ৰাষ্ট্ৰপতি সচিবালয়

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দে ৭৪তম স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধিয়াত ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰদান কৰা ভাষণ

Posted On: 14 AUG 2020 7:30PM by PIB Guwahati

মৰমৰ দেশবাসীসকল,

নমস্কাৰ!

১. ৭৪তম স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধিয়াত দেশ-বিদেশৰ ভাৰতৰ সকলো জনসাধাৰণলৈ অশেষ অভিনন্দন আৰু শুভকামনা জনালো৷ ১৫ আগষ্টত আমি সকলোৱে ত্ৰিৰংগা উৰুৱাই, স্বাধীনতা দিৱসৰ সমাৰোহত অংশগ্ৰহণ কৰি তথা দেশ ভক্তিৰে পৰিপূৰ্ণ গীত শুনি উৎসাহিত হও৷ আমাৰ তৰুণ প্ৰজন্মৰ বাবে এয়া স্বাধীনতাৰ গৌৰৱ অনুভৱ কৰাৰ দিন৷ এই উপলক্ষে আমি আমাৰ স্বাধীনতা সেনানীসকলৰ বলিদানক কৃতজ্ঞতাৰ সৈতে সোঁৱৰো৷ তেওঁলোকৰ বলিদানৰ ফলতেই আমি সকলোৱে আজি এক স্বাধীন দেশত বসবাস কৰিব পাৰিছো৷

২. আমাৰ স্বাধীনতা সংগ্ৰামৰ আদৰ্শৰ ভেঁটিতেই আধুনিক ভাৰতৰ নিৰ্মাণ হ’বলৈ ধৰিছে৷ আমাৰ দুৰদৰ্শী ৰাষ্ট্ৰ-নায়কসকলে নিজৰ বিভিন্ন চিন্তাধাৰাক ৰাষ্ট্ৰীয়তাৰ একডাল সুঁতাতে বান্ধিছিল৷ তেওঁলোকৰ দায়িত্ব আছিল- দেশক দমনকাৰী বিৰোধী শাসনৰ পৰা মুক্ত কৰোৱা আৰু ভাৰত মাতাৰ সন্তানৰ ভৱিষ্যৎ সুৰক্ষিত কৰোৱা৷ তেওঁলোকে নিজৰ কাৰ্য-কলাপৰ জৰিয়তে আধুনিক ৰাষ্ট্ৰৰ ৰূপত ভাৰতৰ পৰিচয়ক মূৰ্ত ৰূপ প্ৰদান কৰিছিল৷

৩. আমি সৌভাগ্যশালী যে মহাত্মা গান্ধী আমাৰ স্বাধীনতা আন্দোলনৰ পথ প্ৰদৰ্শক আছিল৷ তেওঁৰ ব্যক্তিত্বত আমি এজন সন্ত আৰু এজন ৰাজনেতাৰ সমন্বয়িত ৰূপ দেখা পাও আৰু এয়া কেৱল ভাৰতৰ ভূমিতহে সম্ভৱ৷ সামাজিক সংঘৰ্ষ, আৰ্থিক সমস্যা আৰু জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা সমস্যাজৰ্জৰিত আজিৰ বিশ্বই গান্ধীজীৰ শিক্ষাত সমাধান লাভ কৰে৷ সমতা আৰু ন্যায়ৰ বাবে তেওঁৰ দায়ৱদ্ধতাই হ’ল আমাৰ গণতন্ত্ৰৰ মূলমন্ত্ৰ৷ গান্ধীজীৰ বিষয়ে তৰুণ প্ৰজন্মৰ জিজ্ঞাসা আৰু উৎসাহ পৰিলক্ষিত কৰি মই অত্যন্ত সুখী অনুভৱ কৰো৷

 

মৰমৰ দেশবাসীসকল,

৪. চলিত বৰ্ষৰ স্বাধীনতা দিৱস পূৰ্বৰ দৰে ধুম-ধামেৰে পালন কৰা নহ’ব৷ ইয়াৰ কাৰণ স্পষ্ট৷ সমগ্ৰ বিশ্ব এনে এক ঘাতক ভাইৰাছৰ সৈতে যুঁজত লিপ্ত হৈছে যিয়ে জন-জীৱনৰ ব্যাপক ক্ষতি কৰিছে আৰু এই ধৰণৰ কাৰ্যসূচীত প্ৰতিবন্ধকৰ সৃষ্টি কৰিছে৷ এই গোলকীয় মহামাৰীৰ ফলত সকলোৰে জীৱন সম্পূৰ্ণ ধৰণে পৰিৱৰ্তন হৈ পৰিছে৷

