বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

ঔদ্যোগিক কাম-কাজত উৎসাহ যোগোৱা আৰু বিনিয়োগৰ বিষয়ক লৈ ৰাজ্যৰ উদ্যোগমন্ত্রী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসকসকলৰ সৈতে ভাৰ্চুৱেল বৈঠক শ্রী পীযূষ গোৱেলৰ

ৰাষ্ট্ৰীয় জিআইএছসক্ষম ভূমি বেংক ব্যৱস্থাৰ শুভাৰম্ভ

সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক 'টীম ইণ্ডিয়া'ৰ মনোভাৱেৰে কাম কৰিবলৈ আহ্বান শ্ৰী গোৱেলৰ

‘এক জিলা এক সামগ্ৰী'ৰ সন্দৰ্ভত মন্ত্ৰী গোৱেলে কয় যে এই ব্যৱস্থাই অনাগত দিনত ভাৰতক এক উৎপাদনৰ শক্তিস্থল হিচাপে গঢ় দিব

Posted On: 27 AUG 2020 2:57PM by PIB Guwahati

কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগমন্ত্রী শ্রী পীযূষ গোৱেলে আজি বিভিন্ন ৰাজ্যৰ উদ্যোগমন্ত্রী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসকসকলৰ সৈতে ভাৰ্চুৱেল বৈঠকত মিলিত হয়৷ বৈঠকত দেশৰ উদ্যোগৰ পাদন ব্যৱস্থাক আগুৱাই নিয়া, বিনিয়োগ আকৰ্ষণ কৰা,এক জিলা এক সামগ্ৰী(অ’ডিঅ’পি) ইত্যাদিৰ বিষয়ে আলোচনা হয়। ইয়াৰ সমান্তৰালভাৱেআত্মনির্ভৰ ভাৰত' নিৰ্মাণৰ প্ৰক্রিয়াক আগুৱাই নিয়াৰ বিষয়তো আলোচনা কৰা হয়।

অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী গোৱেলে ৰাষ্ট্ৰীয় জিআইএছসক্ষম ভূমি বেংক ব্যৱস্থাৰ শুভাৰম্ভ কৰে৷ এই প’র্টেলটো হ’লhttps://iis.ncog.gov.in/parks ঔদ্যোগিক তথ্য পদ্ধতি(আইআইএছ)এ এই প’ৰ্টেল প্ৰস্তুত কৰিছে৷ এই ব্যৱস্থাৰ সৈতে এতিয়ালৈকে ছখন ৰাজ্য যুক্ত হৈছে। মন্ত্ৰী গোৱেলে চলিত বছৰৰ ডিচেম্বৰৰ ভিতৰত বাকী ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহো যুক্ত হ’ব বুলি বিশ্বাসেৰে কয়৷ তেওঁ কয় যে এই ব্যৱস্থাত ভূমি চিনাক্তকৰণ প্ৰক্রিয়া আৰু অধিক স্বচ্ছ হোৱাৰ লগতে সঠিক তথ্য পোৱা যাব৷

এই আইআইএছ ব্যৱস্থাত ৩,৩০০টা উদ্যোগ পার্কৰ তথ্য আছে৷ ৩১খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪.৭৫লাখ হেক্টৰ ভূমিত এই উদ্যোগ পার্কসমূহ গঢ়ি তোলা হৈছে। ইয়াত কৃষি, উদ্যান, খনিজ পৰ্যায় সম্পর্কীয় বিভিন্ন তথ্য, বনাঞ্চল আৰু কেঁচা মালৰ যোগান সম্পর্কীয় বিভিন্ন তথ্য লাভ কৰিব৷ নেচনেল চেণ্টাৰ অফ জিঅ’-ইনফৰমেটিক্স, নেচনেল ই-গভর্নেন্স ডিভিজন আৰু বৈদ্যুতিন আৰু তথ্যপ্ৰযুক্তি মন্ত্ৰালয়ে এই প্ৰচেষ্টাত সহায় কৰিছে৷

অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰী গোৱেলে কয় যে দেশৰ উদ্যোগ খণ্ডত বিনিয়োগক আকৃষ্ট কৰিবলৈ চৰকাৰে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে৷ ইয়াৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এটা 'টীম ইণ্ডিয়া' দৰে কাম কৰিব লাগিব৷ তেওঁ কয় যে আত্মনির্ভৰশীল দেশত আত্মনির্ভৰ ভাৰত নিৰ্মাণৰ প্ৰয়োজন। অহা পাঁচ বছৰত ভাৰতৰ অর্থনীতিক ৫ ত্ৰিলিয়ন মার্কিন ডলাৰৰ সমান কৰি তোলাৰ লক্ষ্যত উপনীত হ’ব লাগিব৷ সেই ক্ষেত্ৰত দেশৰ পাদক সংস্থাসমূহে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে বুলিও তেওঁ কয়৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে লগতে কয় যে তেওঁলোকৰ হাতত ধৰিয়েই দেশত কর্মসংস্থাপনৰ সুযোগ বৃদ্ধি পাব৷

