ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

২০১৯ বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ সৰ্বভাৰতীয় শীৰ্ষ স্থান লাভ কৰা প্ৰাৰ্থীসকলৰ সৈতে নতুন দিল্লীত মত বিনিময় কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিংৰ

Posted On: 25 AUG 2020 5:48PM by PIB Guwahati

উত্তৰ পূৰ্বাঞ্চল মন্ত্ৰালয়ৰ স্বতন্ত্ৰ দায়িত্বপ্ৰাপ্ত, প্ৰধানমন্ত্ৰী দপ্তৰ, কৰ্মীবৰ্গ, ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ডঃ জীতেন্দ্ৰ সিঙে আজি ২০১৯ বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম স্থান লাভ কৰা বিষয়া সকলৰ সৈতে একমত বিনিময় অনুষ্ঠানত মিলিত হয়।এই মত বিনিময় অনুষ্ঠানত সৰ্বভাৰতীয় স্তৰত প্ৰথম স্থান অধিকাৰ কৰা হাৰিয়ানাৰ প্ৰদীপ সিং, দিল্লীৰ যতীন কিশোৰ আৰু উত্তৰ প্ৰদেশৰ প্ৰতিভা বাৰ্মা উপস্থিত থাকে।

কথোপকথনৰ সময়ত ডঃ জীতেন্দ্ৰ সিঙে কয়, বিগত বছৰত দিল্লীৰ নৰ্থ ব্লক কৰ্মীবৰ্গ আৰু প্ৰশিক্ষণ দপ্তৰৰ সদৰ দপ্তৰত সৰ্বভাৰতীয় স্তৰত প্ৰথম স্থান লাভ কৰা প্ৰাৰ্থী সকলক ব্যক্তিগত ভাৱে আমন্ত্ৰণ কৰা আৰু অভিনন্দন জনোৱাৰ বাবে এক নতুন ধাৰাৰ সূচনা কৰা হৈছে। অৱশ্যে ক’ৰোনা মহামাৰী জনিত পৰিস্থিতিৰ বাবে এই বছৰ এই অনুষ্ঠানটো অনলাইনৰ মাধ্যমত সম্পন্ন কৰা হৈছে। ডঃ জীতেন্দ্ৰ সিঙে কৰ্মীবৰ্গ আৰু প্ৰশিক্ষণ দপ্তৰৰ কামৰ বিভিন্ন দিশ তুলি ধৰে।তেওঁ কয়, মহামাৰীৰ সময়ছোৱাত যাতে কোনো কাম ৰৈ নাথাকে তাৰ বাবে মোদী চৰকাৰ যথেষ্ট সক্ৰিয় হৈ আছে।

শ্ৰী সিঙে মত-বিনিময়ৰ মাধ্যমেৰে তেওঁলোকৰ পৰিয়াল আৰু ভৱিষ্যত পৰিকল্পনা সম্পৰ্কেও খা-খবৰ লয়।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে যি মেক ইন ইণ্ডিয়া আৰু নতুন ভাৰত গঠনৰ উদ্যোগ গ্ৰহণ কৰিছে,  সেয়া বাস্তৱায়িত কৰিবৰ বাবে সকলোকে আগুৱাই অহাৰ আহ্বান জনায়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিগত বছৰত তৰুণ আইএএছ বিষয়াসকলৰ উল্লেখযোগ্য সাফল্যৰ কথাও স্মৰণ কৰে। তেওঁ কয়, এটা দশক পূৰ্বলৈ ভাৰতত নিৰ্দিষ্ট কেই খন মান ৰাজ্যৰ পৰাই আইএএছ পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছিল।এতিয়া পঞ্জাৱ, হাৰিয়ানা, জম্মু-কাশ্মীৰৰ দৰে কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰাও এই পৰীক্ষাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে প্ৰাৰ্থীসকল।প্ৰতি বছৰে প্ৰথম তিনিটা শীৰ্ষ স্থানলাভ কৰা প্ৰাৰ্থীসকলৰ মাজৰ এগৰাকী অথবা একাধিক স্থান মহিলাই অধিকাৰ কৰি আহিছে।

মন্ত্ৰী গৰাকীয়ে এই মত বিনিময় অনুষ্ঠানৰ মাজতে মোদীচৰকাৰৰ বিভিন্ন কৰ্মসূচীৰ প্ৰসঙ্গও তুলি ধৰে।অনুষ্ঠানত কৰ্মীবৰ্গ আৰু প্ৰশিক্ষণ দপ্তৰৰ সচিব ডঃ চি চন্দ্ৰ মৌলিও উপস্থিত থাকে।উল্লেখ্য যেএই মত বিনিময় অনুষ্ঠানতে ২০১৯ৰ কেন্দ্ৰীয় অসামৰিক পৰীক্ষাৰ শীৰ্ষ ২০টা স্থান অধিকাৰ কৰা প্ৰাৰ্থীসকলেও ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে এই আলোচনাত অংশ গ্ৰহণ কৰে। অনুষ্ঠানৰ শেষত দপ্তৰৰ অতিৰিক্ত সচিব শ্ৰী লোকৰঞ্জনে ধন্যবাদসূচক বক্তব্য ৰাখে।

<><><><><>

SNC/RD



(Release ID: 1648663) Visitor Counter : 164