সাংস্কৃতিক মন্ত্ৰালয়

সাংস্কৃতিক মন্ত্ৰালয়ে ভাৰতীয় পুৰাতত্ব বিভাগৰ ৭টা নতুন মণ্ডলৰ বিষয়ে ঘোষণা কৰিলে

ত্ৰিচী, ৰায়গঞ্জ, ৰাজকোট, জব্বলপুৰ, ঝাঁচী আৰু মীৰাটক নতুন মণ্ডল হিচাপে ঘোষণা কৰাৰ বিপৰীতে হাম্পি মিনি মণ্ডলক পূৰ্ণ মণ্ডললৈ ৰূপান্তৰিত

নতুন মণ্ডলে পুৰাতত্ব বিভাগৰ কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ আৰু পঞ্জীয়নৰ প্ৰক্ৰিয়াক শক্তিশালী কৰিব- শ্ৰী প্ৰহ্লাদ সিং পেটেল

Posted On: 26 AUG 2020 6:03PM by PIB Guwahati

সাংস্কৃতিক মন্ত্ৰালয়ে ভাৰতীয় পুৰাতত্ব বিভাগৰ ৭টা নতুন মণ্ডলৰ বিষয়ে ঘোষণা কৰিছে৷ এই তথ্য টুইটাৰত ভিডিঅ’ মেছেজযোগে বিনিময় কৰিছে কেন্দ্ৰীয় ৰাজ্যিক সাংস্কৃতিক আৰু পৰ্যটন (স্বতন্ত্ৰ) মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেলে৷ শ্ৰী পেটেলে কয় যে সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীয়ে পুৰণি কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ আৰু পঞ্জীয়নৰ প্ৰতি জনোৱা আহ্বানৰ দিশত অগ্ৰসৰ হৈছে৷ এই নতুন মণ্ডলকেইটা মধ্য প্ৰদেশ, তামিলনাডু, উত্তৰ প্ৰদেশ, কৰ্ণাটক, পশ্চিমবংগ আৰু গুজৰাটত সৃষ্টি কৰা হৈছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে৷ তেওঁ কয় যে ত্ৰিচী, ৰায়গঞ্জ, ৰাজকোট, জব্বলপুৰ, ঝাঁচী আৰু মীৰাটক নতুন মণ্ডল হিচাপে ঘোষণা কৰা হৈছে৷ আনহাতে কৰ্ণাটকৰ হাম্পি চহৰৰ আন্তৰ্জাতিক খ্যাতি থকাৰ পৰিপ্ৰেক্ষিতত ইয়াক পূৰ্ণ মণ্ডললৈ ৰূপান্তৰিত কৰা হৈছে৷

শ্ৰী পেটেলে কয় যে তামিলনাডুৰ দৰে বিশাল ৰাজ্যত সহস্ৰাধিক মন্দিৰ আৰু চোলা ৰাজত্বৰ বিভিন্নী কীৰ্তিস্তম্ভ মজুত আছে৷ সেয়ে ত্ৰিচীক চেন্নাই মণ্ডলৰ সৈতে নতুন মণ্ডল হিচাপে ঘোষণা কৰা হৈছে৷ ঠিক তেনেদৰে কৰ্ণাটকৰ হাম্পি চহৰৰো আন্তৰ্জাতিক খ্যাতি আছে৷ পশ্চিমবংগৰ ৰায়গঞ্জক কলকাতাৰ সৈতে এক নতুন মণ্ডল হিচাপে ঘোষণা কৰা হৈছে৷ আনহাতে গুজৰাটৰ ৰাজকোটত ভডোডৰাৰ সৈতে নতুন মণ্ডল হিচাপে ঘোষণা কৰা হৈছে৷

শ্ৰী পেটেলে কয় যে জব্বলপুৰত মধ্য প্ৰদেশৰ ভূপালৰ সৈতে নতুন মণ্ডল হিচাপে ঘোষণা কৰা হৈছে৷ তাৰোপৰি বুন্দেলখণ্ডৰ ঝাঁচী আৰু পশ্চিম উত্তৰ প্ৰদেশৰ মীৰাটকো নতুন মণ্ডল হিচাপে ঘোষণা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷

*****

NB/AKJ/OA/MANN



(Release ID: 1648881) Visitor Counter : 109