ভাৰতীয় নিৰ্বাচন আয়োগ

শ্ৰী অশোক লাভাছাক বিদায় সম্বৰ্ধনা ভাৰতৰ নিৰ্বাচন আয়োগৰ

ভাৰতৰ নিৰ্বাচন আয়োগে লগতে ন্যায়িক ৰায়দানৰ সাৰাংশ, লেণ্ডমাৰ্ক জাজমেণ্টৰ ষষ্ঠ সংস্কৰণো উন্মোচন কৰে

Posted On: 28 AUG 2020 5:23PM by PIB Guwahati

ফিলিপাইনছৰ মেনিলাত এছিয়ান ডেভেলপমেণ্ট বেংকৰ উপাধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিবলগীয়া বিদায়ী নিৰ্বাচনী আয়ুক্ত শ্ৰী অশোক লাভাছাক আজি ভাৰতৰ নিৰ্বাচন আয়োগে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে৷ লাভাছাই ২০১৮চনৰ ২৩ জানুৱাৰীত ইচিআইত নিৰ্বাচনী আয়ুক্ত হিচাপে যোগদান কৰিছিল আৰু তেওঁৰ কাৰ্যকাল ৩১ আগষ্ট, ২০২০ত অন্ত পৰিব৷

মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল অ’ৰোৰাই অশোক লাভাছাক পৰৱৰ্তী দায়িত্বৰ বাবে শুভেচ্ছা জনাই সেই ক্ষেত্ৰত সফলতা কামনা কৰে৷ তেওঁ কয় যে নিৰ্বাচনী আয়োগৰ ক্ষতি যদিও এডিবিৰ লাভ হৈছে, য’ত লাভাছাই ক’ভিডৰ পাছৰ অৰ্থনীতি পুনৰ গঠনৰ বাবে এক বহুল মঞ্চ লাভ কৰিব৷

এই উপলক্ষে নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰাই তেওঁৰ ভাষণত বিত্ত মন্ত্ৰালয়ত অশোক লাভাছাই কৰা কাম-কাজৰ প্ৰশংসা কৰে৷ তেওঁ ক’ভিডৰ সময়ত অনুষ্ঠিত নিৰ্বাচনৰ ক্ষেত্ৰত ব্যাপক নিৰ্দেশনা প্ৰস্তুত কৰাত লাভাছাৰ মাৰ্গদৰ্শনৰো শলাগ লয়৷ আয়োগে লগতে নিৰ্বাচনী ব্যয় বিভাগৰ সঞ্চালক বিক্ৰম বাট্ৰাকো বিদায় সম্বৰ্ধনা জনায়৷

ভাৰতৰ নিৰ্বাচন আয়োগে লগতে ন্যায়িক ৰায়দানৰ সাৰাংশ, লেণ্ডমাৰ্ক জাজমেণ্টৰ ষষ্ঠ সংস্কৰণো উন্মোচন কৰে, য’ত ২০১৭ৰ জানুৱাৰীৰ পৰা ২০১৯ৰ মে’ত অনুষ্ঠিত লোকসভা নিৰ্বাচনলৈকে উচ্চতম ন্যায়ালয় আৰু বিভিন্ন উচ্চ ন্যায়ায়ৰে প্ৰদান কৰা ৰায়দান অন্তৰ্ভূক্ত কৰা হৈছে৷ আয়োগে ইয়াৰ এক ই-সংস্কৰণো মুকলি কৰিছে৷ সেইটো চাবলৈ এই লিংকত ক্লিক কৰিব পাৰে- https://eci.gov.in/ebooks/landmark-judgment/index.html

***********

SBS/DB



(Release ID: 1649428) Visitor Counter : 183