উপ-ৰাষ্ট্ৰপতি সচিবালয়

যুৱ সমাজৰ মাজত উদ্যমী প্ৰতিভাক পোষণৰ আহ্বান উপ ৰাষ্ট্ৰপতিৰ

আমি এখন শক্তিশালী ভাৰত, স্বাভিমানী ভাৰত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়িমেইঃ উপ ৰাষ্ট্ৰপতি

গান্ধী জীয়েই আমাৰ পথ প্ৰদৰ্শক কিয়নো তেওঁ আছিল এগৰাকী উদ্ভাৱক যিয়ে একেৰাহে পৰীক্ষা-নিৰীক্ষা কৰিছিলঃ উপ ৰাষ্ট্ৰপতি

আমাৰ স্বাধীনতা সংগ্ৰাম মাথো ৰাজনৈতিক আন্দোলন নাছিল বৰঞ্চ ই আছিল ৰাষ্ট্ৰীয় পুনৰুত্থান আৰু সামজিক-অৰ্থনৈতিক জাগৰণৰ এটি আহ্বানঃ উপ ৰাষ্ট্ৰপতি

আচাৰ্য বিনোৱা ভাৱেৰ দৰে মহান পুৰুষসকলৰ জীৱন আৰু কৰ্মৰাজি সন্দৰ্ভত যুৱ চামক উদ্বুদ্ধ কৰিব লাগেঃ উপ ৰাষ্ট্ৰপতি

Posted On: 27 AUG 2020 12:55PM by PIB Guwahati

অনাগত সময়ত ভাৰতক ‘আত্মনিৰ্ভৰ’ কৰি তুলিবলৈ ৰাষ্ট্ৰখনৰ যুৱ চামৰ মাজত উদ্যমী প্ৰতিভাসমূহক পোষণৰ আহ্বান জনাইছে উপ ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাউডুৱে। তেওঁ কয় যে আমি উদ্যমী প্ৰতিভা আৰু ৰাষ্ট্ৰখনৰ প্ৰতিজন নাগৰিকৰ কাৰিকৰী দক্ষতাক নজৰত ৰাখিব লাগে আৰু বিস্তৃত পৰিসৰত মানৱতাক সেৱা কৰিবলৈ আৰু আত্ম-নিৰ্ভৰশীল হৈ উঠিবলৈ আমাৰ স্থানীয় সমলসমূহক ব্যৱহাৰ কৰিব লাগে।

সামজিক উন্নয়ন সাধন আৰু ভূদান আন্দোলনৰ বাবে গান্ধীজীৰ দৰ্শনক প্ৰচাৰত আচাৰ্য বিনোৱা ভাৱেৰ বৰঙণি সন্দৰ্ভত এখনি ৱেবিনাৰত তেখেতে ভাষণ প্ৰদান কৰে।

বিনোৱা জী আৰু গান্ধী জীৰ কল্পনাৰ এখন শক্তিশালী ভাৰত, স্বাভিমানী ভাৰত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে আহ্বান জনাই, উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতৰ আত্ম-নিৰ্ভৰশীলতাৰ ধাৰণাটো অতি-ৰাষ্ট্ৰীয়তাবাদী আৰু সুৰক্ষক হোৱা নহয় বৰঞ্চ ই হৈছে বিশ্বৰ কল্যাণত অধিক গুৰুত্বপূৰ্ণ অংশীদাৰ হোৱাটোহে।

মহাত্মা গান্ধীৰ নিৰবধি ধাৰণা সন্দৰ্ভত ব্যক্ত কৰি, শ্ৰী নাইডুৱে কয় যে গান্ধীজী আজিও আমাৰ পথ প্ৰদৰ্শক হৈয়েই আছে কিয়নো তেওঁ আছিল এগৰাকী উদ্ভাৱক যিয়ে নিৰৱচ্ছিন্নভাৱে পৰীক্ষা-নিৰীক্ষা কৰি আহিছিল।

তেওঁ কয় যে অজুহাতসমূহৰে মোকাবিলা কৰিবলৈ গান্ধীজীৰ আছিল সাহস যি অস্পৃশ্যতাৰ দৰে অতিশয় প্ৰত্যাহ্বানমূলক আছিল।তেখেতৰ আন্তৰিকতা, তেখেতৰ সাধুতা আৰু তেওঁ সেৱা কৰা লোকসকলৰ প্ৰতি তেখেতৰ গভীৰ সহানুভূতিৰ বাবে আমি তেখেতক শ্ৰদ্ধা কৰো”, তেওঁ কয়।

