পৰ্যটন মন্ত্ৰালয়

‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ৰ চিন্তাধাৰা তুলি ধৰাৰ লক্ষ্যৰে অনলাইনযোগে ‘তামিলনাডু, জম্মু-কাশ্মীৰ আৰু লাডাখৰ আকর্ষণীয় লোকনৃত্য’ৰ আয়োজন আইএইচএম শ্রীনগৰ আৰু আইএইচএম চেন্নাইৰ

Posted On: 26 AUG 2020 4:14PM by PIB Guwahati

কেন্দ্রীয় পর্যটন মন্ত্ৰালয়ৰ অধীনস্ত ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট চেন্নাই আৰু ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট শ্রীনগৰে যুটীয়াভাৱে এক ভাৰত, শ্রেষ্ঠ ভাৰতৰ চিন্তাধাৰাক তুলি ধৰিবলৈ অনলাইনযোগে তামিলনাডু, জম্মু-কাশ্মীৰ আৰু লাডাখৰ আকর্ষণীয় লোকনৃত্য আয়োজন কৰে৷ অনুষ্ঠানত আইএইচএম চেন্নাই আৰু আইএইচএম শ্রীনগৰৰ গৰাকীকৈ ছাত্ৰ-ছাত্রীয়ে অংশগ্ৰহণ কৰে৷এক ভাৰত, শ্রেষ্ঠ ভাৰতকাৰ্যসূচীৰ অধীনত ৰাজ্যৰ লোকনৃত্যক তুলি ধৰাৰ লক্ষ্যৰে এই প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷

শিক্ষার্থীসকলক অনুষ্ঠানটো বাণীবদ্ধ কৰি অনলাইনত দেখুৱাৰ সুযোগ কৰি দিয়া হয়৷ অনুষ্ঠানটো অনলাইনযোগে পোনপটীয়াকৈ প্ৰচাৰৰ ব্যৱস্থা কৰা হয়৷ এই অনুষ্ঠানত সমন্বয়ৰক্ষী বিষয়াসকলে লোকনৃত্যৰ ওপৰত গুৰুত্বপূর্ণ বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানটোৱে সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷

লোকনৃত্যসমূহৰ জৰিয়তে সংশ্লিষ্ট ৰাজ্যৰ সংস্কৃতিক তুলি ধৰা হৈছে। যেনে-কাশ্মীৰেৰ কুড়, ডুমহাল, ৰৌফ, হাফিজা দৰে ইয়াৰ বিবাহ আৰু অন্যান্য অনুষ্ঠানসমূহত প্ৰচলিত লোকনৃত্য পৰিৱেশন কৰা হয়। একেদৰে, তামিলনাডুৰ মায়িলআট্টাম, পইক্কাকুথিৰাই, কালাইআট্টাম, পাম্পুআট্টাম আৰু কাৰাডীআট্টামৰ দৰে জনজাতি লোকসকলৰ লোকনৃত্যও অনুষ্ঠানত প্ৰদৰ্শন কৰা হৈছে৷ এই লোকনৃত্য অনুষ্ঠানৰ জৰিয়তে সাংস্কৃতিক বৈচিত্র্যৰ ছবি প্ৰতিফলিত হৈছে৷ অনুষ্ঠানত অংশগ্ৰহণকাৰী সকলো ছাত্ৰ-ছাত্রীক ই-প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয়। সৰ্বমুঠ ১৯২গৰাকী শিক্ষার্থীয়ে অনলাইনযোগে অনুষ্ঠানত অংশগ্ৰহণ কৰে৷

এই অনুষ্ঠানটো চাবলৈ এই ইউটিউব লিংক ক্লিক কৰক : https://youtu.be/_nmxgeju68E

***********

 

NB/AKJ/UD/DB



(Release ID: 1649001) Visitor Counter : 177