প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিশেষ ব্যৱস্থাপনা হাতত লৈছে

Posted On: 14 AUG 2020 10:56AM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২০২০ৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱস উদযাপন উপলক্ষে লালকিল্লাৰ পতাকা উত্তোলনৰ বাবে বিশেষ ব্যৱস্থা গঢ়ি তুলিছে৷ কাৰ্যসূচীৰ সময়ত ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত সাৱধানতা আৰু ৰাষ্ট্ৰীয় সমাৰোহৰ পবিত্ৰতা আৰু গৰিমা অক্ষুণ্ণ ৰখাৰ বাবে সম্পূৰ্ণ ব্যৱস্থা হাতত লৈছে৷

  • জনসমাগম কম কৰা আৰু সামাজিক দূৰত্ব বজাই ৰাখি বহাৰ লগতে অহা-যোৱাত কোনো অসুবিধা নোহোৱাকৈ তক্তা আৰু কাৰ্পেটিঙৰ ব্যৱস্থা কৰা হৈছে৷ সকলো আমন্ত্ৰিত অতিথিৰ বাবে সুগম পথ সুনিশ্চিত কৰা আৰু লোকসকলক উপযুক্তভাৱে বহাৰ ব্যৱস্থা কৰি অতিৰিক্ত মেটেল ডিটেক্টৰযুক্ত পথৰ পৰা পৰ্যাপ্ত দূৰত্ব বজাই ৰখা হৈছে৷ বাহনৰ প্ৰৱেশ আৰু প্ৰস্তান সুচাৰুৰূপে কৰাৰ বাবে অধিকাশ পাৰ্কিং এলেকা ইটাৰে পকীকৰণ কৰা হৈছে৷
  • গাৰ্ড অফ অনাৰ ভাগ ল’বলগীয়া সুৰক্ষা কৰ্মীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক কোৱাৰেণ্টাইন ৰখা হৈছে৷
  • দিৱসত বহাৰ ক্ষেত্ৰত নিয়ম অনুসৰি দুই গজ দুৰত্বৰ ব্যৱধান ৰখা হৈছে৷
  • সমাৰোহত উপস্থিতি কেৱল নিমন্ত্ৰণৰ আধাৰত স্বীকৃতি দিয়া হৈছে, সেইবাবে যিসকল সদস্যক আনুষ্ঠানিক নিমন্ত্ৰণ নাই, তেওঁলোকক কাৰ্যসূচীস্থলীলৈ নাহিবলৈ অনুৰোধ জনোৱা হৈছে৷ বিষয়া, ৰাজনীতিবিদ, জনপ্ৰতিনিধি আৰু সংবাবদ মাধ্যমৰ বাবে প্ৰায় ৪,০০০ আমন্ত্ৰণী পত্ৰ জাৰি কৰিছে৷
  • সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এনচিচি কেডেটক সমাৰোহত ভাগ লোৱাৰ বাবে আমন্ত্ৰিত কৰা হৈছে আৰু তেওঁলোকক জ্ঞানপথত বহুওৱা হ’ব৷
  • আমন্ত্ৰিত অতিথিসকলে ক’ভিড-১৯ৰ সম্পৰ্কীয় সকলো সুৰক্ষাজনিত নিয়ম পালন কৰাৰ বিশেষ পৰামৰ্শ আগবঢ়োৱা হৈছে৷
  • সমাৰোহৰ সময়ত হ’বলগীয়া মাচপাষ্টো সামাজিক দূৰত্ব বজাই ৰাখি সম্পন্ন কৰা হ’ব৷
  • প্ৰৱেশৰ সময়ত কোনো ব্যক্তিৰ যদি ক’ভিড-১৯ৰ লক্ষণ দেখা পায়, তেনে ক্ষেত্ৰত সেই লোকসকলৰ চিকিসাৰ বাবে চাৰিটা বুথৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰে এটা প্ৰাচীৰ সমীপত, এটা মাধৱদাস পাৰ্কত আৰু আন দুটা ১৫ আগষ্ট পাৰ্কত স্থাপন কৰা হৈছে৷ ইয়াৰ সকলোতে এম্বুলেন্সৰ ব্যৱস্থা কৰা হৈছে৷
  • আমন্ত্ৰিত অতিথিসকলৰ বাবে সকলো প্ৰৱেশ পথত থাৰ্মেল স্ক্ৰিনিঙৰ ব্যৱস্থা কৰা হৈছে৷ লালকিল্লাৰ বাহিৰে-ভিতৰে স্বচ্ছতাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷
  • সকলো অতিথিয়ে মাস্ক পিন্ধিবলৈ অনুৰোধ কৰা হৈছে৷ কোনোবাই নিপিন্ধাকৈ আহিলে তেওঁলোকৰ বাবে মাস্ক আৰু হেণ্ড ছেনিটাইজাৰৰ ব্যৱস্থা কৰা হৈছে৷
  • এনচিচি কেডেটৰ পিছফালে, জ্ঞানপথত ফুলৰ ব্যৱস্থা কৰা হৈছে, যাতে সমগ্ৰ পৰিৱেশৰ শোভা বৰ্ধন কৰে৷

***

ABB/Nampi/KA/DK/Savvy/ADA/DB



(Release ID: 1645954) Visitor Counter : 164