পুণ্য সন্ধিৰ নীতিত অনুপ্ৰাণিত হৈ নিজস্ব গভীৰ বিশ্বাসেৰে ১৯৩২ চনত মহাত্মা গান্ধীৰদ্বাৰা স্থাপিত হৰিজন সেৱক সংঘৰ কথা উল্লেখ কৰি, উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গান্ধীজীৰ বাবে, পুণ্য সন্ধি আছিল অনুন্নত শ্ৰেণীটোৰ বাবে ন্যায় আৰু সম্ভ্ৰম পুনৰ ঘূৰাই আনিবলৈ তেওঁলোকৰ জীৱনৰ মানদণ্ড অগ্ৰগতিৰ অৰ্থে বিশ্বাস আৰু আস্থাৰ এক দলিল।

শ্ৰী নাইডুৱে কয় যে আমাৰ স্বাধীনতা সংগ্ৰাম মাথোন ৰাজনৈতিক আন্দোলন নাছিল বৰঞ্চ ই আছিল ৰাষ্ট্ৰীয় পুনৰুত্থান আৰু সামাজিক-সাংস্কৃতিক জাগৰণৰ অৰ্থে এক আহ্বান। তেওঁ উল্লেখ কৰে যে আমাৰ স্বাধীনতা আন্দোলনৰ এটা মূল উপাদান আছিল জনগণক শক্তিশালী কৰি তোলা। ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে ভাৰতক একত্ৰিত কৰি ৰখাৰ কামনা কৰা গান্ধী জীয়ে ইয়াৰ সংস্কৃতি, ভাষাৰ গৌৰৱ ঘূৰাই আনিছিল আৰু ইয়াৰ আজন্ম শক্তিক পুনৰাই জাগ্ৰত কৰি তুলিছিল।

অবাধ্যতা সত্বেও মহাত্মা গান্ধীয়ে সৌজন্যতা প্ৰদৰ্শন কৰিছিল বুলি উল্লেখ কৰি, উপ ৰাষ্ট্ৰপতিজনে কয় যে গান্ধীজীয়ে ‘ভাগ আৰু যতন’ৰ পুৰাতন ভাৰতীয় তত্ত্বক হৃদয়ংগম কৰিছিল।

আচাৰ্য বিনোৱা ভাৱেক গান্ধীজীৰ আদৰ্শ শিষ্য হিচাপে অভিহিত কৰি, শ্ৰী নাইডুৱে কয় যে তেওঁ বিশ্বাস কৰিছিল যে ভাৰতীয়তাৰ সাৰ হৈছে যতনৰ মনোভাৱ আৰু ত্যাগ আৰু সেৱাৰ উদ্দীপনা।

আচাৰ্য বিনোৱা ভাৱেৰ ভূদান আন্দোলন সন্দৰ্ভত ব্যক্ত কৰি, উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গান্ধী জীৰ দৰে, বিনোৱায়ো বলপ্ৰয়োগ, হিংসা অবিহনেই পৰিৱৰ্তন সাধন কৰিছিল আৰু জনতাৰ সক্ৰিয় অংশগ্ৰহণেৰে ইতিবাচক, দীৰ্ঘস্থায়ী পৰিৱৰ্তন যে সম্ভৱ সেয়া প্ৰদৰ্শন কৰিছিল।

ভূমিহীন কৃষকৰ বাবে ১৪ বছৰ কাল প্ৰায় ৭০,০০০ কিমি পৰিভ্ৰমণ কৰি বিনোৱা জীয়ে ৪২ লাখ একৰ মাটি বৰঙণি হিচাপে লাভ কৰাৰ কথা সদৰী কৰি, উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিনোৱা জীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পুচমপল্লীৰ শ্ৰী ভদিৰেৰাম চন্দ্ৰ ৰেড্ডীয়ে প্ৰথমগৰাকী দাতা হিচাপে ১০০ একৰ ভূমি প্ৰদান কৰিছিল।

গুৰুত্বপূৰ্ণ যে বিনোৱা জীৰ সৰ্বোদয় আন্দোলন আৰু গ্ৰামদান ধাৰণাই গান্ধীবাদী গাঁও পুনৰ নিৰ্মাণ আৰু গ্ৰাম্য অগ্ৰগতিৰ আদৰ্শক অনুকৰণ কৰিছিল। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই পদক্ষেপৰ মূলতে আছিল মানুহৰ মংগলভাৱত এটি বিশ্বাস আৰু সেই বিশ্বাস হৈছে ধনিক সকলে তেওঁলোকৰ সমৃদ্ধি সুবিধাবঞ্চিত শ্ৰেণীটোৰ সৈতে বিলাই ল’ব।গাঁওসমূহৰ আৰ্থ-সামাজিক অগ্ৰগতিৰ অৰ্থে ই এটা সমন্বিত প্ৰণালী আছিল”, তেওঁ কয়।

