গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

এখন দেশ এখন ৰেচন কাৰ্ড আঁচনিৰ সৈতে আজি সংযুক্ত হ’ল আৰু চাৰিখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

ৰেচন কাৰ্ডৰ ৰাষ্ট্ৰীয় বহনযোগ্যতাৰ জৰিয়তে মুঠ এনএফএছএ জনসংখ্যাৰ প্ৰায় ৮০শতাংশই এতিয়া এই ২৪ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত খাদ্য সামগ্ৰী গ্ৰহণ কৰিবলৈ সক্ষম হ’ব

Posted On: 01 AUG 2020 2:00PM by PIB Guwahati

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী ৰাম বিলাস পাছোৱানে আজি এখন দেশ এখন ৰেচন কাৰ্ড পৰিকল্পনাৰ অগ্ৰগতি সন্দৰ্ভত বুজ লয়। আৰু চাৰিখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল অৰ্থাত্ জন্মু আৰু কাশ্মীৰ, মণিপুৰ, নাগালেণ্ড আৰু উত্তৰাখণ্ডৰ প্ৰয়োজনীয় কাৰিকৰী প্ৰস্তুতিৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে ৰাষ্ট্ৰীয় বহনযোগ্যতাৰ বাবে বৰ্তমানে থকা ২০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে এই ৪ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলকো সংযুক্ত কৰি লৈছে। ইয়াৰ ফলত এতিয়া আজি ১আগষ্ট,২০২০ৰ পৰা কাৰ্য়কৰী হোৱাকৈ মুঠ ২৪খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক এক দেশ এক ৰেচন কাৰ্ডৰ অধীনত সামৰি লোৱা হৈছে।

 

এই ২৪ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে ক্ৰমে-অন্ধ্ৰ প্ৰদেশ, বিহাৰ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ, গোৱা গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, জন্মু-কাশ্মীৰ, ঝাৰখণ্ড,কৰ্ণাটক, কেৰালা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, উৰিষ্যা, পঞ্জাৱ, ৰাজস্থান, ছিকিম, তেলেংগানা, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড। ইয়াৰ সৈতে মুঠ এনএফএছএ জনসংখ্যাৰ প্ৰায় ৬৫কোটি (৮০ শতাংশ)   য়ে ৰেচন কাৰ্ডৰ ৰাষ্ট্ৰীয় বহনযোগ্যতাৰ জৰিয়তে এই ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ যিকোনো স্থানত খাদ্য সামগ্ৰী লাভ কৰিবলৈ সক্ষম হব। বাকী ৰোৱা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ২০২১ৰ মাৰ্চৰ ভিতৰত ৰাষ্ট্ৰীয় বহনযোগ্যতাৰ সৈতে সংযুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰিত কৰা গৈছে।

 

এক দেশ এক ৰেচন কাৰ্ড খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ২০১৩ চনৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ আওতাত সমস্ত হিতাধিকাৰীৰ খাদ্য সুৰক্ষাৰ অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰেই এই উদ্যোগ গ্ৰহণ কৰা হৈছে। এই পৰিকল্পনাত সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সহযোগিতাত ৰাজহুৱা বিতৰণৰ  ক্ষেত্ৰত সু-সংহত পৰিচালন ব্যৱস্থা গঢ়ি তোলাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ সুবিধাভোগী প্ৰব্ৰজিত শ্ৰমিকসকল, যিসকলে কামৰ সন্ধানত সঘনাই তেওঁলোকৰ বাসস্থান সলনি কৰে সেইসকলে বৰ্তমান এই ব্যৱস্থাৰ জৰিয়তে নিজস্ব বায়মেট্ৰিক ভিত্তিক ৰেচন কাৰ্ড নাইবা আধাৰৰ সৈতে সংযুক্ত ৰেচন কাৰ্ডৰ জৰিয়তে যিকোনো সুলভ মূল্যৰ দোকানৰ পৰা তেওঁলোকৰ খাদ্য সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব।

 

 ***************************************************************

APS/SG/MS/KG



(Release ID: 1643113) Visitor Counter : 169