কৃষি মন্ত্ৰালয়

২৬-২৭ জুলাই, ২০২০ৰ নিশাৰ ভাগত ৰাজস্থান আৰু গুজৰাটৰ ১০খন জিলাৰ ৩৭টা স্থানত কাকতি ফৰিং নিয়ন্ত্ৰণ কাৰ্যসূচী হাতত লোৱা হয়

১১ এপ্ৰিলৰ পৰা ১০খন ৰাজ্যৰ প্ৰায় ৪.৩লাখ হেক্টৰ এলেকাত নিয়ন্ত্ৰণ কাৰ্যসূচী হাতত লোৱা হৈছে

Posted On: 27 JUL 2020 5:28PM by PIB Guwahati

২৬-২৭ জুলাই, ২০২০ত নিশাৰ ভাগত ৰাজস্থানৰ ০৯খন জিলা ক্ৰমে-জয়ছালমেৰ, বাৰ্মেৰ, যোধপুৰ, বিকানেৰ, চুৰু, ছিকাৰ, নগৌৰ, ঝুনঝুনু, হনুমানগড় আৰু শ্ৰীগংগানগৰ ৩৬টা স্থানত আৰু ৰাজস্থানৰ কচ্চ জিলাৰ এটা স্থানত এলচিঅ’ৰ দ্বাৰা কাকতি ফৰিং নিয়ন্ত্ৰণ অভিযান চলোৱা হয়৷

আজিৰ দিনটোত (২৭-০৭-২০২০)ৰাজস্থানৰ জয়ছালমেৰ, বাৰ্মেৰ, যোধপুৰ, বিকানেৰ, চুৰু, ছিকাৰ, নগৌৰ, ঝুনঝুনু, হনুমানগড় আৰু শ্ৰীগংগানগৰত আৰু ৰাজস্থানৰ কচ্চ জিলাৰ এটা স্থানত গুলপীয়া ৰঙৰ অপৰিপক্ক কাকতি ফৰিং, প্ৰাপ্তবয়স্ক হালধীয়া কাকতি ফৰিং নিয়ন্ত্ৰণ বা হোপাৰ সক্ৰিয় অৱস্থাত আছে৷

 

লকাষ্ট চাৰ্কোল অফিচে(এলচিঅ’) ১১ এপ্ৰিলৰ পৰা আৰম্ভ কৰা কাকতি ফৰিং নিয়ন্ত্ৰণ অভিযানৰ অধীনত ২৬ জুলাই, ২০২০লৈকে ৰাজস্থান, মধ্যপ্ৰদেশ, পাঞ্জাৱ, গুজৰাট, উত্তৰপ্ৰদেশ আৰু হাৰিয়ানাৰ ২,১৪,৬৪২ হেক্টৰকৈ এলেকাত কাৰ্য সম্পাদন কৰিছে৷ ইফালে, ৰাজস্থান, মধ্যপ্ৰদেশ, পাঞ্জাৱ, গুজৰাট, উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, চত্তীশগড়, হাৰিয়ানা, উত্তৰাখণ্ড আৰু বিহাৰত ৰাজ্য চৰকাৰসমূহেও ২,১৪,১৩০ হেক্টৰ ভূমিত নিয়ন্ত্ৰণ অভিযান চলাইছে৷

উল্লেখ্য যে ৰাজস্থানৰ কেইখনমান জিলা কিছু পৰিমাণে ক্ষতি হোৱাৰ বাদে বাকীবোৰ ৰাজ্যত বিশেষ ক্ষয়-ক্ষতিৰ তথ্য লাভ কৰা নাই৷

বৰ্তমান কাকতি ফৰিং নিয়ন্ত্ৰণ কাৰ্যসূচীত ৰাজস্থান আৰু গুজৰাটত ১০৪টা দলক স্প্ৰে ছতিওৱা কামত নিয়োজিত কৰা হৈছে৷ তদুপৰি, কেন্দ্ৰীয় চৰকাৰৰ ২০০গৰাকীতকৈ অধিক কৰ্মচাৰীও এই কাৰ্যত নিয়োজিত কৰা হৈছে৷ ইফালে, ৰাজস্থানৰ বাৰ্মেৰ, জয়ছালমেৰ, বিকানেৰ, নগৌৰ আৰু ফালোডিত ওখ গছসমূহত কীটনাশক ছতিওৱাৰ বাবে ৫টা কোম্পানীৰ ১৫খন দ্ৰোণ ব্যৱহাৰ কৰা হৈছে৷ আকাশ মাৰ্গৰ পৰা কীটনাশক ছতিওৱাৰ বাবে ৰাজস্থানত বেলি হেলিকপ্টাৰৰ উপৰি ভাৰতীয় বায়ু সেনাই পৰীক্ষামূলকভাৱে এমআই-১৭ হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে৷ এই পৰীক্ষণ ফলপ্ৰসূ হৈছে৷

খাদ্য আৰু কৃষি সংস্থাই ২১ জুলাই, ২০২০ত প্ৰকাশ কৰা কাকতি ফৰিং সম্পৰ্কীয় শেহতীয়া তথ্যই হৰ্ণ অফ আফ্ৰিকাৰ পৰা অহা সপ্তাহবোৰত এই ফৰিঙৰ উপদ্ৰৱ অধিক বৃদ্ধি পোৱাৰ ইংগিত বহন কৰিছে৷ ছোমিলিয়াত কাকতি ফৰিঙৰ জাক পূবলৈ ধাবিত হোৱা পৰিলক্ষিত হৈছে চলিত মাহতে ভাৰত মহাসাগৰ পাৰ হৈ ভাৰত-পাকিস্তান সীমান্ত এলেকাত আহি পোৱাৰ সম্ভাৱনা আছে৷

****

APS/SG/DB



(Release ID: 1641835) Visitor Counter : 200