শ্ৰী নাইডুৱে কয় যে বিনোৱা জীয়ে সেইসকল ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদীৰ দীৰ্ঘকালৰ, অনুপ্ৰেৰণামূলক বংশৰ আছিল যিয়ে আমাৰ জনগণৰ সামাজিক আৰু অৰ্থনৈতিক অগ্ৰগতিৰ নিৰ্দেশনা প্ৰদান কৰিছিল। তেওঁ উল্লেখ কৰে যে আমাৰ জনসংখ্যাৰ প্ৰায় ৬০ শতাংশ গ্ৰামাঞ্চলৰ হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ অৰ্থে সংহত ব্যৱস্থাৰে কাম কৰাটোৱেই হ’ব বিনোৱা জীৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকীত তেখেতলৈ আমাৰ উপযুক্ত শ্ৰদ্ধা। শ্ৰী নাইডুৱে তদুপৰি এই মহান ব্যক্তিজনৰ জীৱন আৰু কৰ্মৰাজিৰে যুৱচামক উদ্বুদ্ধ কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

জাতি, ধৰ্ম, বৰ্ণ আৰু অঞ্চল নিৰ্বিশেষে সকলোৰে বিকাশৰ বাবে ন্যায্য সুযোগৰ আহ্বান জনাই উপ ৰাষ্ট্ৰপতিজনে কয় যে আমি এজন ব্যক্তিক কোনো সামাজিক বা অৰ্থনৈতিক পৰিমণ্ডলৰ সদস্য নুবুলি মাথো এজন ব্যক্তি হিচাপেই মূলত সন্মান দিব লাগিব। তেওঁ লগতে কয় যে সামাজিক একতা আৰু অৰ্থনৈতিক সমতাৰ বাবে সৰ্বোদয়া আৰু অন্ত্যোদয়া প্ৰয়োজনীয়।

’ভিড-১৯ সৃষ্ট স্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ কথা উল্লেখ কৰি উপ ৰাষ্ট্ৰপতিজনে কয় যে এই পৰীক্ষাৰ সময়ত, আমি সকলো একত্ৰিত হৈ, আমাৰ প্ৰচেষ্টাৰ মিলন ঘটাব লাগিব, যি কেৱল ভাইৰাছটোৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈকে নহয় বৰঞ্চ ইয়েই সাফল্য আৰু সান্ত্বনা যোগাব, এটা গান্ধীবাদী ভাৱধাৰাৰে, লকডাউনটোৰদ্বাৰা প্ৰভাৱিতসকলক সহায় কৰিব লাগিব।এনেকুৱা প্ৰতিকূলতাৰ সময়ত মনুষ্যত্যই ইয়াৰ মহৎ অভিব্যক্তিৰ সন্ধান কৰে”, তেওঁ লগতে কয়।

শ্ৰী নাইডুৱে কয় যে এই সময়ত, বহু বেচৰকাৰী সংস্থাৰদ্বাৰা সম্পাদিত কাম-কাজ উল্লেখনীয় আৰু আমাক সুৰক্ষিত কৰি ৰখা আমাৰ চিকিৎসক, পেৰামেডিক্স, আমাৰ নিৰাপত্তাৰক্ষী আৰু অন্যান্যসকলৰ নিঃস্বাৰ্থ সেৱাক স্বীকৃতি জনোৱা উচিত। তেওঁ কয় যে আমি তদুপৰি পথাৰত কৃষকৰ পৰিশ্ৰমকো মনত ৰখা উচিত যিয়ে আমি পৰ্যাপ্তভাৱে অন্নমুঠি লাভ কৰাটো নিশ্চিত কৰিছে।

এই কাৰ্যসূচীত হৰিজন সেৱক সংঘৰ সভাপতি ডঃ শংকৰ কুমাৰ সান্যাল, হৰিজন সেৱক সংঘৰ সচিব ডঃ ৰাজনীশ কুমাৰ আৰু আন-আন লোকসকল উপস্থিত থাকে।