৫. এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পূৰ্বানুমানৰ ভিত্তিত সময় থাকোতেই কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰি যথেষ্ট সকাহ প্ৰদান কৰিছে৷ এই অসাধাৰণ প্ৰয়াসৰ ফলতেই ঘন আবাদী আৰু বিবিধ পৰিস্থিতিপূৰ্ণ আমাৰ বিশাল দেশত এই প্ৰত্যাহ্বানৰ সন্মুখীন সম্ভৱ হৈছে৷ ৰাজ্য চৰকাৰসমূহে স্থানীয় পৰিস্থিতি অনুসৰি পদক্ষেপ গ্ৰহণ কৰিছে৷ জনসাধাৰণে পূৰ্ণ সহযোগ আগবঢ়াইছে৷ এই প্ৰয়াসসমূহৰ ফলতে আমি এই গোলকীয় মহামাৰীৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰিত কৰিবলৈ আৰু বৃহৎ সংখ্যাত জনসাধাৰণৰ জীৱন ৰক্ষা কৰাত সফলতা লাভ কৰিছো৷ এয়া সমগ্ৰ বিশ্বৰ সন্মুখত এক অনুকৰণীয় উদাহৰণ হিচাপে বিবেচিত হৈছে৷

৬. ৰাষ্ট্ৰৰ সেই সকলো চিকিৎসক, নাৰ্চ তথা অন্য স্বাস্থ্য-কৰ্মীসকলৰ ওচৰতো আমি ঋণী যিয়ে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে এই যুঁজত সন্মুখৰ শাৰীৰ পৰা নেতৃত্ব দিছে৷ দুৰ্ভাগ্যবশতঃ তেওঁলোকৰ অনেক যোদ্ধাই এই মহামাৰীৰ বিৰুদ্ধে যুঁজ কৰি নিজৰ জীৱন বলিদান দিছে৷ তেওঁলোক হ’ল আমাৰ ৰাষ্ট্ৰৰ আদৰ্শ সেৱা-যোদ্ধা৷ এই ক’ৰোনা যোদ্ধাসকলৰ যিমানেই প্ৰশংসা কৰা হয় সিমানেই কম হয়৷  এই সকলো যোদ্ধা নিজৰ কৰ্তব্যৰ সীমাৰ ঊৰ্ধলৈ গৈ জনসাধাৰণৰ জীৱন ৰক্ষা কৰিছে আৰু আৱশ্যকীয় সেৱাসমূহৰ উপলব্ধতা সুনিশ্চিত কৰিছে৷ চিকিৎসক, স্বাস্থ্য-কৰ্মী, দুৰ্যোগ প্ৰশমন বিভাগৰ সদস্য, আৰক্ষী কৰ্মী, চাফাই কৰ্মচাৰী, যোগান কৰ্মী, পৰিবহণ, ৰে’ল তথা বিমান কৰ্মী, বিভিন্ন সেৱা প্ৰদানকাৰী, চৰকাৰী কৰ্মচাৰী, সমাজসেৱী সংগঠন তথা উদাৰ নাগৰিক, এওঁলোক সকলোৱে সাহস আৰু নিঃস্বাৰ্থ সেৱাৰ প্ৰেৰক হিচাপে উদাহৰণ প্ৰস্তুত কৰিছে৷ যেতিয়া গাঁও আৰু নগৰত কাম-কাজ স্তব্ধ হৈ পৰে, বাট-পথ শূন্য হৈ পৰে, তেতিয়া এই ক’ৰোনা যোদ্ধাসকলে নিজৰ অৰ্থৱহ পৰিশ্ৰমেৰে জনসাধাৰণে যাতে স্বাস্থ্য সেৱা, পানী আৰু বিদ্যুৎ, পৰিবহণ আৰু সংযোগৰ সুবিধা, গাখীৰ আৰু শাক-পাচলি, খাদ্য-সামগ্ৰী, ঔষধ আৰু অন্য আৱশ্যকীয় সুবিধাসমূহৰ  পৰা বঞ্চিত হ’বলগীয়া নহয় তাৰে নিশ্চিতি প্ৰদান কৰে৷ আমি সকলোৱে এই মহামাৰীৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰো আৰু আমাৰ জীৱন তথা আজীৱিকা, দুয়োটাই যাতে অব্যাহত হৈ থাকে তাৰ বাবে তেওঁলোকে নিজৰ জীৱন বিপদাপন্ন কৰে৷

