বিত্ত মন্ত্ৰালয়

জিএছটি প্ৰদানত দেৰি হ’লে সুদ ভৰিব লাগিবঃ চিবিআইচি

Posted On: 26 AUG 2020 5:34PM by PIB Guwahati

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ আৰু সীমা শুল্ক(চিবিআইচি) বিভাগে আজি স্পষ্ট কৰিছে যে জিএছটি প্ৰদানত বিলম্ব হোৱাৰ বাবে সুদ্ ভৰিব লাগিব বুলি ২৫.০৮.২০২০ত ৬৩/২০২০ নং অধিসূচনা কেতবোৰ কাৰিকৰী সীমাৱদ্ধতাৰ বাবে জাৰি কৰা হৈছিল৷ এই ক্ষেত্ৰত জিএছটি পৰিষদৰ ৩৯সংখ্যক বৈঠকত এইটো সিদ্ধান্ত লোৱা হয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে বিগত সময়ছোৱাত কোনো সুদ ধাৰ্য নকৰে৷ জিএছটি পৰিষদৰ বৈঠকত কৰদাতাসকলক সম্পূৰ্ণ সকাহ দিয়া হৈছে৷

উল্লেখ্য যে এই অধিসূচনাৰ উদ্ধৃতি দি ১ ছেপ্টেম্বৰৰ পিছত জিএছটি পৰিশোধ কৰিলে সুদ দিব লাগিব বুলি ছ’চিয়েল মিডিয়াত বিভিন্ন মন্তব্য প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত চিবিআইচিয়ে এই স্পষ্টীকৰণ দিয়ে৷

****

RM/KMN/DB



(Release ID: 1648999) Visitor Counter : 175