গৃহ মন্ত্ৰালয়

২৮ আগষ্ট, ২০২০ তাৰিখে ব্যুৰ’ অৱ পুলিচ ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্ট প্ৰতিষ্ঠানৰ সুবৰ্ণ জয়ন্তী বৰ্ষ উদযাপন

Posted On: 28 AUG 2020 4:46PM by PIB Guwahati

ব্যুৰ’ অৱ পুলিচ ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্ট (বিপিআৰ এণ্ড ডি)-এ কাইলৈ ইয়াৰ স্বৰ্ণজয়ন্তী বৰ্ষ উদযাপন কৰিব। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আৰু মন্ত্ৰালয়ৰ সচিব শ্ৰী অজয় কুমাৰ ভাল্লাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই অনুষ্ঠান ভাৰ্চুৱেল পদ্ধতিত আয়োজন কৰা হ’ব। ভিডিঅ’ লিংকৰ মাধ্যমেৰে বিপিআৰ এণ্ড ডি প্ৰতিষ্ঠানৰ সদৰ দপ্তৰৰ পৰা অনুষ্ঠানটো প্ৰত্যক্ষভাৱে দেখা পোৱা যাব।

 

১৯৭০ চনৰ ২৮ আগষ্টত পুলিচৰ কাম-কাজৰ উৎকৰ্ষতাৰ প্ৰসাৰ, পুলিচৰ যাৱতীয় সমস্যাৰ দ্ৰুত আৰু পদ্ধতিগত অধ্যয়ন তথা পুলিচৰ কাম-কাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰয়োগক কামত নিয়োজিত কৰাৰ উদ্দেশ্যে ব্যুৰ’ অৱ পুলিচ ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্টৰ প্ৰতিষ্ঠা কৰা হৈছিল। ১৯৭৩ চনত প্ৰশিক্ষণ ডিভিশ্যনকো ইয়াত অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ পিছতেই, ১৯৯৫ চনত সংশোধনাগাৰ আৰু সংশোধনাগাৰৰ সংস্কাৰৰ বিষয়বোৰৰ খুটি নাটি ভালকৈ চোৱাৰ উদ্দেশ্যেৰে সংশোধনাগাৰ ভিডিশ্যনটোক প্ৰতিষ্ঠানৰ আওতালৈ অনা হয়। ২০০৮ চনত ৰাষ্ট্ৰীয় পুলিচ মিশ্যনক প্ৰতিষ্ঠানৰ সৈতে চামিল কৰি ডেভেলপমেণ্ট ডিভিশ্যনৰ পুনৰ্গঠন কৰি মৰ্ডানাইজেশ্যন ডিভিশ্যন গঠন কৰা হয়।

 

বিপিআৰ এণ্ড ডিয়ে ইতিমধ্যেই অতিক্ৰম কৰি অহা বছৰবোৰত একাধিক দায়িত্ব আৰু কৰ্তব্যৰ ক্ষেত্ৰত নিজৰ কাম-কাজ জড়িত কৰি আহিছে। তাৰ লগতে, সমগ্ৰ পুলিচী ব্যৱস্থাৰ আংগিক পৰিৱৰ্তনত বৃহৎ ভুমিকা গ্ৰহণ কৰিছে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে যোৱা বছৰ বিপিআৰ এণ্ড ডি প্ৰতিষ্ঠানৰ ৪৯তম বাৰ্ষিকীত অংশগ্ৰহণ কৰি প্ৰতিষ্ঠানৰ কাম-কাজৰ প্ৰশংসা কৰি সুবৰ্ণ জয়ন্তী বৰ্ষ উদযাপনৰ বাবে আগতীয়া শুভেচ্ছা জনাইছিল।

 

প্ৰতিষ্ঠানটোৱে বিগত পাঁচটা দশকত ভাৰতীয় পুলিচী ব্যৱস্থাৰ সঠিক ৰূপদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। পুলিচ কৰ্মীসকলৰ প্ৰশিক্ষণ, তেওঁলোকৰ দক্ষতা বৃদ্ধি আৰু তেওঁলোকক বিচক্ষণ কৰি তোলাৰ বাবে একাধিক কাৰ্যসূচী পৰিচালনা কৰিছে। ইয়াৰ উদ্দেশ্য আছিল, পুলিচ বাহিনীক অত্যাধুনিক প্ৰযুক্তি আৰু চেলেঞ্জবোৰ সম্পৰ্কে সচেতন কৰি সমগ্ৰ ব্যৱস্থাৰ আধুনিকীকৰণত বিগত পাঁচ বছৰত এই প্ৰতিষ্ঠানটোৱে পুলিচ বিষয়াসকলৰ দক্ষতা বৃদ্ধিৰ লগতে প্ৰায় ৫৫ হাজাৰ বিষয়া আৰু পুলিচ কৰ্মীক দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ প্ৰদান কৰিছে।

*****

NW/RK/PK/AD/DDD/RD



(Release ID: 1649456) Visitor Counter : 144