স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

৩৫তম ৰাষ্ট্ৰীয় নেত্ৰ দান পষেকীয়া উদযাপনত ডাঃ হৰ্ষ ৱৰ্ধনৰ ডিজিটেলী ভাষণ প্ৰদান

"লক্ষ্য স্থিৰ কৰি কংক্ৰিট ফলাফলৰ লাভ কৰিবলৈ আৰু ২০২২ চনৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ নতুন ভাৰতৰ বীক্ষণ বাস্তৱায়িত কৰিবলৈ গুৰুত্ব দিয়া প্ৰয়োজন"

Posted On: 25 AUG 2020 8:23PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে নতুন দিল্লীৰ এইমছ আৰু ৰাষ্ট্ৰীয় নেত্ৰ বেংকৰ দ্বাৰা আয়োজিত ৩৫তম ৰাষ্ট্ৰীয় নেত্ৰ দান পষেকীয়া উদযাপনৰ উদ্দেশ্যে এক ৱেবিনাৰত ডিজিটেলী ভাষণ প্ৰদান কৰে৷ এইমছ (দিল্লী) আৰু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা যুটীয়াভাৱে সম্পন্ন কৰা ৰাষ্ট্ৰীয় অন্ধত্ব আৰু দৃষ্টি বিকল সৰ্বেক্ষণ ২০১৯ৰ বিষয়ে সোঁৱৰণ কৰি তেওঁ কয় যে সমগ্ৰ বিশ্বৰ অন্ধত্বৰ প্ৰধান কাৰণ হ’ল কৰ্ণিয়েল অন্ধত্ব৷ বিশ্বৰ জনসংখ্যাৰ প্ৰায় ৫% লোকে কৰ্ণিয়াৰ ৰোগৰ ফলত অন্ধ হ’বলগীয়া হয় বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰতিবেদন দাখিল কৰিছে৷ ভাৰতত এবছৰত অতি কমেও এটা চকুৰ বাবে ৬৮ লাখ লোক কৰ্ণিয়েল অন্ধত্বৰ সন্মুখীন হোৱাৰ বিপৰীতে ১০ লাখ লোক দুয়োটা চকুৰ বাবে আক্ৰান্ত হয়৷

কৰ্ণিয়েল অন্ধত্বৰ একমাত্ৰ চিকিৎসা কৰ্ণিয়াৰ সংৰোপণ বুলি উল্লেখ কৰি তেওঁ বৰ্তমানে কৰ্ণিয়েল কোষৰ চাহিদা আৰু যোগান ব্যৱধানৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ প্ৰয়োজন বুলি মন্তব্য কৰে৷ ক’ভিডৰ ফলত নেত্ৰ বেংক বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে কিয়নো ই জৰুৰীকালীন চিকিৎসা গতিবিধিৰ অধীনত অন্তৰ্ভুক্ত নহয়৷ ইয়াৰ ফলত এপ্ৰিল-মে’ মাহত ৯০%ত কৈও অধিক কৰ্ণিয়া সংৰোপণ অস্ত্ৰোপচাৰৰ কাম স্তব্ধ হৈ পৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷

শেহতীয়াকৈ নন-কভিড চিকিৎসালয়সমূহত  নেত্ৰ বেংকৰ কাম পুনৰ আৰম্ভ হোৱাত মন্ত্ৰীগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে৷

ৱেবিনাৰত তেওঁ ২০২২ চনৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ নতুন ভাৰতৰ বীক্ষণ বাস্তৱায়িত কৰি তুলিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰাটো আৱশ্যক বুলি দোহাৰে৷

আজিৰ ৱেবিনাৰখনত এইমছৰ সঞ্চালন অধ্যাপক ৰণদ্বীপ গুলেৰিয়া, এইমছৰ ৰাজেন্দ্ৰ প্ৰসাদ চকু কেন্দ্ৰৰ মুৰব্বী ডাঃ অতুল কুমাৰ, ৰাষ্ট্ৰীয় চকু বেংকৰ অধ্যক্ষ ডাঃ জীৱন এছ তিতিয়ালকে ধৰি অন্যান্য জ্যেষ্ঠ চিকিৎসকসকলো উপস্থিত আছিল৷

 

****

MV/MANN



(Release ID: 1648627) Visitor Counter : 130