৭. এই সময়ছোৱাত পশ্চিমবংগ আৰু ওড়িশাত ‘আম্ফন’ ঘূৰ্ণী বতাহে বিস্তৰ ক্ষতি সাধন কৰিলে যাৰ দ্বাৰা প্ৰত্যাহ্বানৰ মাত্ৰা অধিক বৃদ্ধি হ’ল৷ এই বিপদৰ সময়ছোৱাত জন-ধনৰ ক্ষতি কম কৰোৱাৰ বাবে দুৰ্যোগ প্ৰশমন দল, কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সংস্থা তথা সজাগ নাগৰিকৰ ঐক্যৱদ্ধ প্ৰয়াসৰ পৰা যথেষ্ট সহায়ক হ’ল৷ পূৰ্বোত্তৰ আৰু পূবৰ ৰাজ্যসমূহৰ বাসিন্দাসকলে বানৰ প্ৰকোপৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এই ধৰণৰ বিপদৰ মাজত, সমাজৰ সকলো বৰ্গৰ লোক, ঐক্যৱদ্ধ হৈ সংকটগ্ৰস্ত লোকৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে৷

 

মোৰ মৰমৰ দেশবাসীসকল,

৮. এই মহামাৰীৰ সবাতোকৈ কঠোৰ প্ৰহাৰ দুখীয়া আৰু দৈনিক শ্ৰম নিৰ্ভৰশীলসকলৰ ওপৰত পৰিছে৷ সংকটৰ এই সময়ছোৱাত তেওঁলোকক সাহায্য প্ৰদানৰ বাবে, ভাইৰাছৰ নিয়ন্ত্ৰণ প্ৰয়াসৰ সৈতে অনেক জনকল্যাণমুখী পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনা’ৰ শুভাৰম্ভ কৰি চৰকাৰে কোটি কোটি লোকক আজীৱিকা প্ৰদান কৰিছে যাতে মহামাৰীৰ ফলত কৰ্ম সংস্থাপন হেৰুওৱা, এটা স্থানৰ পৰা আন এটা স্থানলৈ যোৱা তথা জীৱন বিশৃংখলপূৰ্ণ হোৱাৰ কষ্ট হ্ৰাস কৰিব পাৰি৷ জনসাধাৰণৰ সহায়ৰ বাবে সামাজিক সংস্থা আৰু নাগৰিকৰ তৰফৰ পৰা অশেষ সমৰ্থন পোৱা গৈছে৷

৯. কোনো এটা পৰিয়ালেই যাতে ভোকত থাকিব নালাগে তাৰ বাবে অভাৱগ্ৰস্ত লোকক বিনামূলীয়াকৈ খাদ্য যোগান ধৰা হৈছে৷ বিনামূলীয়া খাদ্য যোগান ধৰাৰ বাবে বিশ্বৰ সবাতোকৈ বৃহৎ এই অভিযানৰ সময়সীমা নৱেম্বৰ ২০২০লৈ সম্প্ৰসাৰিত কৰা হৈছে৷ এই অভিযানৰ দ্বাৰা প্ৰতি মাহত প্ৰায় ৮০ কোটি লোকে বিনামূলীয়াকৈ খাদ্য লাভ কৰাটো

সুনিশ্চিত কৰা হৈছে৷ ৰেচন কাৰ্ডৰ গৰাকীয়ে যাতে দেশৰ যিকোনো প্ৰান্তত খাদ্য-সামগ্ৰী লাভ কৰিব পাৰে, তাৰ বাবে সকলো ৰাজ্যক ‘এক দেশ-এক ৰেচন কাৰ্ড’ যোজনাৰ অধীনলৈ অনা হৈছে৷

১০. বিশ্বৰ যিকোনো স্থানত সমস্যাত পৰা আমাৰ লোকসকলৰ সহায়ৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ চৰকাৰৰ দ্বাৰা ‘বন্দে ভাৰত অভিযান’ৰ অধীনত দহ লক্ষাধিক ভাৰতীয়ক স্বদেশলৈ ঘূৰাই অনা হৈছে৷ ভাৰতীয় ৰে’লৰ দ্বাৰা প্ৰত্যাহ্বানপূৰ্ণ সময়ত ৰে’ল সেৱা সঞ্চালিত কৰি সামগ্ৰী তথা জনসাধাৰণৰ যাতায়াতকো সম্ভৱ কৰি তোলা হৈছে৷

