বিত্ত মন্ত্ৰালয়

ইচিএলজিএছৰ অধীনত ১লাখ কোটি টকাতকৈ অধিক ঋণ প্ৰদান কৰা হৈছে

Posted On: 20 AUG 2020 11:19AM by PIB Guwahati

ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত ১০০শতাংশ জৰুৰী ক্ৰেডিট লাই গেৰাণ্টি আঁচনি(ইচিএলজিএছ)ৰ অধীনত চৰকাৰী আৰু বেচৰকাৰী বেংকসমূহে ১৮ আগষ্ট, ২০২০লৈকে মুঠ ১.৫লাখ কোটি টকাৰ ঋণত অনুমোদন জনাইছে আৰু ইয়াৰে ১ লাখ কোটি টকা ইতিমধ্যে প্ৰদান কৰা হৈছে৷ চৰকাৰে কভিড-১৯ লকডাউনৰ বাবে বিভিন্ন খণ্ড, বিশেষকৈ এমএছএমই খণ্ডসমূহে সন্মুখীন হোৱাৰ দুৰ্যোগপূৰ্ণ অৱস্থাৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে ঘোষণা কৰা আত্মনিৰ্ভৰ ভাৰত পেকেজৰ এক অংশ হিচাপে এই ইচিএলজিএচৰ কথাও উল্লেখ কৰিছিল৷

চৰকাৰী আৰু বেচৰকাৰী বেংকসমূহে বিতৰণ কৰা মুঠ ঋণৰ সবিশেষ তলত উল্লেখ কৰা ধৰণৰঃ

ইচিএলজিএছ বেংকৰ অধীনত চৰকাৰী খণ্ডৰ বেংকে মুঠ ৭৬,০৪৪.৪৪ কোটি টকা অনুমোদন জনাইছে আৰু ইয়াৰে ৫৬,৪৮৩ কোটি ইতিমধ্যে বিতৰণ কৰা হৈছে৷ একেদৰে, বেচৰকাৰী খণ্ডই বৰ্তমানলৈকে ৭৪,৭১৫.০২ কোটি টকাৰ ঋণ অনুমোদন জনোৱাৰ বিপৰীতে ৪৫,৭৬২ কোটি টকা বিতৰণ কৰিছে৷ সৰ্বাধিক ঋণ অনুমোদন দিয়া বেংকসমূহ হৈছে-ষ্টেট বেংক অৱ ইণ্ডিয়া, কানাড়া বেংক, পাঞ্জাৱ নেচনেল বেংক, বেংক অৱ ইণ্ডিয়া, ইউনাইটেড বেংক অৱ ইণ্ডিয়া আৰু এইচডিএফচি বেংক লিমিটেড৷

১২টা ৰাজহুৱা খণ্ডৰ বেংকে অনুমোদন জনোৱা আৰু বিতৰণ কৰা ঋণৰ সবিশেষ তলত উল্লেখ কৰা ধৰণৰঃ

ইচিএলজিএছৰ অধীনত ৰাজহুৱা খণ্ডৰ বেংকে অনুমোদন জনোৱা আৰু বিতৰণ কৰা ঋণৰ সবিশেষ তলত উল্লেখ কৰা ধৰণৰঃ

****

RM/KMN/DB



(Release ID: 1647249) Visitor Counter : 184