ভাষণটিৰ পূৰ্ণ পাঠ তলত আগবঢ়োৱা হৈছেঃ

সামজিক উন্নয়ন সাধন আৰু ভূদান আন্দোলনৰ বাবে গান্ধীজীৰ দৰ্শনক প্ৰচাৰত আচাৰ্য বিনোৱা ভাৱেৰ বৰঙণি সন্দৰ্ভত এই ৱেবিনাৰখনিত আপোনালোক সকলোৰে সৈতে যোগদান কৰিবলৈ পাই মই আনন্দিত হৈছো।

সন্ত বিনোৱা জীৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণি হিচাপে হৰিজন সেৱক সংঘই এই পদক্ষেপ হাতত লোৱাত মই নথৈ আনন্দিত হৈছো। যোৱা বৰ্ষত আমি মহাত্মা গান্ধীৰ স্বচ্ছতা অভিযানৰ প্ৰতি আমাৰ পুনৰ সমৰ্পনৰে তেখেতৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰিলো। এই বৰ্ষত আমি তেখেতৰ অনুগামী উত্তৰসূৰী সন্ত বিনোৱা জীৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকী পালন কৰিছো।

মই জনাবলৈ পাই সুখী হৈছো যে হৰিজন সেৱক সংঘই “নতুন যুগত গান্ধী” আৰু “বিনোদ-জী” সন্দৰ্ভত কেইবাখনো ৱেবিনাৰ অনুষ্ঠিত কৰি তেখেতসকলৰ বাৰ্তাৰাজি তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছে।

মই বিশ্বাসী যে অনাগত বহু সময়লৈকে মহাত্মা গান্ধীৰ আদৰ্শ আমাৰ হৃদয়ত অনুৰণিত হৈ থাকিব।

ইয়াৰ কাৰণ হৈছে শান্তিপূৰ্ণ সহাৱস্থান আৰু বহনক্ষম উন্নয়নৰ বাবে তেখেতৰ সত্য আৰু অ-হিংসাৰ প্ৰতি নিৰবধি অন্বেষণ।

গান্ধীজী আজিও আমাৰ পথ প্ৰদৰ্শক হৈয়েই আছে কিয়নো তেওঁ আছিল এগৰাকী উদ্ভাৱক যিয়ে নিৰৱচ্ছিন্নভাৱে পৰীক্ষা-নিৰীক্ষা কৰি আহিছিল।

আমি তেখেতক শ্ৰদ্ধা কৰো কিয়নো অজুহাতসমূহৰে মোকাবিলা কৰিবলৈ গান্ধীজীৰ আছিল সাহস উদাহৰণস্বৰূপে, যি অস্পৃশ্যতাৰ দৰে অতিশয় প্ৰত্যাহ্বানমূলক আছিল। তেখেতৰ আন্তৰিকতা, তেখেতৰ সাধুতা আৰু তেওঁ সেৱা কৰা লোকসকলৰ প্ৰতি তেখেতৰ গভীৰ সহানুভূতিৰ বাবে আমি তেখেতক শ্ৰদ্ধা কৰো।

আমি জানো যে পুণ্য সন্ধিৰ নীতিত অনুপ্ৰাণিত হৈ নিজস্ব গভীৰ বিশ্বাসেৰে ১৯৩২ চনত মহাত্মা গান্ধীৰদ্বাৰা হৰিজন সেৱক সংঘ স্থাপন কৰা হৈছিল। তেখেতৰ বাবে, পুণ্য সন্ধি আছিল অনুন্নত শ্ৰেণীটোৰ বাবে ন্যায় আৰু সম্ভ্ৰম পুনৰ ঘূৰাই আনিবলৈ তেওঁলোকৰ জীৱনৰ মানদণ্ড অগ্ৰগতিৰ অৰ্থে বিশ্বাস আৰু আস্থাৰ এক দলিল।

আমাৰ স্বাধীনতা সংগ্ৰাম মাথোন ৰাজনৈতিক আন্দোলন নাছিল বৰঞ্চ ই আছিল ৰাষ্ট্ৰীয় পুনৰুত্থান আৰু সামাজিক-সাংস্কৃতিক জাগৰণৰ অৰ্থে এক আহ্বান।

গান্ধীজীৰ নেতৃত্বত আগবঢ়া স্বাধীনতা আন্দোলনৰ এটা মূল উপাদান আছিল জনগণক শক্তিশালী কৰি তোলা। তেওঁ অনুভৱ কৰিছিল যে ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে ভাৰত একত্ৰিত হৈ থাকিব লাগিব। ভাৰতে ইয়াৰ সংস্কৃতি, ভাষাৰ গৌৰৱ ঘূৰাই আনিব লাগিব আৰু ইয়াৰ আজন্ম শক্তিক পুনৰাই জাগ্ৰত কৰি তুলিব লাগিব।

