স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ (CFR) তীব্ৰগতিৰে হ্ৰাস হৈ ২.২৫%ত অৱস্থান

মুঠ আৰোগ্য লাভৰ সংখ্যা অবিৰতভাৱে উৰ্ধ্বগামী, আজি ৯.৫ লাখ অতিক্ৰম

কালি ৩৫,০০০ ৰোধিকৰ আৰোগ্য লাভ

Posted On: 28 JUL 2020 3:01PM by PIB Guwahati

ভাৰতৰ আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ (CFR) তীব্ৰগতিৰে অৱনমিত হৈছে আৰু সম্প্ৰতি এই হাৰ হৈছে ২.২৫%। ইয়াৰ জৰিয়তে বিশ্বৰ মৃত্যুৰ হাৰ নিম্ন হৈ থকা দেশসমূহৰ ভিতৰত ভাৰতে ক্ৰমাগতভাৱে অন্যতম স্থান লাভ কৰি আহিছে। ঘৰে-ঘৰে গৈ কৰা সমীক্ষা, ক্ষীপ্ৰ টেষ্টিং আৰু যত্ন পদ্ধতিৰ সামগ্ৰিক মানদণ্ডৰ ভিত্তিত মানসম্পন্ন ক্লিনিকেল ব্যৱস্থাপনা প্ৰট’কলৰ জৰিয়তে নিয়ন্ত্ৰণ কৌশলৰ ফলপ্ৰসূ ৰূপায়ণৰ ফলশ্ৰুতিত এই সফলতা লাভ কৰা হৈছে। লক্ষণহীন ৰোগীসকলৰ কাৰণে হ’ম আইছ’লেশ্যনৰ তত্ত্বাৱধান কৰাত চিকিৎসালয়সমূহে লক্ষণ থকা জটিল অৱস্থাৰ ৰোগীসকলক সুচিকিৎসা প্ৰদান কৰা কাৰ্যই মৃত্যুৰ হাৰ হ্ৰাসত অৰিহণা যোগাইছে।

কেন্দ্ৰীয় চৰকাৰৰ তত্ত্বাৱধানত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহে জটিল ৰোগীসকলৰে ফলপ্ৰসূভাৱে মোকাবিলা কৰি মৃত্যুৰ হাৰ হ্ৰাস কৰাত গুৰুত্ব আৰোপ কৰাতেই তথা ক্ষেত্ৰ স্বাস্থ্য সেৱা কৰ্মীসকলক নিয়োগেৰে আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা থকা লোকসকলক যতন লোৱাত অগ্ৰাধিকাৰ প্ৰদান কৰাতেই সমগ্ৰ দেশত চিএফআৰ হ্ৰাস হৈ পৰিছে। জুনৰ মাজ ভাগত ৩.৩৩%ৰপৰা চিএফআৰ হ্ৰাস হৈ আজি ২.২৫%লৈ অৱনমিত হয়।

Slide1.JPG

ক্ষীপ্ৰ আৰু বিৰামহীন ৰোগী ব্যৱস্থাপনাৰ সৈতে থ্ৰী-টায়াৰ চিকিৎসালয় আন্তঃগাঁথনিৰ উন্নীতকৰণে ক্ৰমাগতভাৱে আৰোগ্য লাভ কৰা লোকৰ সংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে। একেৰাহে পঞ্চম দিনাৰ বাবে, ভাৰতত প্ৰতিদিনে ৩০,০০০ ৰোধিকে আৰোগ্য লাভ কৰি আহিছে। কেন্দ্ৰীয় আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ আৰম্ভণিতেই চিনাক্তকৰণ আৰু আইছ’লেশ্যনৰ মনোযোগী প্ৰচেষ্টা তথা চিকিৎসাধীন সকলৰ ফলপ্ৰসূ ক্লিনিকেল ব্যৱস্থাপনাৰ্থে নতুন দিল্লীস্থিত এইমছৰ বিশেষজ্ঞ গোটেৰে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ হাতে-হাত ধৰা প্ৰচেষ্টা আৰু কেন্দ্ৰীয় দলৰ পষেকীয়া ভ্ৰমণে মৃত্যুৰ হাৰৰ ক্ৰমাগত হাৰত প্ৰভূত বৰঙণি যোগাইছে।

Slide2.JPG

জুনৰ মাজভাগৰপৰা আৰোগ্য লাভৰ হাৰ প্ৰায় ৫৩%ৰপৰা তীব্ৰ গতিৰে বৃদ্ধি হৈ আজি এই হাৰ হয় ৬৪% ৰোধিক। যোৱা ২৪ ঘন্টাত ৩৫,১৭৬ গৰাকী ৰোগীক চিকিৎসালয়ৰপৰা ঘৰলৈ যাবলৈ দিয়াকে ধৰি আৰোগ্য লাভ কৰা লোকৰ মুঠ সংখ্যাটো হৈছে ৯,৫২,৭৪৩ জন।

আৰোগ্য লাভৰ সংখ্যা দৈনিক বৃদ্ধি পাব ধৰাত, আৰোগ্য লাভ কৰা আৰু আক্ৰান্ত হৈ থকা লোকৰ মাজৰ পাৰ্থক্যটোও ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বৰ্তমানে ই হৈছে ৪,৫৫,৭৫৫ জন। ইয়াৰ অৰ্থ হৈছে আক্ৰান্ত হৈ থকা লোকৰ প্ৰকৃত সংখ্যাটো হৈছে ৪,৯৬,৯৮৮ জন আৰু সকলোবোৰ মেডিকেল তত্ত্বাৱধানত আছে।

’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী বিষয়, নীতি-নিৰ্দেশনা আৰু পৰামৰ্শাৱলীৰ সকলো শুদ্ধ আৰু শেহতীয়া তথ্যৰ কাৰণে অনুগ্ৰহ কৰি নিয়মিতভাৱে https://www.mohfw.gov.in/ আৰু @MoHFW_INDIA চাওঁক।

’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী প্ৰশ্ন থাকিলে technicalquery.covid19[at]gov[dot]in আৰু আন প্ৰশ্ন থাকিলে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ প্ৰেৰণ কৰিব পাৰে।

’ভিড-১৯ সন্দৰ্ভত যিকোনো প্ৰশ্নৰ কাৰণে, অনুগ্ৰহ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ হেল্পলাইন নং: +91-11-23978046 বা 1075 (ট’ল-ফ্ৰী) ত ফোন কৰিব পাৰে। ক’ভিড-১৯ সন্দৰ্ভত ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হেল্পলাইন নম্বৰসমূহৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf তো উপলব্ধ।

****

MV/SG/SB



(Release ID: 1641920) Visitor Counter : 193