১১. নিজৰ সামৰ্থৰ বিশ্বাসৰ বলত আমি ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত অন্য দেশলৈও সহায়ৰ হাত সম্প্ৰসাৰিত কৰিছো৷ অন্য দেশৰ অনুৰোধত ঔষধৰ যোগান ধৰি আমি পুনৰবাৰ এয়া প্ৰমাণ কৰিছো যে সংকটৰ এই সময়ছোৱাত ভাৰত বিশ্ববাসীৰ সৈতে ঐক্যৱদ্ধ হৈ আছে৷  ক্ষেত্ৰীয় আৰু বিশ্বজনীন স্তৰত মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰভাৱী ৰণনীতিক বিকশিত কৰাত আমি অগ্ৰণী ভূমিকা পালন কৰিছো৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য পদৰ বাবে শেহতীয়াকৈ সম্পন্ন হোৱা নিৰ্বাচনত লাভ কৰা পূৰ্ণ সমৰ্থনে ভাৰতৰ প্ৰতি থকা ব্যাপক আন্তঃৰাষ্ট্ৰীয় সদভাৱনাক প্ৰকট কৰি তুলিছে৷

১২. কেৱল নিজৰ বাবে নহয় বৰঞ্চ সমগ্ৰ বিশ্বৰ কল্যাণৰ হকে পদক্ষেপ গ্ৰহণ কৰাটো ভাৰতৰ এক প্ৰাচীন পৰম্পৰা৷ ভাৰতৰ আত্মনিৰ্ভৰতাৰ অৰ্থ হ’ল স্বয়ং সক্ষম হোৱা, বিশ্বৰ পৰা বিচ্ছিন্ন হোৱা নহয়৷ ইয়াৰ অৰ্থ এয়াই যে ভাৰত গোলকীয় বজাৰ ব্যৱস্থাত অন্তৰ্ভুক্তও হ’ব আৰু নিজৰ বিশেষ পৰিচয়ো সাব্যস্ত কৰিব৷

 

মৰমৰ দেশবাসীসকল,

১৩. আজি বিশ্বৰ জনগণে ‘বসুধৈৱ কুটুম্বকম’ অৰ্থাৎ ‘সমগ্ৰ বিশ্বই এটাই পৰিয়াল’ সেই বিশ্বাসক স্বীকাৰ কৰিছে যি আমাৰ পূৰ্বৰে পৰা পৰম্পৰা হিচাপে চলি আহিছিল৷ কিন্তু আজি যেতিয়া বিশ্বৰ জনগণৰ সন্মুখত সৃষ্টি হোৱা সবাতোকৈ বৃহৎ প্ৰত্যাহ্বানৰ সৈতে ঐক্যৱদ্ধ হৈ সংঘৰ্ষ কৰাৰ সময় আহি পৰিছে, তেতিয়াই আমাৰ প্ৰতিৱেশীয়ে নিজৰ বিস্তাৰবাদী গতিবিধি অতি চতুৰালিৰে বাস্তৱায়িত কৰাৰ দুঃসাহস কৰিছে৷ সীমাৰ সুৰক্ষাত আমাৰ সাহসী জোৱানে নিজৰ প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছে৷ ভাৰত মাতাৰ সেই বীৰ পুত্ৰই ৰাষ্ট্ৰৰ গৌৰৱৰ বাবেই জীৱন ধাৰণ কৰিছে আৰু তাৰ বাবেই নিজৰ প্ৰাণ বলিদান দিছে৷ সমগ্ৰ দেশবাসীয়ে গলৱান ঘাটিৰ বলিদানক শিৰ দোৱাই সেৱা কৰিছে৷ প্ৰতিজন ভাৰতবাসীৰ হৃদয়ত তেওঁলোকৰ পৰিয়ালৰ প্ৰতি কৃতজ্ঞতাৰ ভাৱ জাগি উঠিছে৷ তেওঁলোকৰ শৌৰ্যই এই প্ৰমাণিত কৰিছে যে যদিওবা আমি শান্তিত বিশ্বাসী, কোনোৱে যদি অশান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিয়া হ’ব৷  আমি আমাৰ সশস্ত্ৰ বাহিনী, আৰক্ষী তথা অৰ্ধ সামৰিক বাহিনীক লৈ গৌৰৱ কৰো যিয়ে সীমাত সুৰক্ষা প্ৰদান কৰি আমাৰ অন্তৱৰ্তী সুৰক্ষা সুনিশ্চিত কৰে৷

