ৰেল মন্ত্ৰালয়

ৰে’ল ৰাজ্যিক মন্ত্ৰী সুৰেশ চি অঙ্গদি আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি.এছ. য়েদুৰাপ্পাই মুকলি কৰিলে দক্ষিণ-পশ্চিম ৰে’লৱেৰ নেলামঙ্গলাৰ পৰা বেল পৰ্যন্ত RORO সেৱা

Posted On: 30 AUG 2020 12:43PM by PIB Guwahati

ৰে’ল ৰাজ্যিক মন্ত্ৰী সুৰেশ চি অঙ্গদি আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি.এছ. য়েদুৰাপ্পাই আজি দক্ষিণ-পশ্চিম ৰে’লৱেৰ নেলামঙ্গলাৰ পৰা বেল পৰ্যন্ত RORO সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে।

 

এই মুকলি অনুষ্ঠানত ৰে’ল বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়, এই সেৱা আৰম্ভৰ ফলত বেঙ্গালুৰুৰ পৰা ছোলাপুৰৰ মাজত হাজাৰ হাজাৰ ট্ৰাক চলাচল কৰিব পাৰিব। এতিয়াৰে পৰা এই সেৱাৰ ফলশ্ৰুতিতে ১৭ ঘণ্টাতকৈও কম সময়তে গন্তব্য স্থানত উপস্থিত হ’ব পৰা যাব। ক’ভিড-১৯ পৰিস্থিতিৰ কাৰণে এই সেৱা কাৰ্যকৰীকৰণত সাময়িকভাৱে বিলম্ব হৈছিল।

আজি এই সেৱা আৰম্ভ হোৱাৰ ফলত কৃষি পণ্য আৰু কৃষিজাত সাৰ পৰিবহনত বিশেষ সুবিধা পোৱা যাব। তেওঁ এই সেৱাৰ আৰম্ভণিৰ ক্ষেত্ৰত ৰে’ল কৰ্মীসকলক অভিনন্দন জনাইছে। তেওঁ কৈছে, তেওঁলোকৰ নিৰলস প্ৰচেষ্টাৰ ফলতেই এই কাম সম্ভৱ হৈছে।

 

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে এই সেৱা আৰম্ভ হোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছে। তেওঁ কয়, ইয়াৰ ফলত কৰ্ণাটক ৰাজ্যৰ দীৰ্ঘদিনৰ দাবী পূৰ্ণ হ’ল। এই সেৱা আৰম্ভ হোৱাৰ ফলত কৃষিজাত পণ্য বজাৰজাত কৰাটোও সম্ভৱপৰ হ’ব।

***

DJN/MKV/RD



(Release ID: 1649923) Visitor Counter : 126