আমাৰ সভ্যতাৰ তত্ত্ব মহাত্মা গান্ধীৰ জীৱন আৰু আদৰ্শৰপৰা আহৰিত। তেওঁ অবাধ্যতা সত্বেও সৌজন্যতা প্ৰদৰ্শন কৰিছিল। তেওঁ ‘ভাগ আৰু যতন’ৰ পুৰাতন ভাৰতীয় তত্ত্বক হৃদয়ংগম কৰিছিল। বহু  গান্ধীবাদীয়ে তেখেতৰ লিখনি আৰু ভাষণৰপৰা অনুপ্ৰেৰণা লাভ কৰিছিল। বিনোৱা জী তেনে এজন খ্যাতিমান অনুগামী আছিল।

প্ৰিয় ভগ্নী আৰু ভাতৃবৃন্দ,

আচাৰ্য বিনোৱা ভাৱে গান্ধীজীৰ আদৰ্শ শিষ্য আছিল। তেওঁ একেধাৰে এজন গভীৰ আধ্যাত্মিক পুৰুষ আছিল।

তেওঁ বিশ্বাস কৰিছিল যে ভাৰতীয়তাৰ সাৰ হৈছে যতনৰ মনোভাৱ আৰু ত্যাগ আৰু সেৱাৰ উদ্দীপনা।

বৰ্তমানৰ তেলেংগানা আৰু তেতিয়াৰ পুচমপল্লীৰপৰা আৰম্ভ হোৱা তেওঁৰ ভূদান আন্দোলনে ভূস্বামীসকলক মাটিৰ এটা অংশ স্বেচ্ছাই দুখীয়া কৃষকক প্ৰদান কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।

ভূমিহীন কৃষকৰ বাবে ১৪ বছৰ কাল প্ৰায় ৭০,০০০ কিমি পৰিভ্ৰমণ কৰি বিনোৱা জীয়ে ৪২ লাখ একৰ মাটি বৰঙণি হিচাপে লাভ কৰিছিল। এটা কথা উল্লেখ কৰিব লাগিব যে বিনোৱা জীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পুচমপল্লীৰ শ্ৰী ভদিৰেৰাম চন্দ্ৰ ৰেড্ডীয়ে প্ৰথমগৰাকী দাতা হিচাপে ১০০ একৰ ভূমি প্ৰদান কৰিছিল।

গান্ধী জীৰ দৰে, বিনোৱায়ো বলপ্ৰয়োগ, হিংসা অবিহনেই পৰিৱৰ্তন সাধন কৰিছিল। দুয়ো জনতাৰ সক্ৰিয় অংশগ্ৰহণেৰে ইতিবাচক, দীৰ্ঘস্থায়ী পৰিৱৰ্তন যে সম্ভৱ সেয়া প্ৰদৰ্শন কৰিছিল।

বিনোৱা জীৰ সৰ্বোদয় আন্দোলন আৰু গ্ৰামদান ধাৰণাই গান্ধীবাদী গাঁও পুনৰ নিৰ্মাণ আৰু গ্ৰাম্য অগ্ৰগতিৰ আদৰ্শক অনুকৰণ কৰিছিল। এই পদক্ষেপৰ মূলতে আছিল মানুহৰ মংগলভাৱত এটি বিশ্বাস আৰু সেই বিশ্বাস হৈছে ধনীক সকলে তেওঁলোকৰ সমৃদ্ধি সুবিধাবঞ্চিত শ্ৰেণীটোৰ সৈতে বিলাই ল’ব। গাঁওসমূহৰ আৰ্থ-সামাজিক অগ্ৰগতিৰ অৰ্থে ই এটা সমন্বিত প্ৰণালী আছিল।

প্ৰিয় ভগ্নী আৰু ভাতৃবৃন্দ,

বিনোৱা জীয়ে সেইসকল ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদীৰ দীৰ্ঘকালৰ, অনুপ্ৰেৰণামূলক বংশৰ আছিল যিয়ে আমাৰ জনগণৰ সামাজিক আৰু অৰ্থনৈতিক অগ্ৰগতিৰ নিৰ্দেশনা প্ৰদান কৰিছিল।