১৪. মই ভাবো যে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত জীৱন আৰু আজীৱিকা দুয়োটাৰে ৰক্ষাত ধ্যান দিয়াটো আৱশ্যক৷ আমি এই সংকটক সকলোৰে হিতাৰ্থে, বিশেষকৈ কৃষক আৰু ক্ষুদ্ৰ উদ্যমীৰ হিতাৰ্থে সমুচিত সংস্কাৰ সাধন কৰি অৰ্থ ব্যৱস্থাক পুনৰ গতিশীল কৰি তোলাৰ অৱকাশৰ ৰূপত প্ৰত্যক্ষ কৰিছো৷ কৃষি খণ্ডত ঐতিহাসিক সংশোধন কৰা হৈছে৷ এতিয়া কৃষকসকলে কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ দেশৰ যিকোনো প্ৰান্তত নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰি অধিকতম মূল্য লাভ কৰিব পাৰে৷ কৃষকসকলক নিয়ামক প্ৰতিৱন্ধকতাৰ পৰা মুক্ত কৰিবলৈ ‘অত্যাৱশ্যকীয় সামগ্ৰী অধিনিয়ম’ৰ সংশোধন কৰা হৈছে৷ ইয়াৰ জৰিয়তে কৃষকসকলৰ আয় বৃদ্ধিত সহায়ক হ’ব৷

 

মোৰ মৰমৰ দেশবাসীসকল,

১৫.  ২০২০ বৰ্ষত আমি সকলোৱে এক গুৰুত্বপূৰ্ণ শিকনি লাভ কৰিলো৷ প্ৰকৃতি মনুষ্যৰ অধীন, এই ধাৰণাক ভ্ৰান্ত বুলি প্ৰমাণিত কৰিলে এই অদৃশ্য ভাইৰাছে৷ মই ভাবো যে উপযুক্ত পথত, প্ৰকৃতিৰ সৈতে সামঞ্জস্যতা ৰাখি তেনে জীৱন-শৈলী গ্ৰহণ কৰাৰ অৱকাশ মানৱতাৰ সন্মুখত এতিয়াও আছে৷ জলবায়ু পৰিৱৰ্তনৰ দৰে এই মহামাৰীয়েও বিশ্ব-সম্প্ৰদায়ৰ প্ৰত্যেক সদস্যৰ নিয়তি পৰস্পৰে পৰস্পৰৰ সৈতে জড়িত হৈ আছে বুলি প্ৰতীয়মান কৰিছে৷ মোৰ ধাৰণা এয়েই যে বৰ্তমানৰ এই সময়ত ‘অৰ্থকেন্দ্ৰিক সমাৱেশ’ত কৈ অধিক গুৰুত্ব ‘মানৱকেন্দ্ৰিক সহযোগিতা’ই লাভ কৰিছে৷ এই পৰিৱৰ্তন যিমানেই অধিক ব্যাপক হ’ব, মানৱতাৰো সিমানেই কল্যাণ হ’ব৷ মানৱতাই নিজৰ মতভেদ পাহৰি ধৰিত্ৰী মাৰ ৰক্ষাৰ বাবে ঐক্যৱদ্ধ প্ৰয়াস কৰা হিচাপে এই একবিংশ শতিকাক মনত ৰাখিব লাগিব৷

১৬.  দ্বিতীয়টো শিকনি এয়াই যে প্ৰকৃতিৰূপী জননীৰ দৃষ্টিত আমি সকলো সমান তথা নিজৰ জীৱনৰ ৰক্ষা আৰু বিকাশৰ বাবে মুখ্যতঃ চৌপাশৰ লোকৰ ওপৰত নিৰ্ভৰশীল৷ ক’ৰোনা ভাইৰাছে মানৱ সমাজসৃষ্ট কৃত্ৰিম বিভাজনক মানি নলয়৷ ইয়াৰ দ্বাৰা এই বিশ্বাস প্ৰতীয়মান হয় যে মনুষ্যৰ দ্বাৰা উৎপন্ন কৰা বিভিন্ন প্ৰকাৰৰ পূৰ্বাগ্ৰহ আৰু সীমাৰ ঊৰ্ধলৈ যোৱাটো আৱশ্যক৷ ভাৰতবাসীৰ মাজত পৰস্পৰৰ প্ৰতি সহযোগিতা আৰু কৰুণাৰ ভাৱ দেখা পোৱা যায়৷ আমি আমাৰ আচৰণত এই সদগুণক ব্যাপক ধৰণে সমাৱিষ্ট কৰিব লাগে৷ তেতিয়াহে আমি সকলোৰে বাবে এক উন্নত ভৱিষ্যতৰ নিৰ্মাণ কৰিব পাৰিম৷

