যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

অন্তিম প্ৰান্তত টেলিকম সংযোগ প্ৰদানৰ লক্ষ্যৰে ৰেডিঅ’ নেটৱৰ্কৰ ওপৰত নিৰ্ভৰশীল ভাৰত এয়াৰফাইবাৰ উন্মোচন শ্ৰী সঞ্জয় ধট্ৰেৰ

Posted On: 02 AUG 2020 12:43PM by PIB Guwahati

ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন (HRD), ইলেকট্ৰনিক্স, কমিউনিকেশ্যন আৰু আইটি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় ধট্ৰেয়ে আজি মহাৰাষ্ট্ৰৰ অকোলাত “ভাৰত এয়াৰ ফাইবাৰ ছাৰ্ভিছ”ৰ উদ্বোধন কৰে। ভাৰত এয়াৰ ফাইবাৰ সেৱাৰ মুকলিৰ জৰিয়তে, অকোলা আৰু ৱাছিম জিলাৰ বাসিন্দাসকলে প্ৰয়োজনীয়তা অনুসৰি ৱাইৰলেছ ইন্টাৰনেট সংযোগ লাভ কৰিব।

ভাৰত চৰকাৰৰ ডিজিটেল ইণ্ডিয়া কাৰ্যক্ৰমৰ অংশ হিচাপে বিএছএনএলে উক্ত ভাৰত এয়াৰ ফাইবাৰ সেৱা আৰম্ভ কৰে আৰু ইয়াৰ উদ্দেশ্য হৈছে বিএছএনএলৰ স্থানৰপৰা ২০ কিঃমিঃ দূৰত্বলৈকে ৱাইৰলেছ সংযোগ প্ৰদান কৰা আৰু টেলিকম ইনফ্ৰাচট্ৰাকচাৰ পাৰ্টনাৰ (TIP) ৰ সহযোগত বিএছএনএলে প্ৰৱৰ্তন কৰা এই সুলভ সেৱাৰ জৰিয়তে অনগ্ৰসৰ এলেকাৰ উপভোক্তাসকলো লাভান্বিত হ’ব।

অকোলা আৰু ৱাছিম জিলাৰ বিএছএনএলৰ স্থানীয় বাণিজ্যিক অংশীদাৰসকলৰ জৰিয়তে বিএছএনএলে এই “ভাৰত এয়াৰ ফাইবাৰ ছাৰ্ভিছ” আগবঢ়াইছে আৰু এই সেৱাই নিমিষতে দ্ৰুত ইন্টাৰনেট সংযোগ আগবঢ়াব। এই সেৱা এইবাবেই বিশেষ আৰু আন অপাৰেটৰসকলৰপৰা পৃথক কিয়নো বিএছএনএলে আনলিমিটেড ফ্ৰী ভইছ কলিঙৰ সুবিধা আগবঢ়াইছে।

এই উচ্চ প্ৰযুক্তি সেৱাৰ জৰিয়তে বিএছএনএলে ইয়াৰ গ্ৰাহক ভিত্তি বৃদ্ধি কৰাই নহয়, একে সময়তে বিএছএনএলে টেলিকম ইনফ্ৰাচট্ৰাকচাৰ পাৰ্টনাৰ হিচাপে অকোলা আৰু ৱাছিম জিলাৰ স্থানীয় লোকসকললৈ বিএছএনএলৰে হাতে-হাত ধৰাৰো এটা বিশেষ সুযোগ আগবঢ়াইছে। তেওঁলোকে নিয়মীয়াকৈ মাহিলী প্ৰতি মাহে প্ৰায় এক লাখ উপাৰ্জন কৰিবলৈ সক্ষম হ’ব যাৰ জৰিয়তে ভাৰত চৰকাৰৰ “আত্ম নিৰ্ভৰ ভাৰত” ব্যৱস্থাৰ অধীনতে আত্ম-নিৰ্ভৰ হৈ উঠিব।

এই ভাৰত এয়াৰ ফাইবাৰ ছাৰ্ভিছে দ্ৰুততম ৱাইৰলেছ ইন্টাৰনেট সংযোগৰ এটা নতুন পথ মুকলি কৰাৰ সমান্তৰালভাৱে ব্যয়সাধ্য মূল্যত ভইছ ছাৰ্ভিছো প্ৰদান কৰিছে। বিএছএনএলে ১০০ Mbps স্পীডলৈকে ভাৰত এয়াৰ ফাইবাৰ সংযোগ আগবঢ়াইছে। ৱাইৰলাইন আৰু ৱাইৰলেছ ছেগমেন্টত বিএছএনএলে আকৰ্ষণীয় ব্ৰডবেণ্ড প্লেন আগবঢ়াই আছে আৰু লকডাউনৰ সময়ছোৱাত ইন্টাৰনেট সংযোগৰ বাবে বিএছএনএল হৈ পৰে অতিশয় বিশ্বাসযোগ্য ব্ৰেণ্ড যাৰ ফলস্বৰূপে চৰকাৰ আৰু বহু ব্যক্তিগত ফাৰ্মৰদ্বাৰা ব্যৱস্থা কৰা ৱৰ্ক ফ্ৰম হ’মৰ সফল ৰূপায়ণ হয়।

বিএছএনএলে সফলতাৰে লেণ্ডলাইন/ব্ৰডবেণ্ড আৰু ফাইবাৰ এফটিটিএইচ সংযোগ আগবঢ়াই আছে। জুলাই মাহৰ ২০ তাৰিখলৈকে, বিএছএনএলে মহাৰাষ্ট্ৰ চাৰ্কলত ১৫০০০ এফটিটিএইচ সংযোগ আগবঢ়ায় আৰু সমগ্ৰ ভাৰতত আগবঢ়োৱা এই সংযোগৰ পৰিমাণ হৈছে ১৬২০০০। মহামাৰী ক’ভিড-১৯ আৰু কঠোৰ লকডাউনৰ সময়ছোৱাতে এই লক্ষ্যণীয় সফলতা লাভ কৰা হয়।

ৱাইৰলেছ ভাৰত এয়াৰ ফাইবাৰ আৰম্ভৰদ্বাৰা, চাহিদা অনুসৰি ক্ষীপ্ৰতাৰে অধিক সংযোগ আগবঢ়োৱা হ’ব। বিএছএনএলে অকোলা আৰু ৱাছিম জিলাৰ সকলো জনসাধাৰণকে এই মানসম্পন্ন আৰু অতিশয় সুলভ সেৱা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

*************

RCJ/M/SB



(Release ID: 1643091) Visitor Counter : 200