মন্ত্ৰী গোৱেলে কেন্দ্রীয় চৰকাৰৰ 'মেক ইন ইণ্ডিয়া' কাৰ্যসূচীকে আগুৱাই নিয়াৰ বাবে সকলোকে আহ্বান জনায়৷ আত্মনির্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে স্থানীয় পাদন খণ্ডত গতি আনিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে কয়৷ দেশৰ উদ্যোগ খণ্ডৰ বিনিয়োগ বৃদ্ধিত যাতে কোনো সমস্যা নহয় সেয়া চাবলৈ প্ৰতিখন ৰাজ্যত এজন শীর্ষ বিষয়াক সমন্বয়ৰক্ষী বিষয়া হিচাপে নিয়োগ কৰাৰ বাবে ৰাজ্যৰ উদ্যোগ মন্ত্রীসকলক অনুৰোধ জনায়৷ তেওঁ কয় যে দেশৰ উদ্যোগ খণ্ডত বিনিয়োগৰ ক্ষেত্রত প্ৰয়োজনীয় সকলো অনুমোদনৰ বাবে 'ৱান ষ্টপ ডিজিটেল প্লেটফর্ম দৰে এক নেটৱৰ্ক ব্যৱস্থাৰ ওপৰত চৰকাৰে বিশেষ জোৰ দিছে। এই ব্যৱস্থাত বিনিয়োগকাৰীসকলে বিভিন্ন তথ্য সংগ্ৰহ কৰিব পাৰিব আৰু সংশ্লিষ্ট সকলো কর্তৃপক্ষৰ পৰা ব্যৱসায়িক ৰেহাই পাব৷ মন্ত্রীগৰাকীয়ে কয় যে কেৱল এখন আবেদন পূৰণ কৰিব লাগিব আৰু একেবাৰতে সকলো প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব লাগিব৷ ইয়াত বিনিয়োগকাৰীৰ সময় আৰু ধন দুয়োটাই ৰাহি হ’ব৷

এক জিলা এক সামগ্ৰী' সন্দৰ্ভত মন্ত্ৰী গোৱেলে কয় যে ভাৰতক অনাগত দিনত এক উপাদনৰ শক্তিস্থল হিচাপে গঢ় দিব লাগিব৷ তেওঁ কয় যে প্ৰতিখন জিলাৰে কিবা নহয় কিব বিশেষত্ব আছে৷ ইয়াৰ ওপৰত ভিত্তি কৰিয়েই আর্থিক বিকাশ ঘটাব লাগিব৷ ইয়াৰ ফলত গ্রামীণ উদ্যোগৰ ক্ষেত্রত গতি বৃদ্ধি হোৱাৰ লগতে কর্মসংস্থাপনৰ সুযোগো সৃষ্টি হ’ব৷ 'ভোকেল ফৰ লোকেল' প্ৰতি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বাৰে বাৰে জনোৱা আহ্বানৰ প্ৰসংগত মন্ত্ৰী গোৱেলে আভ্যন্তৰীণ পাদনৰ ওপৰত জোৰ দিয়ে৷ তেওঁ কৃষি ৰপ্তানি নীতি ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰসমূহৰ পৰা সহযোগিতা বিচাৰে৷ মন্ত্রীগৰাকীয়ে কয় যে এই নতুন নীতিৰ বিষয়ত এতিয়ালৈকে ১৪খন ৰাজ্যই কার্যকৰী পৰিকল্পনা চূড়ান্ত কৰিছে৷ বাকী ৰাজ্যসমূহে এই ক্ষেত্ৰত দ্রুত পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ দেশত বিনিয়োগ বৃদ্ধিৰ বাবে সচিব পর্যায়ৰ কৰ্তৃত্বপ্রাপ্ত গোট গঠন কৰা হৈছে বুলি অৱগত কৰে গোৱেল৷

অনুষ্ঠানত কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্রী সোম প্ৰকাশে ভাৰতক এক পাদনৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি তোলাৰ আহ্বান জনায়৷ তেওঁ ইয়াৰ বাবে সকলো ৰাজ্যক আগুৱাই আহিবলৈ অনুৰোধ জনায়৷ বৈঠকত বিভিন্ন ৰাজ্যৰ উদ্যোগমন্ত্রী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসকসকলে তেওঁলোকৰ নিজা নিজা অভিজ্ঞতা শ্বেয়াৰ কৰে৷

*****

 

YB/AP/DB



(Release ID: 1649089) Visitor Counter : 200