ৰাষ্ট্ৰপতি সচিবালয়

‘আইচিচিআৰ’-ৰ মুখ্য কাৰ্যালয়ত শ্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিচ্ছবি ভিডিঅ’ কনফাৰেন্স ব্যৱস্থাৰে উন্মোচন কৰিলে ৰাষ্ট্ৰপতিয়ে

Posted On: 16 AUG 2020 1:55PM by PIB Guwahati

ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কবিন্দে আজি (১৬ আগষ্ট ২০২০) ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেশ্যনছ(আইচিচিআৰ)ৰ মুখ্য কাৰ্যালয়ত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ দ্বিতীয় মৃত্যু দিৱসত তেওঁৰ এখন প্ৰতিচ্ছৱি আনুষ্ঠানিক ভাবে উন্মোচন কৰে। স্মৰ্তব্য যে শ্ৰী অটল বিহাৰী বাজপেয়ীয়ে দেশৰ বিদেশ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত ১৯৭৭ চনৰ মাৰ্চ মাহৰ পৰা ১৯৭৯ চনৰ আগষ্ট মাহ পৰ্যন্ত আইচিচিআৰৰ পদেন অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

এই উপলক্ষে প্ৰদান কৰা ভাষণত ৰাষ্ট্ৰপতিয়ে কয়, এই অনুষ্ঠানৰ জৰিয়তে ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখনত বহু গৌৰৱশালী অধ্যায়ৰ সৃষ্টি কৰা এগৰাকী সুদক্ষ ৰাষ্ট্ৰীয়তাবাদী নেতাৰ প্ৰতি আমি আমাৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছো। তেওঁ কয়, অটলজী সদায়ে মুক্ত চিন্তা আৰু গণতান্ত্ৰিক আদৰ্শৰ প্ৰতি উত্সৰ্গিত ব্যক্তি আছিল। এগৰাকী সুদক্ষ দলীয় কৰ্মকৰ্তা হিচাপে, সাংসদ হিচাপে, সংসদৰ গুৰুত্বপূৰ্ণ সমিতিৰ অধ্যক্ষ হিচাপে, বিৰোধী দলৰ দলপতি হিচাপে, বিদেশ মন্ত্ৰী হিচাপে আৰু দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ অনন্য ব্যক্তিত্ব আৰু কৰ্মদক্ষতাৰ অম্লান স্বাক্ষৰ ৰাখি থৈ গৈছে। অটলজীয়ে তেওঁৰ কথা, কাম আৰু আচৰণৰ জৰিয়তে সকলো ৰাজনৈতিক দল, ৰাজহুৱা জীৱনেৰে জড়িত সকলো ব্যক্তিৰ প্ৰতি ৰাষ্ট্ৰীয় স্বাৰ্থ যে সকলোৰে উৰ্ধ্বত সেই শিকনি দি থৈ গৈছে।

ৰাষ্ট্ৰপতিয়ে কয় যে আজি সমগ্ৰ পৃথিৱীয়েই কভিড-১৯ৰ বাবে সংকটাপন্ন হৈ আছে। পিচে, মহামাৰীৰ সংকট আঁতৰি যোৱাৰ পিচত আমি সমৃদ্ধি আৰু প্ৰগতিৰ বাটেৰে দ্ৰুত গতিৰে আগুৱাই যোৱাৰ লগতে ২১শতিকাক ভাৰতৰ শতিকা হিচাপে গঢ়াৰ বাবে অটলজীয়ে দেখা সপোনটো সাৰ্থক কৰাত সফল হমেই বুলি তেওঁ বিশ্বাস প্ৰকট কৰে।

ইয়াৰ পূৰ্বে, আজি পুৱা ৰাষ্ট্ৰপতিয়ে শ্ৰী অটল বিহাৰী বাজপেয়ীৰ স্মৃতিস্থল- সদৈৱ অটললৈ গৈ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ দ্বিতীয় মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

Click here to read the President's address in Hindi

***

VRRK/KP/KB



(Release ID: 1646345) Visitor Counter : 163