ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

ফাৰ্মা খণ্ডত ঘৰুৱা সক্ষমতা বৃদ্ধিৰ বাবেউপযুক্ত পৰিৱেশ সৃষ্টি কৰিবলৈ ফাৰ্মাচিউটিকেল বিভাগে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে

দেশত ৩খন বাল্ক ড্ৰাগ পাৰ্ক আৰু ৪খন মেডিকেল ডিভাইচ পাৰ্ক স্থাপনৰ বাবে চৰকাৰে আঁচনি মুকলি কৰিছে

বাল্ক ড্ৰাগ পাৰ্ক আৰু মেডিকেল ডিভাইচ পাৰ্কে সামগ্ৰিকভাৱে ৭৭৯০০কোটিৰ বিনিয়োগক আকৰ্ষিত কৰিব আৰু প্ৰায় ২,৫৫,০০০ নিয়োগৰ সুযোগ সৃষ্টি কৰিবঃ শ্ৰী গৌড়া

Posted On: 20 AUG 2020 2:23PM by PIB Guwahati

কেন্দ্ৰীয় সাৰ আৰু ৰাসায়নিক মন্ত্ৰী শ্ৰী ডি.ভি সদানন্দ গৌড়াই কৈছে যে তেওঁৰ ফাৰ্মাচিউটিকেল বিভাগে ফাৰ্মা খণ্ডত ঘৰুৱা সক্ষমতা বৃদ্ধিৰ বাবেউপযুক্ত পৰিৱেশ সৃষ্টি কৰিবলৈ কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছেতেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ ভাৰতৰ ফাৰ্মা উদ্যোগক কেৱল ভাৰতৰে সম্পদ নহয়, সমগ্ৰ বিশ্বৰসম্পদ আখ্যা দিছিল। উন্নয়নশীল দেশত ই ঔষধৰ মূল্য হ্ৰাসত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

চিআইআইৰ ১২সংখ্যক মেডটেক গ্লোবেল সন্মিলনত শ্ৰী গৌড়াই কয় যে যে দেশৰ দৰৱ সুৰক্ষা শক্তিশালী কৰিবলৈ চৰকাৰে ফাৰ্মা খণ্ডক আত্মনিৰ্ভৰশীল কৰিবলৈ সংকল্পবদ্ধ। চৰকাৰে দেশত ৩খন বাল্ক ড্ৰাগ পাৰ্ক আৰু ৪খন মেডিকেল ডিভাইচ পাৰ্ক স্থাপনৰ বাবে আঁচনি মুকলি কৰিছে

ইয়াৰ লগতে চৰকাৰে এই পাৰ্কত বাল্ক ড্ৰাগছ আৰু মেডিকেল ডিভাইচ নিৰ্মাণ কৰিবলৈ প্ৰডাকচন লিংকড ইনচেনটিভ(পিএলআই) বিকশিত কৰিব।

মন্ত্ৰীগৰাকীয়ে কয়, চৰকাৰে ২০২১-২২ৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ পাঁচ বছৰৰ বাবে ৫ শতাংশ হাৰত ইনচেণ্টিভ প্ৰদান কৰিব। ইয়াৰ মুঠ ব্যয় হব ৩৪২০কোটি। ফাৰ্মাচিউটিকেল বিভাগে ইতিমধ্যে এই আঁচনিৰ বাবে যোৱা ২৭জুলাই,২০২০ত ইউনিট বাছনি কৰিবলৈ মূল্যাংকন চৰ্তসমূহ মুকলি কৰিছে। আবেদন পূৰণৰ বাবে ১২০ দিনৰ সময় দিয়া হৈছে। তেওঁ কয় যে কোম্পানীসমূহৰ বাবে এই আঁচনিৰ উপযোগিতা গ্ৰহণৰ এয়া উপযুক্ত সময়।

শ্ৰী গৌড়াই জানিবলৈ দিয়ে যে বাল্ক ড্ৰাগ আৰু মেডিকেল ডিভাইচ প্ৰতিষ্ঠাৰ বাবে ৰূপায়ন কৰা আঁচনিখনে প্ৰায় ৭৭৯০০ কোটিৰ সামগ্ৰিক বিনিয়োগক আকৰ্ষিত কৰিব আৰু ই প্ৰায় ২,৫৫,০০০ নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

RCJ/RKM/MS


(Release ID: 1647524) Visitor Counter : 183