১৭. তৃতীয়টো শিকনি, স্বাস্থ্য সেৱাক অধিক শক্তিশালী কৰিব লাগিব৷ ৰাজহুৱা চিকিৎসালয় আৰু গৱেষণাগাৰে ক’ভিড-১৯ৰ বিৰুদ্ধে সন্মুখীন হোৱাত অগ্ৰণী ভূমিকা পালন কৰিছে৷ ৰাজহুৱা স্বাস্থ্য সেৱাৰ ফলত দুখীয়াসকলৰ বাবে মহামাৰীৰ সন্মুখীন হোৱাটো সম্ভৱ হৈ পৰিছে৷ সেয়ে ৰাজহুৱা স্বাস্থ্য সুবিধাক অধিক ব্যাপক আৰু সুদৃঢ় কৰি তুলিব লাগিব৷

১৮.  চতুৰ্থটো শিকনিৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ সৈতে সম্বন্ধ আছে৷  এই বিশ্বজনীন মহামাৰীৰ পৰা বিজ্ঞান আৰু প্ৰযুক্তিক দ্ৰুত গতিত বিকশিত কৰাৰ আৱশ্যকতাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে৷ লকডাউন আৰু আনলক প্ৰক্ৰিয়াৰ সময়ছোৱাত শাসন, শিক্ষা, ব্যৱসায়, কাৰ্যালয়ৰ কাম-কাজ আৰু সামাজিক সম্পৰ্কৰ প্ৰভাৱী মাধ্যমৰ ৰূপত তথ্য আৰু যোগাযোগ ব্যৱস্থাক আদৰি লোৱা হৈছে৷ এই মাধ্যমৰ জৰিয়তে সকলো ভাৰতীয়ৰ জীৱন ৰক্ষা কৰা আৰু কাম-কাজসমূহৰ পুনৰাম্ভ কৰাৰ উদ্দেশ্যক একে সময়তে প্ৰাপ্ত কৰাত সহায়ক হৈছে৷ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ কাৰ্যালয়, নিজৰ কামসমূহৰ বাবে বৃহৎ পৰিসৰত ভাৰ্চুৱেল ইণ্টাৰফে’চৰ ব্যৱহাৰ কৰা হৈছে৷ ন্যায় প্ৰদানৰ বাবে ন্যায়পালিকাই ভাৰ্চুৱেল ন্যায়ালয়ৰ ব্যৱস্থাক আদৰি লৈছে৷ ভাৰ্চুৱেল সন্মিলন আয়োজিত কৰাৰ বাবে তথা অন্য অনেক গতিবিধি সম্পন্ন কৰাৰ বাবে ৰাষ্ট্ৰপতি ভৱনতো আমি প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছো৷ তথ্য প্ৰযুক্তি আৰু যোগাযোগ উপকৰণৰ সহায়ত দূৰ শিক্ষা তথা ই-লাৰ্ণিঙে প্ৰসাৰণ লাভ কৰিছে৷   বিভিন্ন স্থানত এতিয়া ঘৰৰ পৰাই কাম কৰাৰ ব্যৱস্থা প্ৰচলন হৈছে৷ প্ৰযুক্তিৰ সহায়ত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ অনেক প্ৰতিষ্ঠানৰ দ্বাৰা সামান্য পৰ্যায়তকৈ অধিক কাম কৰি অৰ্থব্যৱস্থাক গতি প্ৰদান কৰা হৈছে৷ এইদৰে প্ৰকৃতিৰ সৈতে সামঞ্জস্যতা ৰাখি বিজ্ঞান আৰু প্ৰযুক্তিক আঁকোৱালি আমাৰ অস্তিত্ব তথা বিকাশৰ নিৰন্তৰতাক বৰ্তাই ৰখাত সহায়ক হ’ব বুলি আমি শিকনি লাভ কৰিছো৷ 

১৯. এই সকলো শিকনি সমগ্ৰ মানৱতাৰ বাবে উপযোগী বুলি বিবেচিত হ’ব৷ আজিৰ তৰুণ প্ৰজন্মই ইয়াক ভালদৰে আঁকোৱালি লৈছে আৰু মোৰ সম্পূৰ্ণ বিশ্বাস যে এই তৰুণ প্ৰজন্মৰ হাতত ভাৰতৰ ভৱিষ্যৎ সুৰক্ষিত৷

