স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

বিশ্বৰ ভিতৰতে নিম্নতমৰ অন্যতম, ভাৰতত মৃত্যুৰ হাৰ ২শতাংশতকৈ কম আৰু ই কমি আহিছে

আৰোগ্যৰ হাৰৰ উৰ্দ্ধমুখী যাত্ৰা অব্যাহত আছে

প্ৰায় ৩কোটি কভিড পৰীক্ষা সম্পন্ন হৈছে

Posted On: 16 AUG 2020 12:40PM by PIB Guwahati

ভাৰতত কভিড-১৯ত মৃত্যুৰ হাৰ ধাৰাবাহিকভাৱে হ্ৰাস পাই আহিছে আৰু ভাৰত মৃত্যুৰ হাৰৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে সৰ্বনিম্ন দেশসমূহৰ মাজৰ এখন। আজি ই ১.৯৩শতাংশ হৈছে।ই কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সমূহীয়া প্ৰচেষ্টাৰ ফল যিয়ে মৃত্যুৰ হাৰ ধাৰাবাহিকভাৱে হ্ৰাস কৰাত নেতৃত্ব লৈছে।

 

মাৰ্কিন যুক্তৰাষ্ট্ৰত ২৩দিনত, ব্ৰাজিলত ৯৫ দিনত আৰু মেক্সিকোত ১৪১ দিনত মৃত্যুৰ সংখ্যাই ৫০হাজাৰ অতিক্ৰম কৰিছিল। ভাৰতক এই ৰাষ্ট্ৰীয় তথ্য স্পৰ্শ কৰিবলৈ লাগিছে ১৫৬ দিন।

 

হাস্পতালসমূহত উন্নত আৰু ফলদায়ক চিকিত্সা সেৱা, হোম আইচোলেচনত থকা লোকৰ ওপৰত নজৰ ৰখা, নন-ইনভেছিভ অক্সিজেন ছাপৰ্টৰ ব্যৱহাৰ, দ্ৰুত আৰু সময়ত চিকিত্সা লাভৰ বাবে ৰোগীক কঢ়িয়াই নিবলৈ এম্বুলেন্সৰ উন্নত সেৱাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে গুৰুত্ব দি আহিছে। আশা কৰ্মীসকলে হোম আইচোলেচনত থকা লোকসকলৰ ওপৰত নজৰ ৰাখিছে। দিল্লীৰ এইমছৰ বিশেষজ্ঞৰ জৰিয়তে কভিড-১৯ আক্ৰান্ত ৰোগীৰ চিকিত্সাত জড়িত চিকিত্সকৰ দক্ষতা বৃদ্ধি কৰা হৈছে। এইসমূহ পদক্ষেপ গ্ৰহণৰ ফলত ভাৰতত মৃত্যুৰ হাৰ বিশ্ব গড় হাৰৰ তলত ৰখা সম্ভৱ হৈছে।

মৃত্যুৰ হাৰ ২শতাংশৰ তলত আৰু ই ক্ৰমান্বয়ে হ্ৰাস পাই আছে

 

 

 

ব্যাপক হাৰত নমুনা পৰীক্ষা, আক্ৰান্তসকলক চিনাক্ত কৰি উলিওৱা আৰু উপযুক্ত চিকিত্সা সেৱা প্ৰদানৰ ফলত সুস্থতাৰ হাৰ বৃদ্ধি পাইছে। ভাৰতত সুস্থতাৰ হাৰ প্ৰায় ৭২শতাংশলৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত ৫৩,৩২২ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে। ইয়াৰ সৈতে মুঠ সুস্থ হোৱা কভিড-১৯ ৰোগীৰ সংখ্যা ১৮.৬লাখলৈকে(১৮,৬২,২৫৮) বৃদ্ধি পালে।

 

দেশত বৰ্তমান কৰনা আক্ৰান্তৰ সংখ্যা ৬,৭৭,৪৪৪গৰাকী। এই সংখ্যা মুঠ আক্ৰান্তৰ সংখ্যাৰ ২৬.১৬ শতাংশ। যোৱা ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে। আক্ৰান্তসকলক চিকিত্সকৰ তত্ত্বাৱধানত ৰখা হৈছে।

 

আক্ৰান্তৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে

 

কভিডৰ নমুনা পৰীক্ষাৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰতে ৩কোটি সম্পূৰ্ণ কৰাৰ দিশত অগ্ৰসৰ হৈছে। এতিয়ালৈকে ২,৯৩,০৯,৭০৩টা নমুনা পৰীক্ষা কৰা হৈছে। যোৱা ২৪ ঘণ্টাত ৭,৪৬,৬০৮টা নমুনা পৰীক্ষা কৰা হৈছে।

 

দেশত পৰীক্ষাগাৰৰ সংখ্যাও ক্ৰমশঃ বৃদ্ধি পাইছে। চৰকাৰী খণ্ডৰ ৯৬৯টা আৰু বে-চৰকাৰী খণ্ডৰ ৫০০টা পৰীক্ষাগাৰ মিলি মুঠ পৰীক্ষাগাৰৰ সংখ্যা ১৪৬৯টা।

 

বিভিন্ন ধৰণৰ পৰীক্ষাগাৰসমূহ হৈছেঃ

 

ৰিয়েল-টাইম আৰটি পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৭৫৪(চৰকাৰীঃ৪৫০+বেচৰকাৰীঃ৩০৪)

ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৫৯৮(চৰকাৰীঃ৪৮৫+বেচৰকাৰীঃ১১৩)

চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ১১৭(চৰকাৰীঃ৩৪+বেচৰকাৰীঃ৮৩)

 

সকলোধৰণৰ বিশ্বাসযোগ্য আৰু শেহতীয়া কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী বিষয়, নীতিগত নিৰ্দেশাৱলী আৰু পৰামৰ্শৰ বাবে অনুগ্ৰহ কৰি নিয়মীয়াকৈ https://www.mohfw.gov.in/ আৰু @MoHFW_INDIA দৰ্শন কৰক।

 

মনত উদয় হোৱা কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী প্ৰশ্ন technicalquery.covid19[at]gov[dot]inলৈ প্ৰেৰণ কৰিব পাৰে আৰু অন্য প্ৰশ্ন ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ প্ৰেৰণ কৰিব পাৰে।

 

কভিড-১৯ সম্পৰ্কীয় জানিবলগীয়া যিকোনোধৰণৰ তথ্যৰ বাবে অনুগ্ৰহ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ হেল্পলাইন নম্বৰঃ +91-11-23978046  নাইবা 1075(টল ফ্ৰী)ত কল কৰক।কভিড-১৯ৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf তো উপলব্ধ হব।

 

*****

MV/SJ/KG



(Release ID: 1646549) Visitor Counter : 216