পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

যোৱা তিনিটা বছৰৰ একেচোৱা সময়ত আবণ্টিত পথৰ হিচাপত ২০-২১ বিত্তীয় বৰ্ষত সৰ্বাধিক দৈৰ্ঘ্যৰ পথ নিৰ্মাণ প্ৰকল্পৰ আৱণ্টন

২০২০ৰ এপ্ৰিল-আগষ্টত ৩১,০০০ কোটি টকা ব্যয় সাপেক্ষ ৭৪৪কিলোমিটাৰ দৈৰ্ঘ্যৰ ২৬টা প্ৰকল্পৰ আৱণ্টন

Posted On: 31 AUG 2020 5:41PM by PIB Guwahati

ভিড-১৯য়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ পিচতো ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰধিকৰণয়ে বিগত তিনি বছৰৰ এই একেচোৱা সময়ৰ তুলনাত ২০২০-২১বিত্তীয় বৰ্ষৰ এই পৰ্যন্ত সৰ্বাধিক দৈৰ্ঘ্যৰ পথ নিৰ্মাণ প্ৰকল্পৰ কাম আৱণ্টিত কৰিছে। প্ৰধিকৰণৰ তথ্য মতে এপ্ৰিলৰ পৰা আগষ্টৰ মাজৰ এইচোৱা সময়ত ৭৪৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ বাবে মুঠ ২৬টা প্ৰকল্পৰ কাম আৱণ্টিত কৰিছে। পিচে, এই একেচোৱা সময়ত ২০১৯-২০, ২০১৮-১৯ আৰু ২০১৭-১৮ বিত্তীয় বৰ্ষত ক্ৰমে ৬৭৬, ৩৬৮ আৰু ৫০৪কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ বাবেহে প্ৰকল্পৰ আৱণ্টন দিয়া হৈছিল। এইবেলি আৱণ্টিত ২৬টা প্ৰকল্পৰ বাবে ৩১,০০০কোটি টকাৰ মূলধনী ব্যয় নিৰ্দ্ধাৰণ কৰা হৈছে।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰধিকৰণে চলিত বিত্তীয় বৰ্ষৰ ভিতৰত ৪৫০০কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছিল আৰু বিত্তীয় বৰ্ষটোৰ ভিতৰত এই লক্ষ্য অনায়সে অতিক্ৰম কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

দেশত অব্যাহত থকা লকডাউনৰ মাজতো প্ৰাধিকৰণে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ওপৰত ভৰসা কৰি নিবিদাকাৰীসকলে যাৱতীয় তত্পৰতা প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছিল। ঠিকাদাৰসকলৰ কাম-কাজত পুঁজিৰ সমস্যা সৃষ্টি নহবৰ বাবে প্ৰধিকৰণে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ সুবাদত লকডাউনৰ মাজতো প্ৰকল্পসমূহৰ কাম নিয়াৰিকৈ চলি আছিল আৰু যোৱা মাৰ্চত প্ৰধিকৰণে ডিজিটেল মাধ্যমৰে ১০,০০০ কোটি টকাৰ পুঁজি ঠিকাদাৰসকলক বিতৰণ কৰিবলৈ সক্ষম হয়।

ইফালে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিকতো প্ৰধিকৰণে প্ৰকল্পৰে জড়িত বিভিন্ন পক্ষলৈ ১৫০০কোটিৰো অধিক টকাৰ পুঁজি মোকলাই দিছে। 

***

RCJ/MS/KB



(Release ID: 1650244) Visitor Counter : 116