২০. এই সময়ছোৱা আমাৰ বাবে অতিশয় কঠিন৷ আমাৰ যুৱ সমাজৰ সমস্যাসমূহ অধিক গম্ভীৰ৷ শিক্ষা প্ৰতিষ্ঠান বন্ধ হোৱাৰ ফলত আমাৰ সন্তানসকল চিন্তিত হৈছে আৰু তেওঁলোকে নিজৰ সপোন আৰু আকাংক্ষাক লৈ সন্দিহান হৈ পৰিছে৷ মই তেওঁলোকক ক’ব বিচাৰিম যে এই সংকটৰ পৰা আমি জয় লাভ কৰিম আৰু সেইবাবে নিজৰ সপোন পূৰণ কৰাৰ প্ৰয়াসত আপোনালোক সকলোৱে নিৰন্তৰে জড়িত হৈ থাকক৷ ইতিহাসত এনে অনুপ্ৰেৰণাদায়ী উদাহৰণ আছে য’ত বৃহৎ সংকট তথা প্ৰত্যাহ্বানৰ পিছতো সামাজিক, আৰ্থিক আৰু ৰাষ্ট্ৰৰ পুনৰ্নিমাণৰ কাম নতুন শক্তিৰ সৈতে কৰা হৈছে৷ মোৰ বিশ্বাস যে আমাপ দেশ আৰু যুৱ সমাজৰ ভৱিষ্যৎ উজ্বল হ’ব৷

২১. আমাৰ সন্তান আৰু যুৱ সমাজৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা অনুসৰি শিক্ষা প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ প্ৰণয়ন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মোৰ বিশ্বাস যে এই নীতিৰ দ্বাৰা গুণগতমানৰ নতুন শিক্ষা ব্যৱস্থা বিকশিত হ’ব যিয়ে আগন্তুক ভৱিষ্যতৰ প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰি নতুন ভাৰতৰ পথ প্ৰদৰ্শিত কৰিব৷ আমাৰ যুৱ সমাজে নিজৰ ৰুচি আৰু প্ৰতিভা অনুসৰি নিজৰ বিষয় বাচনি কৰাৰ সুবিধা লাভ কৰিব৷ তেওঁলোকে নিজৰ ক্ষমতা বিকশিত কৰাৰ সুবিধা লাভ কৰিব৷ আমাৰ ভাবী প্ৰজন্মই এই যোগ্যতাসমূহৰ ফলত কেৱল কৰ্ম সংস্থাপন লাভ কৰাত সমৰ্থ হোৱাই নহয় বৰঞ্চ আনৰ বাবে নিয়োজনৰ ব্যৱস্থা কৰিব পাৰিব৷

২২. ৰাষ্ট্ৰীয় শিক্ষা নীতি এক দুৰদৰ্শী তথা দুৰদৃষ্টিসম্পন্ন নীতি৷ ইয়াৰ দ্বাৰা শিক্ষাত ‘অন্তৰ্ভুক্তিকৰণ’, ‘উদ্ভাৱন’ আৰু ‘অনুষ্ঠান’ৰ সংস্কৃতি অধিক শক্তিশালী হ’ব৷ নতুন শিক্ষা নীতিৰ অধীনত মাতৃভাষাত অধ্যয়নৰ গুৰুত্ব প্ৰদান কৰা হৈছে যাৰ দ্বাৰা ই সহজে পুষ্পিত-পল্লৱিত হ’ব৷ লগতে ভাৰতৰ সকলো ভাষা আৰু ভাৰতৰ ঐক্যতাই আৱশ্যকীয় বল লাভ কৰিব৷ কোনো এখন দেশ শক্তিশালী হোৱাৰ বাবে সেই দেশৰ যুৱ সমাজ সৱলীকৃত হোৱাটো আৱশ্যক আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি এই দিশত এক বৃহৎ অৱকাশ হিচাপে বিবেচিত হ’ব৷

 

