হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

পিএম স্বনিধিৰ অলনাইন ডেশ্ববোৰ্ড আৰম্ভ

আঁচনিখনৰ সন্দৰ্ভত তথ্য শ্বেয়াৰ কৰা আৰু নিৰীক্ষণ কৰাৰ সংপৃক্ত সমাধান

আঁচনিখনৰ অধীনত ৭.১৫লাখতকৈ অধিক আৱেদন লাভ কৰা হৈছে; ১.৭ লাখতকৈ অধিক আৱেদনত অনুমোদন

Posted On: 28 AUG 2020 4:02PM by PIB Guwahati

কেন্দ্রীয় গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব শ্রী দুর্গা শংকৰ মিশ্ৰই আজি ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰী পদপথৰ দোকানী আত্মনির্ভৰ নিধি(পিএম স্বনিধি) আঁচনিৰ অনলাইন ডেশ্ববোৰ্ড আঁচনিৰ আৰম্ভ কৰে৷

এই অনলাইন ডেশ্ববোর্ডৰ জৰিয়তে চহৰসমূহত পিএম স্বনিধি আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ নিৰীক্ষণ কৰিব পৰা যাব৷ জুলাইৰ পৰা পিএম স্বনিধি আঁচনিৰ অনলাইনযোগে আৱেদনপত্ৰ দাখিলৰ কাম আৰম্ভ হৈছে৷ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ৭.১৫ লাখতকৈ অধিক আৱেদনপত্ৰ জমা হৈছে। ইতিমধ্যে ১.৭লাখতকৈ অধিক আৱেদন পত্ৰত অনুমোদন জনোৱা হৈছে৷

ক’ভিড-১৯ লকডাউনৰ ফলত চহৰাঞ্চলৰ পদপথৰ দোকানীসকলৰ জীৱিকাত বিৰূপ প্ৰভাৱ পৰিছে। এই দোকানীসকলে যাতে সহজ উপায়েৰে তেওঁলোকৰ ব্যৱসায়ৰ বাবে মূলধন যোগাৰ কৰিব পৰাকৈ মন্ত্ৰালয়ে ১ জুনত পিএম স্বনিধি আঁচনিৰ শুভাৰম্ভ কৰে৷ ইয়াৰ ফলত চহৰাঞ্চল আৰু অৰ্ধ চহৰ, অৰ্ধ গ্রামীণ এলেকাত ২৪ মার্চৰ পূৰ্বে যিসকল দোকানীয়ে পদপথত ব্যৱসায় কৰিছিল, তেওঁলোক উপকৃত হ’ব৷ এই সংখ্যা ৫০ লাখতকৈ অধিক৷ এই আঁচনিৰ অধীনত এগৰাকী দোকানীয়ে ১০,০০০ টকাকৈ মূলধন লাভ কৰিব৷ এই টকা তেওঁলোকে এবছৰৰ ভিতৰত প্ৰতি মাহে কিস্তিৰ হিচাপত পৰিশোধ কৰিব লাগিব৷ সঠিক সময়ত বা তাৰ আগেয়ে ঋণ পৰিশোধ কৰিলে সুদৰ ৰাজসাহায্যৰ বাবদ শতাংশ ধন হিতাধিকাৰীসকলৰ বেংক একাউণ্টত তিনি মাহৰ ভিতৰত জমা হ’ব৷ কোনোবাই যদি নিৰ্দিষ্ট সময়ৰ পূৰ্বেই ঋণ পৰিশোধ কৰে, তেতিয়াহ’লে তেওঁ কোনো জৰিমনা ভৰিব নালাগে৷ এই আঁচনিত ডিজিটেল প্ৰক্রিয়াৰে আর্থিক লেনদেন কৰাত সাহিত কৰা ব৷ কোনো দোকানীয়ে যদি ডিজিটেল পদ্ধতিত আর্থিক লেনদেন কৰে, তেতিয়াহ’লে তেওঁক প্ৰতি মাহে ১০০টকাকৈ ভাট্টা প্ৰদান কৰা হ’ব৷ দোকানীসকলে তেওঁলোকৰ আর্থিক সমৃদ্ধিৰ বাবে এই ঋণৰ সুবিধা লৈ সেয়া সময়মতে পৰিশোধ কৰিলে এই আঁচনিৰ সকলো সুবিধা লাভ কৰিব৷

***

RJ/NG/DB



(Release ID: 1649389) Visitor Counter : 175