বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

স্বয়ংক্ৰিয়ভাৱে পৰিস্কাৰ কৰিব পৰা ধাতৱীয় পৃষ্ঠভাগৰ একস্তৰীয় লেজাৰভিত্তিক ফেব্ৰিকেশ্যনে মামৰ ধৰাৰ পৰা ৰক্ষা কৰিব পাৰে

Posted On: 31 AUG 2020 12:59PM by PIB Guwahati

মামৰ ধৰিব পৰা ধাতৱীয় পদাৰ্থৰ পৃষ্ঠভাগত বেক্টেৰিয়া সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে এদল বিজ্ঞানীয়ে উন্নত প্ৰযুক্তিৰ লেজাৰ-ভিত্তিক এক পদ্ধতি উদ্ভাৱন কৰি উলিয়াইছে। এই পদ্ধতিটো পৰিৱেশ অনুকূলকৈ সজোৱা হৈছে। ইয়াৰ সহায়ত চিকিৎসা সংক্ৰান্তীয় সৰঞ্জামসহ অন্যান্য যন্ত্ৰপাতি তথা আন্তঃগাঁথনিৰ সামগ্ৰীবোৰতো মামৰ প্ৰতিৰোধ কৰিব পৰা যাব।

 

কেন্দ্ৰৰ বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ স্বতন্ত্ৰ সংস্থা, ইন্টাৰনেশ্যনেল এডভান্সড্ ৰিচাৰ্ছ চেন্টাৰ ফৰ পাউডাৰ মেটালাৰ্জি এণ্ড নিউ মেটেৰিয়েলছৰ এদল বিজ্ঞানীয়ে মামৰ প্ৰতিৰোধী এই প্ৰক্ৰিয়াটো উদ্ভাৱন কৰি উলিয়াইছে। তেওঁলোকৰ দ্বাৰা আৱিষ্কৃত এই ব্যৱস্থাত লেজাৰৰ সহায়ত ফেমটো ছেকেণ্ড ( ছেকেণ্ডৰ ১০ লাখ ভাগৰ এভাগ) যদিহে ধাতৱ পদাৰ্থৰ ওপৰত প্ৰয়োগ কৰা হয়, তেন্তে সেয়া মামৰ প্ৰতিৰোধী হৈ পৰিব। ইয়াৰ উপৰিও, কোনো বেক্টেৰিয়া তাত সৃষ্টি নোৱাৰিব। সাধাৰণতে, মামৰ আঁতৰোৱাৰ বাবে দুইতৰপীয়া ব্যৱস্থা গ্ৰহণ কৰা হয়। প্ৰথমটো স্তৰত হাতেৰে বামেনুৱেলিধাতৱীয় পদাৰ্থ আঁতৰোৱা হয়, আৰু ইয়াৰ পিছৰ পৰ্যায়ত ৰাসায়নিক সামগ্ৰীৰে মূল অংশটো ৰখা হয়।

[পেটেণ্ট:

ৰবি বাথে, কে এছ শ্ৰিণ আৰু জি পদ্মনাভন “Method for Preparing Multifunctional and Isotropic, Uni-directional Superhydrophobic Surfaces using Ultrafast Laser” ভাৰতীয় পেটেণ্ট ক্ষেত্ৰত (24512/2020-DEL; dated 27/05/2020)

প্ৰকাশন লিংক

https://doi.org/10.1520/MPC20180090

সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক - ড. ৰবি এন বাথে (ravi@arci.res.in)]

চিত্ৰ ১: 3D Optical and SEM images of laser surface modified stainless steel surfaces showing microgrooves and microspikes with periodic nanostructure over it.

চিত্ৰ ২: The schematic diagram shows the directional superhydrophobicity on different surface features. Profile of water droplet on laser modified stainless steel surface (contact angle ~ 170 degree).

 

উল্লেখ্য যে এয়া এক অতি সময়সাপেক্ষ আৰু ব্যয়বহুল প্ৰক্ৰিয়া। এই ক্ষেত্ৰত এনে কিছু ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়, যিবোৰ পৰিৱেশ প্ৰদূষণৰ কাৰণ পাৰে। আনকি, এই পদাৰ্থ প্ৰয়োগৰ পিছত আন্তঃগাঁথনিৰ আয়ুস কমি যায়। কিন্তু নতুন লেজাৰভিত্তিক এই ব্যৱস্থাপনা পৰিৱেশ অনুকূল হোৱাৰ উপৰি আন্তঃগাঁতনিতো কোনো ক্ষতি নকৰে।

*****

NB/KGS(DST Media Cell)/RD



(Release ID: 1650271) Visitor Counter : 101