যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

আগন্তুক ১০০০দিনৰ ভিতৰত দেশৰ প্ৰতিখন গাঁৱকে ‘অপ্টিকেল ফাইবাৰ কেবল’(অএফচি)ৰে সংযুক্ত কৰা হ’ব : প্ৰধানমন্ত্ৰী

১০০০ দিনৰ ভিতৰতে সমুদ্ৰ বক্ষৰে পাৰ কৰি নিয়া ‘অপ্টিকেল ফাইবাৰ কেবল’-ৰে লাক্ষাদ্বীপকো সংযুক্ত কৰা হ’ব

Posted On: 15 AUG 2020 4:55PM by PIB Guwahati

আগন্তুক ১০০০দিনৰ ভিতৰত দেশৰ প্ৰতিখন গাঁৱকে ‘অপ্টিকেল ফাইবাৰ কেবল’(অএফচি)ৰে সংযুক্ত কৰা হ’ব। দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লা প্ৰাংগণৰ পৰা আজি প্ৰদান কৰা ভাষণত এই কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে। এই প্ৰসংগত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনত দেশৰ ৫ ডজন গাঁও-পঞ্চায়তকহে ‘অপ্টিকেল ফাইবাৰ কেবল’ৰে সংযুক্ত কৰা হৈছিল। ইয়াৰ বিপৰীতে যোৱা পাঁচোটা বছৰত দেশৰ প্ৰায় ১.৫ লাখ গাঁও পঞ্চায়তক এই ব্যৱস্থাৰে সংযুক্ত কৰা হৈছে বুলি তথ্য উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। ভাৰতৰ উন্নয়ণৰ গতিধাৰাক সমতুলতা প্ৰদান কৰাৰ বাবেই ‘ডিজিটেল ইণ্ডিয়া’-ত গ্ৰাম্য ভাৰত আৰু গাঁওসমূহৰ অংশগ্ৰহণ নিতান্তই গুৰুত্বপূৰ্ণ বুলি তেওঁ অভিমত ব্যক্ত কৰে। এই কথা সম্ভৱ কৰি তোলাৰ বাবেই আমি দ্ৰুত গতিত ‘অপ্টিকেল কেবলৰ নেটৱৰ্ক’ৰ পৰিসৰ বৃদ্ধিত গুৰুত্ব দিছো বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে আগন্তুক ১০০০দিনৰ ভিতৰত দেশৰ সৰ্বমুঠ ৬ লাখখন গাঁৱকে সংযুক্ত কৰিব পৰা যাব বুলি জানিবলৈ দিয়ে।

স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ প্ৰসংগটো উল্লেখ কৰাৰ বাবে ‘ইলেক্ট্ৰনিক আৰু তথ্য-প্ৰযুক্তি বিভাগ’ৰ মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদে কৃতজ্ঞতা প্ৰকাশ কৰে। এক টুইট বাৰ্তাত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, ‘ভাৰতৰ সকলো গাঁৱকে আগন্তুক ১০০০দিনৰ ভিতৰত ‘অপ্টিকেল ফাইবাৰ কেবল’ৰে সংযুক্ত কৰাৰ বাবে আজি আপুনি দূৰ-সংযোগ বিভাগক দায়িত্ব অৰ্পণ কৰিলে। ‘ডিজিটেল ইণ্ডিয়া’ কাৰ্যক্ৰমৰ বাবে ই এক পট-পৰিৱৰ্তনকাৰী ঘটনা হিচাপে পৰিগণিত হোৱা কথা। আপুনি আগবঢ়োৱা অনুপ্ৰেৰণাৰে আমি এই দায়িত্ব সফলতাৰে সম্পন্ন কৰি তুলিম’।

প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰসংগত অলপতে আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জক সমদ্ৰ বক্ষৰে পাৰ কৰি নিয়া ‘অপ্টিকেল ফাইবাৰ’ৰে সংযুক্ত কৰাৰ কথা উল্লেখ কৰাৰ লগতে একে পদ্ধতিৰে লাক্ষাদ্বীপকো ১০০০দিনৰ ভিতৰতে সমুদ্ৰ বক্ষৰে পাৰ কৰি নিয়া ‘অপ্টিকেল ফাইবাৰ কেবল’-ৰে সংযুক্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে।

RCJ/M/KB



(Release ID: 1646194) Visitor Counter : 236