়াৰ উৎপাদনে কাৰিকৰসকলৰ বাবে বৰ্ধিত-পৰিসৰত কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে।

ইয়াৰ ফলত ঘৰুৱা উৎপাদন ত্বৰান্বিত হোৱাৰ সমান্তৰালভাৱে খাদী শিল্পীসকলৰ বাবে ই প্ৰায় অতিৰিক্ত ৫০,০০০ অতিৰিক্ত কৰ্ম দিনৰ সৃষ্টি কৰিব। এই অৰ্ডাৰটো পূৰ্ণ কৰিবলৈ ১ লাখ মিটাৰৰো অধিক হস্তনিৰ্মিত কটন খাদী ফেব্ৰিকৰ প্ৰয়োজন হ’ব যিসমূহ ভিন্ন ৰাজ্যৰ বহু খাদী প্ৰতিষ্ঠানৰদ্বাৰা যোগান ধৰা হ’ব। ই শিল্পীসকলৰ বাবে কৰ্মসংস্থাপনৰ বাট মুকলি কৰাৰ লগতে বোৱা-কটা কাৰ্যক উদ্বুদ্ধ কৰিব।

আইআৰচিএছৰ পৰা শেহতীয়াভাৱে লাভ কৰা অৰ্ডাৰটোক আদৰণি জনাই কেভিআইচিৰ অধ্যক্ষ শ্ৰী বিনয় কুমাৰ চেক্সেনাই কয়, “যঁতৰ হৈছে অৰ্থনৈতিক স্বাধীনতাৰ এটি আহিলা। এই জটিল সময়ত এনে এটা ডাঙৰ অৰ্ডাৰে বোৱা-কটা কাৰ্যৰ অগ্ৰগমন নিশ্চিত কৰিব আৰু আমাৰ খাদী শিল্পীসকললৈ অৰ্থনৈতিক বহনক্ষমতাৰ পথ প্ৰশস্ত কৰি তুলিব।“

উল্লেখযোগ্য, খাদী ফেচ মাস্ক যোগানৰ বাবে এতিয়ালৈকে কেভিআইচিয়ে লাভ কৰা অৰ্ডাৰসমূহৰ ভিতৰত এইটোৱেই হৈছে সৰ্ববৃহৎ। পূৰ্বে, লকডাউনৰ সময়ছোৱাত জম্মু-কাশ্মীৰ চৰকাৰে ৭ লাখ মাস্ক ক্ৰয় কৰিছিল। কেভিআইচিয়ে তদুপৰি ৰাষ্ট্ৰপতি ভৱন, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰণালয়সমূহৰ পুনৰ অৰ্ডাৰ লাভ কৰিছে আৰু কেভিআইচিৰ ই-পৰ্টেলৰ জৰিয়তেও সাধাৰণ নাগৰিকৰপৰা অৰ্ডাৰ লাভ কৰিছে।

ৰঙা পটি থকা আৰু বাদামী ৰঙৰ ১০০% দুতৰপীয়া হস্তনিৰ্মিত কটন ফেব্ৰিকৰ জৰিয়তে আইআৰচিএছৰ মাস্কসমূহ প্ৰস্তুত কৰা হৈছে। ৰেড ক্ৰছ ছ’চাইটিয়ে আগবঢ়োৱা নমুনাৰ ওপৰত ভিত্তি কৰি কেভিআইচিয়ে বিশেষভাৱে ছ’চাইটিৰ বাবে এই দুতৰপীয়া কটন মাস্ক ডিজাউন কৰিছে। এই মাস্কৰ বাঁওফালে এটা সুদৃশ্য আইআৰচিএছৰ ল’গ’ আৰু সোঁফালে খাদী ইণ্ডিয়াৰ টেগ খোদিত কৰা হৈছে। আন খাদী ফেচ মাস্কৰ দৰেই, আইআৰচিএছৰ বাবে প্ৰস্তুত কৰা মাস্কসমূহো ধুব পৰা, পুনৰ ব্যৱহাৰযোগ্য, ছালৰ বাবে অনুকূল আৰু জীৱানুবিয়োজ্য।

******

RCJ/SKP/IA/SB



(Release ID: 1650273) Visitor Counter : 145