আমাৰ জনসংখ্যাৰ প্ৰায় ৬০ শতাংশ গ্ৰামাঞ্চলৰ হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ অৰ্থে সংহত ব্যৱস্থাৰে কাম কৰাটোৱেই হ’ব বিনোৱা জীৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকীত তেখেতলৈ আমাৰ উপযুক্ত শ্ৰদ্ধা।

বিনোৱা জী আৰু গান্ধী জীয়ে ভবাৰ দৰেই আমি এতিয়া এখন শক্তিশালী ভাৰত, স্বাভিমানী ভাৰত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ চেষ্টা কৰিছো।

জাতি, ধৰ্ম, বৰ্ণ আৰু অঞ্চল নিৰ্বিশেষে সকলোৰে বিকাশৰ বাবে ন্যায্য সুযোগৰ ধাৰণাই এজন ব্যক্তিক কোনো সামাজিক বা অৰ্থনৈতিক পৰিমণ্ডলৰ সদস্য নুবুলি মাথো এজন ব্যক্তি হিচাপেই মূলত সন্মান দিয়াক সূচিত কৰে।

আমাৰৰ আত্ম-নিৰ্ভৰশীলতাৰ ধাৰণাটো অতি-ৰাষ্ট্ৰীয়তাবাদী আৰু সুৰক্ষক হোৱা নহয় বৰঞ্চ ই হৈছে বিশ্বৰ কল্যাণত অধিক গুৰুত্বপূৰ্ণ অংশীদাৰ হোৱাটোহে।

মই সুখী হৈছো যে বিনোৱা জীৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকী উদযাপনৰ অংশ হিচাপে হৰিজন সেৱক সংঘই এলানি অনলাইন কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে। এই মহান ব্যক্তিজনৰ জীৱন আৰু কৰ্মৰাজিৰে যুৱচামক উদ্বুদ্ধ কৰাৰ প্ৰয়োজনীয় আৰু সামাজিক একতা আৰু অৰ্থনৈতিক সমতাৰ বাবে সৰ্বোদয়া আৰু অন্ত্যোদয়া প্ৰয়োজনীয়তা সন্দৰ্ভতো জ্ঞাত কৰাৰ আৱশ্যকতা আছে।

এই সময়োচিত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে উদ্যোক্তাসকলৰ শলাগ লৈছো। ’ভিড-১৯ মহামাৰীৰ এই পৰীক্ষাৰ সময়ত, আমি সকলো একত্ৰিত হৈ, আমাৰ প্ৰচেষ্টাৰ মিলন ঘটাব লাগিব, যি কেৱল ভাইৰাছটোৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈকে নহয় বৰঞ্চ ইয়েই সাফল্য আৰু সান্ত্বনা যোগাব, এটা গান্ধীবাদী ভাৱধাৰাৰে, লকডাউনটোৰদ্বাৰা প্ৰভাৱিতসকলক সহায় কৰিব লাগিব।

এনেকুৱা প্ৰতিকূলতাৰ সময়ত মনুষ্যত্যই ইয়াৰ মহৎ অভিব্যক্তিৰ সন্ধান কৰে।

এই সময়ত, বহু বেচৰকাৰী সংস্থাৰদ্বাৰা সম্পাদিত কাম-কাজ উল্লেখনীয় আৰু আমাক সুৰক্ষিত কৰি ৰখা আমাৰ চিকিৎসক, পেৰামেডিক্স, আমাৰ নিৰাপত্তাৰক্ষী আৰু অন্যান্যসকলৰ নিঃস্বাৰ্থ সেৱাক স্বীকৃতি জনোৱা উচিত। তেওঁ কয় যে আমি তদুপৰি পথাৰত কৃষকৰ পৰিশ্ৰমকো মনত ৰখা উচিত যিয়ে আমি পৰ্যাপ্তভাৱে অন্নমুঠি লাভ কৰাটো নিশ্চিত কৰিছে।

পৰিসমাপ্তিত, আপোনালোকৰ সৈতে মোৰ ভাৱ ব্যক্ত কৰিবলৈ সুযোগ প্ৰদানৰ বাবে মই ডঃ শংকৰ কুমাৰ সান্যাল জী আৰু তেওঁৰ টীমক অভিনন্দন জনাইছো। মানৱতাৰ সেৱা আৰু জনগণৰ জীৱন পৃথক কৰি তুলিবলৈ আপোনালোকৰ প্ৰচেষ্টাৰ সৰ্বাংগীন সফলতা কামনা কৰিলো।

জয় হিন্দ

*********

VRRK/MS/MSY/DP/SB



(Release ID: 1649080) Visitor Counter : 342