বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

হিমালয়ৰ অৰুণাচল খণ্ডত চলোৱা ভূঁইকঁপ প্ৰবণতাৰ অধ্যয়নৰ তথ্য মতে ভূ-তলৰ দুটা স্তৰীয় গভীৰতাত উদ্ভৱ হয় নিম্নৰ পৰা কম প্ৰাবল্যৰ ভূঁইকঁপৰ

Posted On: 25 JUL 2020 4:04PM by PIB Guwahati

হিমালয়ৰ উদ্গমন আৰু সংবৰ্দ্ধন এক নিৰবিচ্চিন্ন প্ৰক্ৰিয়া; ই মূলতঃ ৰিভাৰ্ছ ফল্টৰ পৰিণতিব পাৰি পৃথিৱীৰ খোলাৰ ভাৰতীয় প্লেট আৰু ইউৰেছিয়ান প্লেটৰ অপঘাতৰ পৰিণতিয়েই এই প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। এই প্ৰক্ৰিয়াৰ ফলতে এই খণ্ডৰ ভূমি-সংৰচনা আৰু জল-প্ৰবাহৰ গতি-প্ৰকৃতিয়ে সততে স্বৰূপ পৰিৱৰ্তন কৰি আহিছে; হিমালয় পৰ্বতমালা আৰু ইয়াৰ উপকণ্ঠীয় অঞ্চলসমূহত ভূঁইকঁপৰ প্ৰবল সমস্যাৰ সৃষ্টিৰ মূল কাৰণো ইয়েই। স্বাভাৱিকতেই এনেবোৰ প্ৰসংগই এইটো অঞ্চলত কোনো প্ৰকল্প নিৰ্মাণৰ কাম-কাজ আগবঢ়োৱাৰ পূৰ্বে অঞ্চলটোৰ ভূঁইকঁপৰ কাৰণ, ইয়াৰ উত্পত্তিৰ গভীৰতা আৰু প্ৰাবল্যৰ অধ্যয়ণ কৰাতো নিতান্তই প্ৰাসংগিক কৰি তুলিছে।

পূৱ হিমালয়ৰ এক গুৰুত্বপূৰ্ণ অংশ হটুটিং-টিড্ডিং ছুটুৰ জ(টিটিএছজেদ)এই অংশতে হিমালয়ে হঠাতে দক্ষিণমুৱা ভাঁজ লৈ ভাৰত-বাৰ্মা পৰ্বতমালাৰে সংযুক্ত হৈছে। শেহতীয়া ভাবে হিমালয়ৰ অৰুণাচলপ্ৰান্তৰ এইটো খণ্ডই বিশেষ গুৰুত্ব লাভ কৰা পৰিলক্ষিত হৈছে। কিয়নো এইটো অঞ্চলত এলানি স্থলপথ আৰু জলবিদ্যুত্ প্ৰকল্প নিৰ্মাণৰ প্ৰয়োজনীয়তা আহি পৰাৰ ফলতে অঞ্চলটোৰ ভূঁইকঁপৰ বাশিষ্ট্যৰ অধ্যয়ন জৰুৰী হৈ উঠিছে।

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ স্বতন্ত্ৰ বিদ্যায়তনিক প্ৰতিষ্ঠান ৱাডিয়া ইনষ্টিটিউট অব হিমালয়ান জিঅলজী(ডব্লিউআইএইচজি)য়ে শিলৰ স্থিতিস্থাপক চৰিত্ৰ আৰু ভাৰতৰ আটাইতকৈ পূৰ্ব-প্ৰান্তৰ অঞ্চলটোত ভূঁইকঁপৰ প্ৰবণতা সন্দৰ্ভত চলোৱা এক অধ্যয়নত লাভ কৰা তথ্য মতে অঞ্চলটোৰ দুই ভিন্ন স্তৰীয় গভীৰতাত কম প্ৰাবল্যৰ ভূঁইকঁপৰ উদ্ভৱ হয়। পৃথিৱীৰ খোলাৰ ১-১৫ কিলোমিটাৰ গভীৰতা উদ্ভৱ হোৱা ভূঁইকঁপবোৰ নিম্ন প্ৰাবল্যৰ হোৱাৰ বিপৰীতে ৪.০তকৈ সামান্য ওপৰৰ প্ৰাবল্যৰ ভূঁইকঁপবোৰৰ সৰহ সংখ্যেকেই উদ্ভৱ হয় ২৫-৩৫ কিলোমিটাৰ গভীৰতাত। ইয়াৰ মাজৰ গভীৰতাখিনিত ভূঁইকঁপ উদ্ভৱ হোৱাৰ সম্ভাৱনা শূণ্য হয় আৰু এই অংশ তৰল আৰু আংশিকভাবে গলিত দ্ৰব্যৰে ভৰপূৰ হয়।

এই অঞ্চলত পৃথিৱীৰ খোলাৰ গাঢ়তা ব্ৰক্ষ্মপুত্ৰ উপত্যকাত ৪৬.৭ কিলোমিটাৰ আৰু অৰুণাচলৰ অংশত সামান্য উথ্থানৰে খোলা আৰু সাঁহৰ মাজত সীমাৰেখা টানি সৃষ্টি কৰা ব্যৱধানৰে প্ৰায় ৫৫কিলোমিটাৰ মান হয়গৈ। এই ব্যৱধানক কাৰিকৰী ভাষাত ডিছকণ্টিনিউটী বোলা হয়।

অধ্যয়নৰ তথ্যমতে, টুটিং-টিড্ডিং ছুটুৰ জআটাইতকৈ সংকটপূৰ্ণ আনুপাতিক ক্ষেত্ৰটো হল লোহিত উপত্যকাৰ অংশটো। এই অংশটোৰ স্তৰীয় গাঢ়তাত তৰল আৰু আংশিক গলিত দ্ৰব্যৰ উপস্থিতিৰ সংকেত লাভ কৰা হৈছে। সেয়ে বিস্তৃত ভাবে কৰা এই অধ্যয়নে ভৱিষ্যতে এই অঞ্চলত নিৰ্মাণ কৰিবলগীয়া যিকোনো বৃহত্ প্ৰকল্পৰ পৰিকল্পনা যুগুতোৱাৰ ক্ষেত্ৰত নিশ্চিত ভাবে সহায়ক হব।

বিজ্ঞানী ড০ দেৱজিত হাজৰিকাৰ নেতৃত্বত যোৱা অধ্যয়নকাৰী দলটোৱে লোহিত নৈৰ উপত্যকা অঞ্চলত ১১টা ব্ৰডবেণ্ড ভূঁইকঁপ কেন্দ্ৰ স্থাপন কৰিছে। শিলৰ স্থিতিস্থাপক চৰিত্ৰ আৰু ভাৰতৰ আটাইতকৈ পূৰ্ব-প্ৰান্তৰ অঞ্চলটোত ভূঁইকঁপৰ প্ৰবণতা সন্দৰ্ভত কৰাৰ অধ্যয়নৰ প্ৰতিবেদন ইতিমধ্যে জাৰ্ণেল অব এছীয়ান আৰ্থ ছায়েন্সত প্ৰকাশিত হৈছে।

 (Publication link:

https://doi.org/10.1016/j.jseaes.2019.104099 )

NB/KGS/(DST Media Cell)/KB



(Release ID: 1641455) Visitor Counter : 177