মৰমৰ দেশবাসীসকল,

২৩. কেৱল দহ দিন পূৰ্বে অযোধ্যাত শ্ৰীৰাম জন্মভূমিত মন্দিৰ নিৰ্মাণৰ শুভাৰম্ভ হৈছে আৰু দেশবাসীসকলে গৌৰৱ অনুভৱ কৰিছে৷ দেশবাসীয়ে দীৰ্ঘসময় ধৰি ধৈৰ্য আৰু সংযমৰ পৰিচয় প্ৰদান কৰিছে আৰু দেশৰ ন্যায় ব্যৱস্থাত সদায়েই আস্থা বৰ্তাই ৰাখিছে৷ শ্ৰীৰাম জন্মভূমি সম্পৰ্কীয় ন্যায়িক প্ৰকৰণকো সমুচিত ন্যায় প্ৰক্ৰিয়াৰ অধীনত সমাধান কৰা হৈছে৷ সকলো পক্ষ আৰু দেশবাসীয়ে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক সম্পূৰ্ণ সন্মানৰ সৈতে স্বীকাৰ কৰিছে আৰু শান্তি, অহিংসা, প্ৰেম তথা সৌহাৰ্দ্যৰ জীৱন মূল্যবোধক বিশ্বৰ সন্মুখত পুনৰ স্থাপিত কৰিছে৷ ইয়াৰ বাবে মই সমূহ দেশবাসীক শুভেচ্ছা জনাইছো৷

 

মোৰ মৰমৰ দেশবাসীসকল,

২৪. যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল, তেতিয়া কিছুমান লোকে গণতান্ত্ৰিক ব্যৱস্থা সফল নহ’ব বুলি আশংকা প্ৰকাশ কৰিছিল৷ তেওঁলোকে আমাৰ প্ৰাচীন পৰম্পৰা আৰু বহুধাভিত্তিক বৈচিত্ৰতাক আমাৰ ৰাজ্য-ব্যৱস্থাৰ গণতন্ত্ৰীকৰণৰ পথত বাধা বুলি ভাবিছিল৷ কিন্তু আমি আমাৰ পৰম্পৰা আৰু বৈচিত্ৰতাক সদায়েই নিজৰ শক্তি বুলি গণ্য কৰি সেইসমূহৰ সংৰ্বধন কৰিলো আৰু সেইবাবে বিশ্বৰ ভিতৰতে আমি সবাতোকৈ বৃহৎ গণতন্ত্ৰ বুলি পৰিগণিত হৈছো৷ মানৱতাৰ কল্যাণৰ বাবে ভাৰতে অগ্ৰণী ভূমিকা পালন কৰিব লাগিব৷

২৫. আপোনালোক সমূহ দেশবাসীয়ে এই বিশ্বজনীন মহামাৰীৰ সন্মুখীন হোৱাত যি প্ৰত্যুৎপন্নমিতা আৰু ধৈৰ্যৰ পৰিচয় দিছে তাৰ প্ৰশংসা সমগ্ৰ বিশ্বতে হ’বলৈ ধৰিছে৷ মোৰ বিশ্বাস যে আপোনালোকে এইদৰে সতৰ্কতা আৰু দায়িত্বশীলতাৰ পৰিচয় দি থাকিব৷

২৬. আমাৰ ওচৰত বিশ্ব সম্প্ৰদায়ক দিবলৈ বহুত কিবা-কিবি আছে, বিশেষকৈ বৌদ্ধিক, আধ্যাত্মিক আৰু বিশ্ব শান্তিৰ ক্ষেত্ৰত৷ এই লোক মংগলৰ ভাৱনাৰ সৈতে মই সমগ্ৰ বিশ্বৰ কল্যাণৰ বাবে প্ৰাৰ্থনা জনাইছোঃ

সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়াঃ৷

সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কচ্ছিত্ দুখভাগ্ ভৱেত৷৷

অৰ্থাৎ

সকলো সুখী থাকক, সকলো ৰোগমুক্ত হৈ থাকক, সকলো লোকে কল্যাণৰ প্ৰতি মনোযোগ দিয়ক আৰু কোনেও যাতে দুখৰ সন্মুখীন হ’বলগীয়া নহয়৷

সম্পূৰ্ণ বিশ্বৰ কল্যাণৰ এই বাৰ্তা মানৱতাৰ বাবে, ভাৰতৰ এক অতুলনীয় উপহাৰ হিচাপে বিবেচিত হৈছে৷

২৭. পুনৰবাৰ আপোনালোক সকলোকে ৭৪তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি আপোনালোক সকলোৰে সুস্বাস্থ্য তথা সুন্দৰ ভৱিষ্যতৰ কামনা কৰিছো৷

 

ধন্যবাদ,

জয় হিন্দ!

******

VRRK/AKP/MANN



(Release ID: 1646205) Visitor Counter : 286