প্ৰতিৰক্ষা মন্ত্ৰালয়

স্পষ্টীকৰণ : আমদানীৰ বাবে নেতিবাচক সামগ্ৰীৰ তালিকাত থলুৱা ভাবে উত্পাদিত সামগ্ৰীৰ নাম

प्रविष्टि तिथि: 10 AUG 2020 4:04PM by PIB Guwahati

যোৱা ৯ আগষ্টত প্ৰকাশিত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আমদানীৰ ক্ষেত্ৰত নেতিবাচক সামগ্ৰীৰ এক তালিকাত ভাৰতত উত্পাদিত লাইট কম্বাত এয়াৰ ক্ৰাফ্ট এলচিএ মাৰ্ক ১এ, পিণাকা ৰকেট ছীষ্টেম আৰু আকাশ মিছাইল ছীষ্টেমৰ নামো অন্তৰ্ভুক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰশ্ন উথ্থাপিত হোৱা পৰিলক্ষিত হৈছে। প্ৰণিধানযোগ্য যে, লাইট কম্বাত এয়াৰ ক্ৰাফ্ট এলচিএ মাৰ্ক ১এ, পিণাকা ৰকেট ছীষ্টেম আৰু আকাশ মিছাইল ছীষ্টেম আদিৰ দৰে সমৰাস্ত্ৰ শ্ৰেণীৰ উপকৰণ প্ৰতিৰক্ষা বাহিনীয়ে বান্ধি দিয়া গুণ-মান বিশিষ্টতাৰ আধাৰত নিৰ্মাণ কৰা বিশেষ উপকৰণ। এনেবোৰ উপকৰণ আন্তঃৰাষ্ট্ৰীয় বজাৰতো উপলব্ধ হৈ আহিছে।

এইসমূহ উপকৰণৰ নাম আমদানীৰ বাবে নেতিবাচক তালিকাৰ অন্তৰ্ভুক্ত হোৱাৰ অৰ্থই হল প্ৰতিৰক্ষা সেৱাই এনেবোৰ সামগ্ৰীৰ সৈতে অনুৰূপ ধৰণৰ সামগ্ৰী বাহিৰৰ পৰা ক্ৰয় কৰাৰ পৰা নিশ্চিত ভাবেই বিৰত থাকিব। একোটা সামগ্ৰী থলুৱা বুলি বিবেচিত হবলৈ হলে ইয়াৰ বাবে নিৰ্দ্ধাৰিত ন্যূনতম অৰ্হতাসমূহ পূৰণ কৰিব লাগিব। সেয়েহে, উত্পাদক প্ৰতিষ্ঠানসমূহেও থলুৱাকৰণৰ প্ৰক্ৰিয়াসমূহ পূৰণ কৰাতো নিশ্চিত কৰাৰ লগতে অনুমোদিত সীমা পৰ্যন্ত আমদানীৰ পৰিমাণ হ্ৰাস কৰাৰ ব্যৱস্থা কৰিব লাগিব।

সেয়েহে, এই স্পষ্টীকৰণৰ জৰিয়তে স্পষ্ট কৰি দিয়া হৈছে যে ভাৰতত নিৰ্মিত একাংশ উপকৰণৰ নাম এই তালিকাত অন্তৰ্ভুক্ত কৰাৰ দ্বাৰা এনে ধৰণৰ উপকৰণ অথবা এনে উপকৰণৰে সামঞ্জস্য থকা অথচ বিভিন্ন সময়ত ভিন্ন নামাকৰণৰে আমদানী তালিকাত অন্তৰ্ভুক্ত হৈ অহা সামগ্ৰীসমূহৰ আমদানী নিষিদ্ধ কৰা হৈছে।

****

ABB/Nampi/KA/DK/Savvy/ADA/KB


(रिलीज़ आईडी: 1645174) आगंतुक पटल : 315
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Odia , Tamil