ভাৰতীয় প্ৰতিযোগিতা আয়োগ
‘জে বি কেমিকেলছ’ৰ অংশ অধিগ্ৰহণৰ বাবে ‘টাউ ইনভেষ্টমেণ্ট’-য়ে আগবঢ়োৱা প্ৰস্তাৱলৈ ‘চিচিআই’ৰ অনুমোদন
পোষ্ট কৰা হৈছে:
26 AUG 2020 5:59PM by PIB Guwahati
‘জে বি কেমিকেলছ’ৰ অংশ অধিগ্ৰহণৰ বাবে ‘টাউ ইনভেষ্টমেণ্ট’-য়ে আগবঢ়োৱা প্ৰস্তাৱলৈ ‘কম্পিটিশ্যন কমিছন অব ইণ্ডিয়া’-‘চিচিআই’য়ে অনুমোদন জনাইছে। প্ৰস্তাৱটো মৰ্মে ‘টাউ ইনভেষ্টমেণ্ট হ’ল্ডিংছ প্ৰাইভেট লিমিটেড’য়ে (টাউ ইনভেষ্টমেণ্ট) ‘জে বি কেমিকেলছ এণ্ড ফাৰ্মাচিটিকেলছ লিমিটেড’ৰ ৬৪.৯০শতাংশ পৰ্যন্ত অংশ অধিগ্ৰহণ কৰিব।
‘টাউ ইনভেষ্টমেণ্ট’ ছিংগাপোৰৰ এটা প্ৰতিষ্ঠান। প্ৰতিষ্ঠানটো ‘কলবাৰ্গ ক্ৰেভিছ ৰবাৰ্ট(কেকেআৰ) এছীয়ান III এলপি’ৰ আওপকীয়াকৈ সম্পূৰ্ণ মালিকানাধীন এটি সহযোগী প্ৰতিষ্ঠান।
ইফালে, ‘জে বি কেমিকেলছ এণ্ড ফাৰ্মাচিটিকেলছ লিমিটেড’ মহাৰাষ্ট্ৰৰ মুম্বাইস্থিত এটা ভাৰতীয় ঔষধ নিৰ্মাতা প্ৰতিষ্ঠান। ‘বম্বে ষ্টক একচেঞ্জ লিমিটেড’ আৰু ‘নেশ্যনেল ষ্টক একচেঞ্জ অব ইণ্ডিয়া লিমিটেড’ত প্ৰতিষ্ঠানটো তালিকাভুক্ত আছিল।
****
RM/KMN/KB
(ৰিলিজ আই ডি : 1648864)
অতিথি কক্ষ : 132