মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

আইআইএম ৰায়পুৰৰ প্ৰাক্ স্নাতকৰ একাদশ বেটছ আৰু ফেল’ (ডক্ট’ৰেল) পাঠ্যক্ৰমৰ নৱম বেটছৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে

শিক্ষামন্ত্ৰীয়ে আইআইএম ৰায়পুৰৰ নৱ নিৰ্মিত শিক্ষক ভৱন আৰু শৈক্ষিক ভৱন মুকলি কৰে

Posted On: 18 AUG 2020 6:19PM by PIB Guwahati

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ অনলাইন মাধ্যমৰ জৰিয়তে  আইআইএম ৰায়পুৰৰ প্ৰাক্ স্নাতক পাঠ্যক্ৰমৰ একাদশ বেটছ আৰু ফেল’ (ডক্ট’ৰেল) পাঠ্যক্ৰমৰ নৱম বেটছৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ আইআইএম ৰায়পুৰৰ বিঅ’জি, অধ্যক্ষ শ্ৰী শ্যামলাল গোপীনাথ, সঞ্চালক অধ্যাপক ভৰত ভাস্কৰো এই অনুষ্ঠানত উপস্থিত থাকে৷

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি শ্ৰী পখৰিয়ালে পিজিপিৰ একাদশ বেটছ আৰু এফপিএমৰ নৱম বেটছক আইআইএমৰ কেম্পাছলৈ আদৰণি জনায়৷

ভাষণ প্ৰসংগত শ্ৰী পখৰিয়ালে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বিষয়েও উল্লেখ কৰে৷ এই সন্দৰ্ভত চৰকাৰে ২০৩৫ চনৰ ভিতৰত দেশত উচ্চ শিক্ষাৰ মুঠ পঞ্জীয়নৰ অনুপাত ৫০%লৈ বৃদ্ধি কৰাৰ উদ্দেশ্যৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে৷ তেওঁ কয় যে ইয়াৰ জৰিয়তে আইআইএমৰ দৰে প্ৰতিষ্ঠানসমূহেও অৰিহণা আগবঢ়াব৷ শিক্ষাৰ্থীসকলে জীৱনৰ নতুন প্ৰান্তত উপস্থিত হোৱাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীগৰাকীয়ে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰি ভাষণৰ মোখনি মাৰে৷

ইয়াৰ পিছতে আইআইএম ৰায়পুৰৰ সঞ্চালক অধ্যাপক ভৰত ভাস্কৰে শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংক’, শিক্ষা মন্ত্ৰালয়, চট্টিশগড় চৰকাৰ, আইআইএম ৰায়পুৰৰ কৰ্তৃপক্ষ তথা আইআইএমৰ শিক্ষক আৰু কৰ্মচাৰী মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰে৷ অধ্যাপকগৰাকীয়ে ২০২০-২০২২ বৰ্ষৰ পিজিপিৰ শিক্ষাৰ্থীসকলকো আদৰণি জনায়৷

 

******

MC/AKJ/AK/MANN



(Release ID: 1646876) Visitor Counter : 138